ETV Bharat / state

প্ৰথমবাৰলৈ তিনি পাহাৰীয়া জিলাই পালে মহিলা মন্ত্ৰীঃ জিলা এখন, মন্ত্ৰী দুজন

author img

By

Published : Jun 9, 2022, 4:04 PM IST

তিনিখন পাহাৰীয়া জিলা কাৰ্বি আংলং,পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাওৰ ভিতৰত প্ৰথমগৰাকী মহিলা মন্ত্ৰী হিচাপে একপ্ৰকাৰ ইতিহাস ৰচনা কৰিলে নন্দিতা গাৰ্লোচাই । ইয়াৰ পূৰ্বে এই তিনিখন পাহাৰীয়া জিলাৰ পৰা কোনো মহিলা মন্ত্ৰী অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা নাছিল ।

প্ৰথমবাৰলৈ তিনি পাহাৰীয়া জিলাই পালে মহিলা মন্ত্ৰীঃ জিলা এখন, মন্ত্ৰী দুজন
প্ৰথমবাৰলৈ তিনি পাহাৰীয়া জিলাই পালে মহিলা মন্ত্ৰীঃ জিলা এখন, মন্ত্ৰী দুজন

নিউজ ডেস্ক, ৯ জুন: অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত আজি এক উল্লেখযোগ্য পৰিঘটনা পৰিলক্ষিত হ'ল । আজিৰ দিনটোতে অসমৰ একেখন জিলাৰ পৰা মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ল দুগৰাকীকৈ মন্ত্ৰী (Two ministers from same district)। নলবাৰী জিলাৰ প্ৰতিনিধিৰূপে ডঃ হিমন্তবিশ্ব শৰ্মা মন্ত্ৰীসভাত পূৰ্বৰে পৰাই আছিল চন্দ্ৰমোহন পাটোৱাৰী । সৰ্বানন্দ সোণোৱাল মন্ত্ৰ্ৰীসভাতো পৰিবহন আৰু উদ্যোগ বিভাগৰ দায়িত্বত থকা চন্দ্ৰমোহন পাটোৱাৰী ডঃ শৰ্মা মন্ত্ৰীসভাতো এই দুটা বিভাগৰ দায়িত্বত আছে ।

অ'তদিনে ৰাজ্যৰ মন্ত্ৰীসভাত পাটোৱাৰীয়েই একমাত্ৰ নলবাৰীৰ প্ৰতিনিধি আছিল যদিও আজিৰে পৰা মন্ত্ৰীসভাত জিলাখনক প্ৰতিনিধিত্ব কৰা মন্ত্ৰীৰ সংখ্যা দুজন হ'ল । নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ ৰাইজে পাটোৱাৰীক মন্ত্ৰীৰূপে পাই অহাৰ লগতে আজিৰে পৰা নলবাৰী সমষ্টিৰ ৰাইজেও জয়ন্তমল্ল বৰুৱাক মন্ত্ৰী হিচাপে লাভ কৰিলে । প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আমোলতে কংগ্ৰেছৰ বিধায়কৰূপে প্ৰথমবাৰলৈ জিকি আহি বিধানসভাত প্ৰবেশ কৰাৰ সৌভাগ্য হৈছিল জয়ন্তমল্ল বৰুৱাৰ (Jayanta Malla Baruah included in ministry) ।

সেই সময়ৰে পৰা ডঃ হিমন্তবিশ্ব শৰ্মাৰ একান্ত অনুগত বুলি পৰিচিত জয়ন্তমল্ল বৰুৱা পৰৱৰ্তী সময়ত যেতিয়া ডঃ হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বত কংগ্ৰেছত বিসম্বাদ আৰম্ভ হৈছিল তেতিয়া হৈ পৰিছিল "দাদা ব্ৰীগেড"ৰ অন্যতম সদস্য । এসময়ত ডঃ শৰ্মাৰ পিছে পিছে গৈ কংগ্ৰেছৰ পৰা বিজেপিৰ বৰঘৰত প্ৰবেশ কৰিছিল জয়ন্তমল্ল বৰুৱা । অৱশ্যে প্ৰবেশ কৰিছিল ঠিকেই, কিন্তু বিজেপিয়ে ২০১৬ ৰ নিৰ্বাচনত জয়ন্তমল্ল বৰুৱাক নলবাৰীত দলীয় প্ৰাৰ্থিত্ব দিয়া নাছিল । দিছিল অশোক শৰ্মাক ।

২০১৬ ৰ নিৰ্বাচনত নলবাৰীৰ পৰা জিকি আহিছিল অশোক শৰ্মা । কিন্তু এটা কথা ঠিক যে প্ৰাৰ্থিত্ব নিদিলেও বিজেপিয়ে অন্যধৰণে সাংগঠনিকভাবে সংস্থাপিত কৰিছিল তেওঁক । কেবিনেট মৰ্যাদা সহকাৰে তেওঁক নিযুক্তি দিয়া হৈছিল অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ পদত । নিযুক্তি দিয়া হৈছিল মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবৰূপেও । অৱশেষত আজি মন্ত্ৰীসভাতো অন্তৰ্ভুক্ত কৰা হ'ল জয়ন্তমল্ল বৰুৱাক । অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত আজি ঘটা আনটো গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিঘটনা হ'ল সুদীৰ্ঘ প্ৰায় ডেৰ দশকৰ পিছত পাহাৰীয়া জিলা ডিমা হাচাও (পূৰ্বৰ উত্তৰ কাছাৰ) ৰ পৰা মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ল কোনো এগৰাকী মন্ত্ৰী ।

হাফলং সমষ্টিৰ পৰা বিধায়কৰূপে ২০২১ ৰ বিধানসভা নিৰ্বাচনত জয়ী হৈ অহা নন্দিতা গাৰ্লোচাক আজি অন্তৰ্ভুক্ত কৰা হ'ল মন্ত্ৰীসভাত (Nandita Garlosa included in ministry)। তিনিখন পাহাৰীয়া জিলা কাৰ্বি আংলং,পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাওৰ ভিতৰত প্ৰথমগৰাকী মহিলা মন্ত্ৰী হিচাপে একপ্ৰকাৰ ইতিহাস ৰচনা কৰিলে নন্দিতা গাৰ্লোচাই (First woman minister among three hill districts of Assam)। ইয়াৰ পূৰ্বে এই তিনিখন পাহাৰীয়া জিলাৰ পৰা কোনো মহিলা মন্ত্ৰী অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা নাছিল । ২০০৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত কটন মহাবিদ্যালয়ৰ পৰা এম এছ চি ডিগ্ৰী গ্ৰহণ কৰা নন্দিতা গাৰ্লোচা ডিমা হাচাও স্বায়ত্বশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য পদতো অধিস্থিত হৈ আছিল ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অভিলেখ: গাডকাৰীৰ অভিনন্দন

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.