ETV Bharat / state

Lab Launch: অসম ডাউন টাউন বিশ্ববিদ্যালয়ত তিনিটা বিশেষ পৰীক্ষাগাৰ মুকলি

author img

By

Published : Aug 4, 2022, 12:38 PM IST

Three special laboratories were opened on Wednesday in ADTU
অসম ডাউন টাউন বিশ্ববিদ্যালয়ত তিনিটা বিশেষ পৰীক্ষাগাৰ মুকলি

আধুনিক চিকিৎসা বিজ্ঞানৰ শৈক্ষিক মানদণ্ড উন্নীত কৰণৰ স্বাৰ্থত, লগতে শিক্ষার্থী সকলৰ জ্ঞানৰ পৰিসৰ বিকাশৰ ক্ষেত্ৰত আৰু গৱেষক সকলৰ গৱেষণাৰ ক্ষেত্ৰত এক বিশেষ পৰিবৰ্তন আনিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ । বিশ্ববিদ্যালয়খনত বুধবাৰে মুকলি কৰে তিনিটা বিশেষ পৰীক্ষাগাৰ(Three special laboratories were opened on Wednesday in ADTU) ।

গুৱাহাটী,৩ আগষ্ট: অসম ডাউন টাউন বিশ্ববিদ্যালয়ত মুকলি হ'ল তিনিটা বিশেষ পৰীক্ষাগাৰ(Three special laboratories were opened on Wednesday in ADTU) । বুধবাৰে বিশ্ববিদ্যালয়খনৰ চৌহদত আধুনিক চিকিৎসা বিজ্ঞানৰ শৈক্ষিক মানদণ্ড উন্নীত কৰণৰ স্বাৰ্থত, লগতে শিক্ষার্থী সকলৰ জ্ঞানৰ পৰিসৰ বিকাশৰ ক্ষেত্ৰত আৰু গৱেষক সকলৰ গৱেষণাৰ ক্ষেত্ৰত এক বিশেষ পৰিবৰ্তন আনিবলৈ মুকলি কৰে লেবকেইটা ।

সেই বিশেষ তিনিটা পৰীক্ষাগাৰ হৈছে গেট লেব (Gait Lab), ইলেট্রমাগ্রাফি (Electromiography Studies lab) আৰু পালমনাৰি ফাঙ্কচন টেষ্ট লেবৰ লগতে স্পাৰমিটাৰ টেষ্ট (Pulmonary Function Test Lab with Spirometer) লেব । পৰীক্ষাগাৰ কেইটা শিক্ষাৰ্থীসকলৰ উৎকৰ্ষ সাধনত যথেষ্ট সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত তিনিটা বিশেষ পৰীক্ষাগাৰ মুকলি

মূলত গেট লেব হৈছে খোজ কঢ়া বিশ্লেষক বা গতি বিশ্লেষণ ব্যৱস্থা । খোজ কঢ়া বিশ্লেষণ হৈছে খোজ কঢ়াৰ চক্ৰত বা আন ক্ষেত্ৰত জৈৱযান্ত্ৰিক অস্বাভাৱিকতা চিনাক্ত কৰাৰ এক পদ্ধতি ৷ শব্দৰ দ্বাৰা, ই এজন ব্যক্তিৰ খোজ কঢ়া আৰু দৌৰাৰ ধৰণ মূল্যায়ন কৰিবলৈ ব্যৱহাৰ কৰা এটা সঁজুলি । এই ব্যৱস্থা অসমত প্ৰথম বাৰৰ বাবে অসম ডাউন টাউন বিশ্ববিদ্যালয়ত শুভাৰম্ভ কৰা হয় ।

লগতে পঢ়ক: Har Ghar Tiranga: গুজৰাটৰপৰা অসমৰ ডাকঘৰলৈ ৰাষ্ট্ৰীয় পতাকা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.