ETV Bharat / state

Actor Leonardo DiCaprio : কাজিৰঙাৰ এশিঙীয়াক লৈ কি ক’লে হলীউডৰ লিওনাৰ্ডোৱে ?

author img

By

Published : Feb 9, 2023, 7:41 PM IST

Updated : Feb 9, 2023, 7:46 PM IST

2022 বৰ্ষত এটাও গঁড় হত্যা নহ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷ এই খবৰে সন্তুষ্ট কৰিছে টাইটানিকখ্যাত প্ৰখ্যাত অভিনেতা লিওনাৰ্ডো ডিকেপ্ৰিঅ'ক ৷ এই সন্দৰ্ভত অভিনেতা তথা প্ৰকৃতিপ্ৰেমীগৰাকীয়ে ইনষ্টাগ্ৰাম যোগে মন্তব্য আগবঢ়াইছে (Leonardo DiCaprio lauds Assam govt)৷

Actor Leonardo DiCaprio
হলীউড অভিনেতা লিওনাৰ্ডো ডিকেপ্ৰিঅ

নিউজ ডেস্ক, 9 ফেব্ৰুৱাৰী : হলীউড অভিনেতা লিওনাৰ্ডো ডিকেপ্ৰিঅ'ই অসম চৰকাৰক প্ৰশংসা কৰিছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গঁড় হত্যাৰ ৰোধৰ ক্ষেত্ৰত চৰকাৰৰ সফল পদক্ষেপৰ শলাগ ল’লে লিওনাৰ্ডো ডিকেপ্ৰিঅ'ই ৷ বিপদাপন্ন এশিঙীয়া গঁড়ৰ চোৰাং চিকাৰ বন্ধ কৰাৰ বাবে অসম চৰকাৰক প্ৰশংসা কৰে প্ৰখ্যাত অভিনেতাগৰাকীয়ে (Leonardo DiCaprio lauds Assam govt)৷

এক তথ্যৰ উদ্ধৃতি দি টাইটানিকৰ নায়কগৰাকীয়ে (Titanic movie hero) কয় যে ১৯৭৭ চনৰ পাছত প্ৰথমবাৰৰ বাবে বিশ্বৰ সৰ্ববৃহৎ এশিঙীয়া গঁড়ৰ সংৰক্ষণস্থলী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰ বন্ধ হৈছে ৷ তেওঁ কয় যে 2000 চনৰ পৰা 2021 চনৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যানখনত 190 টা এশিঙীয়া গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰিছিল (Rhino poaching in Kaziranga)৷ কিন্তু বিগত বৰ্ষ অৰ্থাৎ 2022 বৰ্ষত এটাও গঁড় চিকাৰ কৰিবলৈ সক্ষম নহ’ল চোৰাং চিকাৰীয়ে ৷ অসম চৰকাৰ আৰু বিশ্বৰ সৰ্ববৃহৎ নিউজ এজেঞ্চী ৰয়টাৰ্ছৰ তথ্যৰ ভিত্তিত অভিনেতাগৰাকীয়ে কয় যে ইয়াৰ পূৰ্বে 1977 চনত এটাও গঁড় চিকাৰ হোৱা নাছিল ৰাষ্ট্ৰীয় উদ্যানখনত ৷

ইনষ্টাগ্ৰাম পোষ্টটোত হলীউডৰ প্ৰখ্যাত অভিনেতাগৰাকীয়ে কয়, ‘‘২০০০ চনৰ পৰা ২০২১ চনৰ ভিতৰত প্ৰায় ১৯০ টা এশিঙীয়া গঁড় হত্যা কৰাৰ পাছত 2021 চনত ভাৰতৰ অসম ৰাজ্যৰ চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত (Kaziranga National Park) এশিঙীয়া গঁড়ৰ চোৰাং চিকাৰ বন্ধ কৰাৰ চেষ্টা কৰিছিল ৷ ২০২২ চনত তেওঁলোকে তেওঁলোকৰ লক্ষ্যত উপনীত হৈছিল আৰু 1977 চনৰ পাছত প্ৰথমবাৰৰ বাবে অঞ্চলটোত কোনো গঁড় চিকাৰ কৰা হোৱা নাছিল ৷"

লগতে তেওঁ কয়, ‘‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২,২০০ টা এশিঙীয়া গঁড় আছে, যি বিশ্বত থকা গঁড়ৰ সংখ্যাৰ প্ৰায় দুই-তৃতীয়াংশ ৷ ভাৰতত এই বিজয়অধিক ভাল খবৰৰ সৈতে আহে, কিয়নো WWFৰ প্ৰতিবেদন অনুসৰি বিংশ শতিকাৰ আৰম্ভণিতে বিশ্বত গঁড়ৰ সংখ্যা প্ৰায় 200 ৰ পৰা প্ৰায় 3,700 লৈ বৃদ্ধি পায় ।’’

উল্লেখ্য যে, আমেৰিকাৰ প্ৰখ্যাত অভিনেতা তথা ছবি প্ৰযোজক লিওনাৰ্ডো ডিকেপ্ৰিঅ' এগৰাকী প্ৰকৃতিপ্ৰমীও ৷ Leonardo DiCaprio Foundation নামৰ এটা স্বেচ্ছাৱেসী সংগঠনৰ জৰিয়তে অভিনেতাগৰাকীয়ে বন্যপ্ৰাণী সুৰক্ষাৰ বাবে বিশ্বজুৰি পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ (ANI)

লগতে পঢ়ক: Hindenburg Research report on Adani firms : হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদনৰ তদন্ত সন্দৰ্ভত শুকুৰবাৰে হ'ব শুনানি

Last Updated :Feb 9, 2023, 7:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.