ETV Bharat / state

Protest in Guwahati on Manipur incident:মণিপুৰ কাণ্ডক লৈ গুৱাহাটীত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

author img

By

Published : Jul 20, 2023, 9:46 PM IST

Krishak and satra Mukti Sangram Samiti hold protest
কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ । মুখত কলা কাপোৰ বান্ধি মমবাতি জ্বলাই হাতে হাতে প্লেকাৰ্ড লৈ মণিপুৰ কাণ্ডৰ তীব্ৰ বিৰোধীতা । মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ আহ্বান তথা কামনা। শাসকৰ ব্যৰ্থতাৰ প্ৰতিবাদত আৰু ক্ষমতাতকৈ ৰাইজৰ জীৱন আৰু নিৰাপত্তাৰ বিষয়ত অধিক মনোযোগ দিয়াৰ দাবীত প্ৰতিবাদ।

কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

গুৱাহাটী,২০ জুলাই : মণিপুৰৰ অতি লজ্জাজনক আৰু অমানৱীয় ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ আহ্বান তথা কামনাৰে শাসকৰ ব্যৰ্থতাৰ প্ৰতিবাদত আৰু ক্ষমতাতকৈ ৰাইজৰ জীৱন আৰু নিৰাপত্তাৰ বিষয়ত অধিক মনোযোগ দিয়াৰ দাবীত আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত সংগঠন দুটাই ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

প্ৰতিবাদকাৰীসকলে মুখত কলা কাপোৰ বান্ধি মমবাতি জ্বলাই হাতে হাতে প্লে কাৰ্ড লৈ মণিপুৰ কাণ্ডৰ তীব্ৰ বিৰোধিতা কৰে । কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে মণিপুৰে দেশৰ প্ৰতিটো ক্ষেত্ৰলৈ নিজৰ বৰঙণি আগবঢ়াই আহিছে । মেৰি কম, মীৰা বাঈ চানু আদিৰ দৰে আন্ত:ৰাষ্ট্ৰীয় পদক বিজয়েৰে দেশক গৌৰাম্বিত কৰা ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ন্যূনতমো ব্যৱস্থা গ্ৰহণ নকৰি কেৱল ক্ষমতাৰ লালসাত গৃহযুদ্ধত ৰাজ্যখন ছাৰখাৰ হবলৈ এৰি দিয়া কাৰ্য কোনোপধ্যেই গ্ৰহণযোগ্য হ’ব নোৱাৰে । তেওঁ কয় যে এখন ফটো আৰু এটা ভিডিঅ’ই দেশক বিশ্বৰ আগত উলংগ কৰি দিলে । চৰকাৰখনে নিজৰ ভণ্ডামি আজি ক’ত লুকাব বুলি তেওঁ কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে ।

বৃহস্পতিবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত নেতৃত্ব দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদিকা অনিন্দিতা দাস আৰু চিৰাজ আলীয়ে । উল্লেখ্য যে, মানৱ সমাজক লজ্জানত কৰা মণিপুৰৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ । এক মানৱৰূপী পিশাচৰ দলে দুগৰাকীকৈ মহিলাক উলংগ কৰি পেৰেড কৰা ভিডিঅ'ই লজ্জিত কৰিছে দেশবাসীক । ঘটনাটো ৪ মে’ৰ যদিও এতিয়াহে পোহৰলৈ আহিছে । ৪ মে’ত মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথত পেৰেড কৰোৱা হৈছিল । আনকি দুগৰাকীক দলবদ্ধ বলাৎকাৰো কৰা হৈছিল । ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্তক । অন্য অভিযুক্তৰ বিৰুদ্ধেও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান । এই ঘটনাক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : Kuki Women Raped: ধর্ষণকাৰীক শাস্তিৰ দাবীত চুৰাচান্দপুৰত কুকি-জো জনগোষ্ঠীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.