ETV Bharat / state

Kuki Women Raped: ধর্ষণকাৰীক শাস্তিৰ দাবীত চুৰাচান্দপুৰত কুকি-জো জনগোষ্ঠীৰ প্ৰতিবাদ

author img

By

Published : Jul 20, 2023, 5:19 PM IST

মণিপুৰত দুগৰাকী কুকি মহিলাক দলবদ্ধ ধৰ্ষণ কৰি বিশাল সমদল উলিওৱা ঘটনাই কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে সৃষ্টি কৰিছে আলোড়ন ৷ এই জঘন্য় ঘটনাক কোনোৱে সহজভাৱে ল’ব পৰা নাই ৷ দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ বৃহস্পতিবাৰে মণিপুৰত ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে কুকি মহিলাসকলে ৷

Kuki Women Raped
Kuki Women Raped

ধর্ষণকাৰীক শাস্তিৰ দাবীত চুৰাচান্দপুৰত কুকি-জো জনগোষ্ঠীৰ প্ৰতিবাদ

তেজপুৰ, ২০ জুলাই: দুগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰা জঘন্য ঘটনাৰ বিৰুদ্ধে বৃহস্পতিবাৰে মণিপুৰৰ চুৰাচান্দপুৰ জিলাত কুকি -জো (Kuki Zo ) জনগোষ্ঠীয়ে এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ বাবে চৰকাৰক দাবী জনায় ৷

উল্লেখ্য যে বিগত ৪ মে’ত মণিপুৰৰ এদল নিকৃষ্ট মানসিকতাৰ অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে দুগৰাকী মহিলাক উলংগ কৰি সমদল কৰা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিচত মণিপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে এজন লোকক গ্ৰেপ্তাৰ কৰে ।

এই সন্দৰ্ভত বুধবাৰে থৌবাল জিলাৰ নংপক ছেকমাই থানাত অপহৰণ, দলবদ্ধ ধৰ্ষণ আৰু হত্যা ইত্যাদি গোচৰত এক গোচৰ ৰুজু কৰা হয় ৷ বৃহস্পতিবাৰে কুকি 'জো' জনগোষ্ঠীৰ লোকে মণিপুৰৰ চৰকাৰক পক্ষপাতমূলক নীতিৰ পৰা আঁতৰি ৰাজ্য চৰকাৰৰ পৰা ন্যায়ৰ দাবী কৰে, লগতে ধৰ্ষণকাৰীক শাস্তি প্ৰদানৰ দাবী জনায় ৷

প্ৰচণ্ড প্ৰতিকূল বতৰৰ মাজতে আজি কুকি জনগোষ্ঠীৰ লোকসকল একত্ৰিত হৈ চুৰাচান্দপুৰত খ্ৰীষ্টান ধৰ্মৰ বাণীৰে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে মণিপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে পেচি আৱাং লেকাইৰ এইচ ৰাজেন সিঙৰ পুত্ৰ হুইৰেম হেৰোদাছ সিং (৩২ বছৰ) নামৰ এজন অভিযুক্তক দুগৰাকী মহিলাৰ ওপৰত কৰা নৃশংস কাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ কৰে ।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এক টুইটযোগে জনায় কয়, ‘‘কালি প্ৰকাশ পোৱা দুখজনক ভিডিঅ’টোত দেখুওৱাৰ দৰে গভীৰভাৱে অসন্মানজনক আৰু অমানৱীয় কাৰ্য্যৰ বলি হোৱা মহিলা দুগৰাকীৰ প্ৰতি মোৰ হৃদয় বিদাৰক ৷ ভিডিঅ’টো ওলোৱাৰ লগে লগে ঘটনাটোৰ বিষয়ে গোচৰ গ্ৰহণ কৰাৰ পিচত মণিপুৰ আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰি আজি পুৱা প্ৰথমজন লোকক গ্ৰেপ্তাৰ কৰে । বৰ্তমান এক সম্যক তদন্ত চলি আছে আৰু আমি নিশ্চিত কৰিম যে মৃত্যুদণ্ডৰ সম্ভাৱনা বিবেচনা কৰাকে ধৰি সকলো অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হয় । ইয়াৰ পৰা জনা যাওক যে, আমাৰ সমাজত এনে জঘন্য কার্যৰ একেবাৰেই স্থান নাই ৷’’

  • My hearts go out to the two women who were subjected to a deeply disrespectful and inhumane act, as shown in the distressing video that surfaced yesterday. After taking a Suo-moto cognisance of the incident immediately after the video surfaced, the Manipur Police swung to action…

    — N.Biren Singh (@NBirenSingh) July 20, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে সামাজিক মাধ্যমৰ ফেচবুক, টুইটাৰ আদিৰ পৰা সেই ভিডিওটো বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰাৰ পিচতো মণিপুৰৰ বিভিন্ন স্থানৰ পৰা সেই ভিডিঅ’ পুনৰ সামাজিক মাধ্যমত নতুনকৈ উপলব্ধ হৈ আছে ৷

লগতে পঢ়ক: Manipur women naked paraded video : টুইটাৰ-সামাজিক মাধ্যমক ভিডিঅ' ডিলিট কৰাৰ আহ্বান চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.