ETV Bharat / state

Income Tax Raid : লোহিয়া গ্ৰুপৰ বিৰুদ্ধে আয়কৰ বিভাগৰ 200 জনীয়া দলৰ অভিযান

author img

By

Published : Nov 16, 2021, 10:42 PM IST

Income tax department raid against Kailash lohia
লোহিয়াৰ গ্ৰুপৰ বিৰুদ্ধে আয়কৰ বিভাগৰ অভিযান

কৰ ফাঁকি দি বিত্তীয় লেনদেন কৰাৰ অভিযোগৰ ভিত্তিত বিতৰ্কিত ব্যৱসায়ী লোহিয়া গ্ৰুপ তথা টপচেম চিমেণ্ট কোম্পানীৰ স্বত্বাধিকাৰী কৈলাশ লোহিয়াৰ বিৰুদ্ধে আয়কৰ বিভাগৰ এটা বৃহৎ দলে চলালে অভিযান ৷ 200 জনীয়া এটা দলে কৈলাশ লোহিয়াৰ বাসগৃহ-কাৰ্যালয়ত চলালে এই অভিযান ৷

গুৱাহাটী, 16 নৱেম্বৰ : বৃহৎ পৰিমাণৰ কৰ ফাঁকি দি বিত্তীয় লেনদেন কৰাৰ অভিযোগৰ ভিত্তিত বিতৰ্কিত ব্যৱসায়ী লোহিয়া গ্ৰুপ তথা টপচেম চিমেণ্ট কোম্পানীৰ স্বত্বাধিকাৰী কৈলাশ লোহিয়াৰ বিৰুদ্ধে মঙলবাৰে আয়কৰ বিভাগৰ এটা বৃহৎ দলে অভিযান চলায় । আয়কৰ বিভাগৰ এটা 200 জনীয়া এটা দলে কৈলাশ লোহিয়াৰ গুৱাহাটীৰ আঠগাঁওস্থিত বাসভৱনৰ লগতে গুৱাহাটীৰ বিভিন্ন স্থানত থকা কাৰ্যালয় আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানত চলাই অভিযান ।

আয়কৰ বিভাগে কৈলাশ লোহিয়াৰ চিমেণ্ট কোম্পানীৰ কাৰ্যালয়তো অভিযান চলায় । দিল্লী, মুম্বাই আৰু হায়দৰাবাদত থকা কৈলাশ লোহিয়াৰ কাৰ্যালয় আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানবোৰতো আয়কৰ বিভাগৰ দলে অভিযান চলাই বুলি জানিব পৰা গৈছে । আয়কৰ বিভাগৰ সূত্ৰত প্ৰকাশ কৰা তথ্য মতে, কৈলাশ লোহিয়াই ভুৱা ফাৰ্মৰ নামত অনিয়মেৰে বিত্তীয় লেনদেন কৰি বৃহৎ পৰিমাণৰ আয়কৰ ফাঁকি দিয়াৰ তথ্যৰ ভিত্তিত আয়কৰ বিভাগে কৈলাশ লোহিয়াৰ বিৰুদ্ধে অভিযান চলাইছে ।

আয়কৰ বিভাগৰ অভিযানকাৰী দলে গুৱাহাটীত থকা কৈলাশ লোহিয়াৰ কেইবাটাও কাৰ্যালয় আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানৰ গাণনিক বিষয়া আৰু শাখা প্ৰৱন্ধকক জেৰা কৰিছে । বৰ্তমানলৈ আয়কৰ বিভাগে কৈলাশ লোহিয়াক জেৰা কৰা নাই যদিও কৈলাশ লোহিয়া শীঘ্ৰে আয়কৰ বিভাগৰ জেৰাৰ সম্মুখীন হ'ব বুলি আয়কৰ বিভাগৰ সূত্ৰত প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, কংগ্ৰেছ চৰকাৰৰ আমোলৰ সময়ত ব্যাপক বিত্তীয় অনিয়ম সংঘটিত কৰা কৈলাশ লোহিয়াৰ তলতীয়া কৰ্মচাৰীৰ পান কাৰ্ড ব্যৱহাৰ কৰি ধনৰ লেনদেন কৰাৰ অভিযোগতো সাঙুৰ খায় পৰিছিল । দীৰ্ঘদিন ধৰি অনিয়মেৰে বিত্তীয় লেনদেন কৰি ধনৰ কলা সাম্ৰাজ্য গঢ়ি তোলা কৈলাশ লোহিয়া এইবাৰ গ্ৰেপ্তাৰ হ'ব নেকি, তাক লৈ সৰ্বত্ৰে চলিছে চৰ্চা ৷

লগতে পঢ়ক: Income Tax Raid : কৈলাশ লোহিয়াৰ বাসগৃহ-কাৰ্যালয়ত চলিল অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.