ETV Bharat / state

By election in Majuli: মাজুলী সন্দৰ্ভত কি ক’লে সৰ্বানন্দ সোণোৱালে ?

author img

By

Published : Mar 7, 2022, 4:15 PM IST

মাজুলীত বিধানসভাৰ উপনিৰ্বাচন চলি থকাৰ সময়তে সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । জানো আহক মাজুলীৰ উপ-নিৰ্বাচন সন্দৰ্ভত কি ক’লে সোণোৱালে (sarbanada sonowal on majuli by election) ।

sarbanada-sonowal-comment-on-majuli-election
মাজুলী সন্দৰ্ভত কি ক’লে সৰ্বানন্দ সোণোৱাল ?

গুৱাহটী, ০৭মাৰ্চ: মাজুলীত বিধানসভাৰ উপনিৰ্বাচন চলি থকাৰ সময়তে সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে, মাজুলীত BJPৰ জয় নিশ্চিত । সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে মাজুলীত যে BJPৰ প্ৰাৰ্থী গৰাকী জয়ী হ'ব সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে ।

মাজুলীত বিধানসভাৰ উপনিৰ্বাচন চলি থকাৰ সময়তে সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তাৎপৰ্যপূৰ্ণ মন্তব্য ।

উল্লেখ্য যে সোমবাৰে পুৱাৰে ৭ বজাৰ পৰা আৰম্ভ হৈছে মাজুলীৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ । এই ভোটদান প্ৰক্ৰিয়া বিয়লি ৫ বজালৈ চলিব ৷ প্ৰাপ্ত তথ্য অনুসৰি, ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পৰা ১১ বজালৈ সম্পন্ন হৈছে ৩৪.৪০ শতাংশ ভোটদান ৷

উল্লেখ্য যে, জিলাখনৰ ২০৩ টা ভোটকেন্দ্ৰত আছে ১,৩৩,২২৭ গৰাকী ভোটাৰ ৷ জিলাখনৰ ১ লাখৰো অধিক ভোটাৰে আজি নিৰ্ণয় কৰিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গাম , বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী আৰু এছ ইউ চি আইৰ ভাইটি ৰিচঙৰ ভাগ্য ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সমষ্টিৰ বিধায়ক পদ এৰাৰ পাচতেই খালী হৈ আছিল মাজুলীৰ বিধায়কৰ পদটি । এই নিৰ্বাচনত যদিও তিনিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দীতা কৰিছে ৷ কিন্তু এই নিৰ্বাচনৰ মূল যুঁজখন বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গাম (Bjp Candidate Bhuban Gam) আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ মাজত হোৱাটো একপ্ৰকাৰে নিশ্চিত হৈছে ।

লগতে পঢ়ক: Majuli By Election 2022: ৭ মাৰ্চত কৰ্মচাৰীৰ বাবে বেতনসহ বন্ধ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.