ETV Bharat / state

Japanese encephalitis in Assam: ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংক, ১৯ জনৰ মৃত্যু

author img

By

Published : Aug 10, 2023, 10:00 PM IST

Updated : Aug 10, 2023, 10:39 PM IST

Japanese encephalitis in Assam
ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংক

অসমত চলিত বছৰত জাপানীজ এনকেফেলাইটিছত মৃত্যু হৈছে ১৯ জন লোকৰ । এতিয়ালৈকে ৰাজ্যত ৩৫০ জন লোকৰ দেহত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্রমণ ধৰা পৰিছে । একেসময়তে মেলেৰিয়া ৰোগৰ প্রাদুর্ভাৱ ৰাজ্যত বৃদ্ধি পাইছে ৷ চলিত বছৰত এতিয়ালৈকে ২৬৫ জন মেলেৰীয়া ৰোগী ওলাইছে ।

গুৱাহাটী, ১০ আগষ্ট: ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্রমণ । উজনি, নামনি, উত্তৰ অসম, উপত্যকা সকলোতে এতিয়া এনকেফেলাইটিছৰ আতংক । জুলাই আৰু আগষ্ট মাহত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱৰ সময় । অসমত চলিত বছৰত এতিয়ালৈকে জাপানীজ এনকেফেলাইটিছত ১৯ জন লোকৰ মৃত্যু হৈছে । বৃহস্পতিবাৰে এই তথ্য সদৰি কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনে চমুকৈ এন এইচ এমে ।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনে উল্লেখ কৰা মতে জাপানীজ এনকেফেলাইটিছত মৃত্যু হোৱাসকলৰ ভিতৰত নগাঁও, ধেমাজি, লখিমপুৰ, চৰাইদেউ, বঙাইগাঁও, কামৰূপ, মাজুলী, শিৱসাগৰ আৰু যোৰহাটত দুজনকৈ ৰোগী আছে । তথ্য মতে এতিয়ালৈকে ৰাজ্যত ৩৫০ জন লোকৰ দেহত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্রমণ ধৰা পৰিছে । যোৱা বছৰ এই সময়চোৱাত তেনে ৰোগী আছিল ৩২৫ জন আৰু ৬৯ জনৰ মৃত্যু হৈছিল ।

আনহাতে চলিত বছৰত এতিয়ালৈকে ৰাজ্যত ২৭১৯ জনৰ দেহত ডেংগুৰ সংক্রমণ ধৰা পৰিছে । ইয়াৰে দুজনৰ মৃত্যু হৈছে । মৃত্যু হোৱা দুয়োজন কাৰ্বি আংলং জিলাৰ । ডেংগু আক্রান্ত ৰোগীৰ ভিতৰত ১৮৫৩ জনেই কাৰ্বি আংলং জিলাৰ । আনকেইখন আক্রান্ত জিলা হ'ল- ৪৯ জন ডিমা হাছাও, ৩৩ জন কামৰূপ মহানগৰ, ২৫ জন কামৰূপ আৰু ১৯ জন যোৰহাটৰ । যোৱা বছৰ ৰাজ্যত ডেংগু আক্রান্ত ২৭ জন ৰোগীৰ বিপৰীতে মৃত্যু হৈছিল দুজনৰ ।

একেদৰে মেলেৰিয়া ৰোগৰ প্রাদুর্ভাৱ ৰাজ্যত বৃদ্ধি পাইছে ৷ চলিত বছৰত এতিয়ালৈকে ২৬৫ জন তেনে ৰোগী ওলাইছে । মুখ্যতঃ তিনিখন জিলাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে । কোকৰাঝাৰত ৯৩ জন, কাছাৰত ২৮ জন আৰু ওদালগুৰিত ১৬ জন মেলেৰিয়া ৰোগী ওলাইছে । ২০২২ চনৰ ৩১ ডিচেম্বৰলৈকে ২৮০ জন মেলেৰিয়া ৰোগী ধৰা পৰিছিল । এতিয়ালৈকে ৰাজ্যত মেলেৰিয়াত এজনো ৰোগীৰ মৃত্যু হোৱা নাই বুলি এন এইচ এমে সদৰি কৰিছে ।

লগতে পঢ়ক: Japanese Encephalitis at AMCH: সামান্য জ্বৰ, মূৰ বিষ হ'লেই চিকিৎসকৰ ওচৰলৈ যাবলৈ আহ্বান অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ

Last Updated :Aug 10, 2023, 10:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.