ETV Bharat / state

গুৱাহাটী সীমান্তৰ সীমান্ত সুৰক্ষা বাহিনীৰ নতুন মহাপৰিদৰ্শকৰ দায়িত্বত কমলজিৎ সিং বন্যাল

author img

By

Published : Jun 6, 2022, 10:02 PM IST

kamaljit singh banyal took charege bsf ghy forntier
গুৱাহাটী সীমান্তৰ সীমান্ত সুৰক্ষা বাহিনীৰ নতুন মহাপৰিদৰ্শকৰ দায়িত্বত কমলজিৎ সিং বন্যাল

গুৱাহাটীৰ সীমান্ত সুৰক্ষা বাহিনীৰ সীমান্ত মুখ্য কাৰ্যালয়ৰ মহাপৰিদৰ্শক হিচাপে দায়িত্ব অৰ্পন কমলজিৎ সিঙ বন্যালক । বিভিন্ন স্পৰ্শতকাতৰ অঞ্চলত বিভিন্ন উচ্চ পদত কাম কৰাৰ অভিজ্ঞতাপুষ্ট বন্যালে সোমবাৰে গ্ৰহণ কৰে দায়িত্বভাৰ ।

গুৱাহাটী,৬ জুন: গুৱাহাটীৰ সীমান্ত সুৰক্ষা বাহিনীৰ সীমান্ত মুখ্য কাৰ্যালয়ৰ মহাপৰিদৰ্শকৰ দায়িত্বত কমলজিৎ বন্যাল । সোমবাৰে দায়িত্ব গ্ৰহণ কৰে বন্যালে । দক্ষতাৰে বহুকেইটা উচ্চ পদত নিজৰ দায়িত্ব সম্পন্ন কৰাৰ পাছত এইবাৰ বন্যালক এই দায়িত্বত নিয়োজিত কৰা হৈছে ।

বন্যাল BSF কেডাৰৰ ১৯৮৬ বৰ্ষৰ বিষয়া আছিল । তেওঁ ১৯৮৬ চনৰ ১৮ আগষ্টত সহকাৰী কমাণ্ডেণ্ট হিচাপে BSFত কৰ্মজীৱন আৰম্ভ কৰিছিল । তেওঁ ভাৰত-পাকিস্তানৰ ফৰ্চ হেডকোৱাৰ্টাৰ আৰু ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত, জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদ প্ৰৱণ অঞ্চলৰ লগতে উৰিষ্যাৰ নক্সাল প্ৰভাৱিত অঞ্চলসমূহত বিভিন্ন উচ্চ পদত কাম কৰাৰ যথেষ্ট অভিজ্ঞতা আছে ।

মহাপৰিদৰ্শকৰ দায়িত্ব গ্ৰহণ কৰি বন্যালে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অপৰাধ প্ৰতিৰোধৰ বাবে কাৰ্যকৰী সীমান্ত ব্যৱস্থাপনা প্ৰণালী প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে । লগতে তেওঁ দুয়োখন চুবুৰীয়া দেশৰ সীমান্ত ৰক্ষী বাহিনীৰ মাজত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক শক্তিশালী কৰাৰ লগতে সীমান্তৱৰ্তী অঞ্চলত বাস কৰা লোকসকলৰ মাজত নিৰাপত্তাৰ ভাৱনা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।

পূৰ্বতে সীমা সুৰক্ষা বল(BSF)ৰ ত্ৰিপুৰা সীমান্তৰ DIG ৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰি আছিল বন্যালে । সীমা সুৰক্ষা বল(BSF) ৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ আই জি (IG) সঞ্জয় সিঙ গেলটৰ স্থানত কমলজিৎ সিং বন্যালক বৰ্তমান দায়িত্ব অৰ্পন কৰা হয় ।

লগতে পঢ়ক: কাৰ্বি আংলঙত বিজেপি মিত্ৰজোঁটৰ জয় স্পষ্টঃ সৰ্বানন্দ সোণোৱাল

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.