ETV Bharat / state

Indrani Tahbildar case : ইন্দ্ৰাণী তহবিলদাৰ আত্মহত্যা; দ্বীবন ডেকাক গ্ৰেপ্তাৰ চান্দমাৰী আৰক্ষীৰ

author img

By

Published : Aug 18, 2023, 5:17 PM IST

Updated : Aug 18, 2023, 10:51 PM IST

Indrani Tahbildar case Update
বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনা

বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা দ্বীবন ডেকাক গ্ৰেপ্তাৰ চান্দমাৰী আৰক্ষী থানাৰ ৷ সদ্য বহিষ্কৃত বিজেপি নেত্ৰী তৃষ্ণা শৰ্মাৰ সৈতে দ্বীবন ডেকা শুকুৰবাৰে উপস্থিত হৈছিল চান্দমাৰী থানাত ৷

দ্বীবন ডেকাক গ্ৰেপ্তাৰ

গুৱাহাটী, ১৮ আগষ্ট : বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাই বিজেপি দলৰ ভিতৰ চ’ৰাত হৈ থকা দালালৰাজৰ কথা পোহৰলৈ আনিছে ৷ চানমাৰি আৰক্ষীয়ে ইন্দ্ৰাণী তহবিলদাৰৰ সংগী অনুৰাগ চলিহাক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত লোৱাৰ পিছতে ইন্দ্ৰাণীৰ আত্মহত্যাৰ লগত নাম সাঙোৰ খোৱা দ্বীবন ডেকা গ্ৰেপ্তাৰ ৷ শেহতীয়া খবৰ অনুসৰি দিনজোৰা জেৰাৰ অন্তত ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা দ্বীবন ডেকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে ৷

শুকুৰবাৰে দ্বীবন ডেকাৰ লগতে সদ্য বহিষ্কৃত বিজেপি নেত্ৰী তৃষ্ণা শৰ্মাও উপস্থিত হৈছিল চানমাৰী থানাত ৷ দুয়োজনকে আৰক্ষীয়ে দীৰ্ঘ সময় ধৰি জেৰা কৰে ৷ উল্লেখ্য যে বিজেপিৰ পালিনেতা অনুৰাগ চলিহাৰ লগত ইন্দ্ৰাণী তহবিলদাৰৰ আপত্তিজনক ফটো ভাইৰেল হৈছিল ৷ ইয়াৰ পিছতে আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছিল ইন্দ্ৰাণীয়ে ৷

আত্মহত্যাৰ পিছত ১৪ আগষ্টত আৰক্ষীয়ে অভিযান চলাই ডিমৌৰ পৰা গ্ৰেপ্তাৰ কৰিছিল অনুৰাগ চলিহাক। সম্প্ৰতি ৭ দিনৰ আৰক্ষীৰ জিম্মাত আছে অনুৰাগ চলিহা ৷

চলিহাই আৰক্ষীৰ জেৰাত বহু তথ্য ফাদিল কৰিছে ৷ ইন্দ্ৰাণীৰ সৈতে থকা অবৈধ সম্পৰ্কৰ কথা স্বীকাৰ কৰিছে অনুৰাগ চলিহাই ৷ জানিব পৰা মতে অনুৰাগ চলিহাই আৰক্ষীক স্বীকাৰক্তি দিছে যে অভিমন্যু দাসে বিজেপি নেত্ৰীগৰাকীৰ ওপত মেঘালয়ৰ নংপোৰ হোটেলত প্ৰচুৰ মানসিক-শাৰীৰিক নিৰ্যাতন চলাইছিল ৷ চাকৰি দিয়াৰ নামত লোৱা ধন ওভতাই বিচাৰি চলাইছিল নিৰ্যাতন ৷ তদুপৰি অভিমন্যু দাসে বৰপেটাৰ কিষাণ মৰ্চাৰ সভাপতিৰ পদ বিচাৰি ব্লেক মেইলিং কৰিছিল ইন্দ্ৰাণীক ৷

আনহাতে অনুৰাগ চলিহাৰ ফোন কাঢ়ি লৈছিল অভিমন্যু দাসে ৷ সেই ফোনতে থকা আপত্তিজনক ফটো এছ আই কেলেংকাৰীৰ অভিযুক্ত দ্বীবন ডেকাই ভাইৰেল কৰিছিল ৷ এছ আই কেলেংকাৰীৰ অভিযুক্ত দ্বীবন ডেকাৰ সৈতে আত্মহত্যাৰ পূৰ্বে ইন্দ্ৰাণী আৰু ৰিয়া নামৰ বিজেপি কৰ্মী এগৰাকীৰ বাৰ্তালাপৰ অডিঅ’ ফাদিল হৈছিল ৷ ইফালে বৰ্তমানো পলাতক হৈ আছে অভিযুক্ত অভিমন্যু দাস ৷

লগতে পঢ়ক : Anti Corruption Unit Raid : কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়াৰ গৃহৰ পৰা লাখে লাখে টকা উদ্ধাৰ

Last Updated :Aug 18, 2023, 10:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.