ETV Bharat / state

মন্ত্রীৰূপে শপত ল’লে জয়ন্ত মল্ল বৰুৱা-নন্দিতা গাৰ্লোচাই

author img

By

Published : Jun 9, 2022, 4:31 PM IST

Updated : Jun 9, 2022, 6:24 PM IST

নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোচাই আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে । অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে দুয়োগৰাকী মন্ত্ৰীক গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় ।

মন্ত্রী হিচাপে শপত ললে জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই
মন্ত্রী হিচাপে শপত ললে জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই

গুৱাহাটী, 9 জুন: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত হ'ল দুই মন্ত্ৰী (Assam new minister)। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত স্থান পোৱা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোচাই আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে (Jayanta Malla Baruah Nandita Garlosa included in ministry)।

মন্ত্রীৰূপে শপত ললে জয়ন্ত মল্ল বৰুৱা-নন্দিতা গাৰ্লোচাই
মন্ত্রীৰূপে শপত ললে জয়ন্ত মল্ল বৰুৱা-নন্দিতা গাৰ্লোচাই

এই উপলক্ষ্যে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত শপত গ্ৰহণৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে দুয়োগৰাকী মন্ত্ৰীক গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় (Assam cabinet expansion) । অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে ধৰি শপত লোৱা দুই নতুন মন্ত্ৰীয়ে পৰম্পৰাগত সাজ-প‍োছাক পৰিধান কৰি শপত গ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণ কৰে ।

মন্ত্রীৰূপে শপত ল’লে জয়ন্ত মল্ল বৰুৱা-নন্দিতা গাৰ্লোচাই

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসমীয়াত আৰু নন্দিতা গাৰ্লোচাই ইংৰাজীত শপত লয় । শপত গ্ৰহণৰ অনুষ্ঠানত মন্ত্ৰী-বিধায়ককে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল (Assam cabinet list)।

লগতে পঢ়ক: প্ৰথমবাৰলৈ তিনি পাহাৰীয়া জিলাই পালে মহিলা মন্ত্ৰীঃ জিলা এখন, মন্ত্ৰী দুজন

Last Updated : Jun 9, 2022, 6:24 PM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.