ETV Bharat / state

স্থায়ী নিযুক্তিৰ দাবী জ্যোতিকেন্দ্ৰ শিক্ষাকর্মীৰ

author img

By

Published : Mar 7, 2022, 9:33 PM IST

jyoti-kendra-education-workers-press-meet-at-guwahati-press-club
স্থায়ী নিযুক্তিৰ দাবী জ্যোতিকেন্দ্ৰ শিক্ষাকর্মীৰ

শিক্ষাকৰ্মীৰ ন্যায্য প্ৰাপ্তি তথা বিভিন্ন সমস্যাক লৈ জ্যোতিকেন্দ্ৰ শিক্ষাকৰ্মীৰ সন্থাৰ সংবাদমেল (Jyoti Kendra teachers demanding pay hike) ৷ চৰকাৰ তথা শিক্ষা বিভাগক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো আজি পৰ্যন্ত কোনো সুফল নোপোৱাৰ অভিযোগ জ্যোতিকেন্দ্ৰ শিক্ষাকর্মীৰ ৷

গুৱাহাটী,৭ মাৰ্চ : বিগত ১৯ বছৰে কেৱল আশ্বাসতে সীমাবদ্ধ হৈ থাকিল ৰাজ্যৰ সৰ্বশিক্ষা অধীনৰ জ্যোতিকেন্দ্ৰ শিক্ষাকর্মীৰ প্ৰাপ্য । চৰকাৰ তথা শিক্ষা বিভাগক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো আজি পৰ্যন্ত কোনো সুফল নোপোৱাৰ অভিযোগ জ্যোতিকেন্দ্ৰ শিক্ষাকর্মীৰ ৷ এই সন্দৰ্ভত সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি জ্যোতিকেন্দ্ৰ শিক্ষাকর্মী সকলৰ বিভিন্ন জলন্ত সমস্যাৰ কথা ব্যক্ত কৰে শিক্ষাকর্মী সকলে (Jyoti kendra education workers press meet) ৷

ইফালে, আগন্তুক বাজেট অধিৱেশনতো যদি চৰকাৰে প্ৰাপ্য ফলাফল প্ৰদান নকৰে তেন্তে যিকোনো পৰিস্থিতি মুখামুখী হ'ব লাগিব বুলি সকিয়নী প্ৰদান কৰে সদৌ অসম জ্যোতিকেন্দ্ৰ শিক্ষাকৰ্মী সন্থাই । সৰ্বশিক্ষা অধীনত ৰাজ্যৰ পদপথৰ শিশু, বিভিন্ন শ্ৰমিক শিশুক (৬-১৪বছৰ) আক্ষৰিক জ্ঞানেৰে আলোকিত কৰি আহিছে জ্যোতিকেন্দ্ৰ শিক্ষাকর্মীসকলে । কিন্তু আজি পৰ্যন্ত প্ৰাপ্য নাপালে এইসকল শিক্ষাকর্মীয়ে ৷

নিয়মীয়া শিক্ষকৰ বাবে প্ৰয়োজনীয় সকলো যোগ্যতা আহৰণ কৰাৰ পাছতো শিক্ষকৰ পূৰ্ণ মৰ্যদা লাভ কৰা নাই এইসকল শিক্ষকে । উল্লেখ্য যে, বৰ্তমান ৰাজ্যত ৫২৭ টা জ্যোতিকেন্দ্ৰত ৮১৫ গৰাকী শিক্ষাকর্মীয়ে ২৫ হাজাৰ শিশুক শিক্ষা প্ৰদান কৰি আহিছে । যিসকল শিশু পদপথত বা কোনো ব্যক্তিৰ ঘৰত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে তেনে শিশুসকলক আক্ষৰিক জ্ঞান প্ৰদানেৰে জীৱন আলোকিত কৰিছে ।

কিন্তু অতি পৰিতাপৰ বিষয় যে, দুৰ্ভগীয়া শিশুসকলৰ জীৱন উজ্জ্বলাই তোলা এইসকল শিক্ষাকর্মীৰ আজি জীৱন প্ৰায় অন্ধকাৰ হৈ পৰিছে । চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা বন্ধ হৈ আছে শিক্ষাকৰ্মীসকলৰ মজুৰী । গুৰুত্বপূৰ্ণ কথা যে শিক্ষাকর্মী সকলে মাহিলী মজুৰী লাভ কৰে ৬৫০০ টকা ।

সংবাদমেলযোগে সন্থা সভানেত্ৰী মুনমুন চেতিয়াই কয় যে, "বর্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে শিক্ষামন্ত্ৰী হৈ থাঁকোতে পূৰ্ণ শিক্ষকৰূপে নিযুক্তি পাবলৈ দুবছৰীয়া প্ৰাথমিক শিক্ষকৰ যোগ্যতা পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ কৈছিল । সেই মৰ্মে সেয়া সম্পূৰ্ণ কৰিলোঁ । পৰৱৰ্তী সময়ত বিশেষ শিক্ষকৰ যোগ্যতা নিৰূপক পৰীক্ষাতো অৱৰ্তীন । কিন্তু বিশেষ পৰীক্ষাত কোনো ধৰণৰ বিশেষ সুবিধা প্ৰদান নকৰিলে ।

সৰ্বশিক্ষাৰ অধীনৰ জ্যোতিকেন্দ্ৰসমূহত ইউনিফৰ্মৰ পৰা আৰম্ভ কৰি মধ্যাহ্ন ভোজনৰ সকলো সুবিধা লাভ কৰিব লাগে কিন্তু সেইয়া শিক্ষাথীয়ে লাভ নকৰে । বিনামূলীয়া পাঠ্যপুথিৰ পৰাও বঞ্চিত শিক্ষাৰ্থী সকল ।পাঠ্যপুথিৰ অবিহনেই পাঠদান কৰাই পৰীক্ষাত বহিছে আমাৰ শিক্ষাৰ্থীয়ে ৷

আনহাতে অসমৰ চৰকাৰে এইসকল শিক্ষাকৰ্মীক পূৰ্ণ শিক্ষকৰূপে নিযুক্তি দিবলৈ ষ্টেনডিং এডুকেশ্বন কমিটিৰ প্ৰতিবেদনলৈ অপেক্ষা কৰিব লাগিব বুলি উল্লেখ কৰি আহিছে (Jyotikendra education workers demanding permanent appointment) । কমিটিয়ে পূৰ্ণ শিক্ষকৰূপে নিযুক্তি দিবলৈ বিভাগক পৰামৰ্শ দিছে যদিও সেয়া আগন্তুক বাজেট অধিৱেশনত কাৰ্যকৰী কৰিব লাগে বুলি সভানেত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক : মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ সন্দৰ্ভত ছেবাৰ গুৰুত্বপূৰ্ণ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.