ETV Bharat / state

Success of IIT Guwahati: আন্তঃৰাষ্ট্ৰীয় মানত ১১ নং স্থানত আই আই টি গুৱাহাটী

author img

By

Published : Jun 9, 2022, 3:56 PM IST

IIT Guwahati Climbs 11 places in QS World University
আন্তঃৰাষ্ট্ৰীয় মানত ১১ নং স্থানত আই আই টি গুৱাহাটী

চৰ্চাত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী চমুকৈ আই আই টি গুৱাহাটী ৷ পূৰ্বৰ সফলতা তথা গৌৰৱৰ ধাৰা অক্ষুন্ন ৰাখি পুনৰ জিলিকি উঠিছে আই আই টি গুৱাহাটীয়ে ৷ আন্তঃৰাষ্ট্ৰীয় ৰেংকত ১১ নম্বৰ স্থানত এই প্ৰতিষ্ঠানখনক শ্ৰেষ্ঠত্বৰ তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে (IIT Guwahati improves in international rankings) ৷

গুৱাহাটী, ৯ জুন : অসম চুক্তিৰ অন্যতম ফল হিচাপে চিহ্নিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজী, গুৱাহাটী (IIT Guwahati) য়ে আন্তঃৰাষ্ট্ৰীয় ৰেংক ১১ লৈ উন্নীত হ’বলৈ সক্ষম হৈছে (IIT Guwahati improves in international rankings) । প্ৰতিষ্ঠানটোৱে এক বিবৃতিযোগে সদৰি কৰিছে এই তথ্য ।‌

বিবৃতি অনুসৰি, কিউ এছ ৱৰ্ল্ড ইউনিভাৰ্ছিটি ৰেংকিং (QS World University Ranking 2023) ৰ তালিকাত আই আই টি গুৱাহাটীৰ স্থান নিৰ্ধাৰিত হৈছে ১১ নম্বৰত । ইতিমধ্যেই এক বিশ্বমানৰ অনুষ্ঠান হিচাবে স্বীকৃতি লাভ কৰা আই টি গুৱাহাটীৰ এই সাফল্য অতি লক্ষণীয় আৰু আশাপ্ৰদ বুলি বিবেচিত হৈছে ।

উল্লেখযোগ্য যে, আই আই টি গুৱাহাটীয়ে কিউ এছ ৱৰ্ল্ড ইউনিভাৰ্ছিটি ৰেংকিঙত ‘‘চাইটেছন পাৰ ফেকাল্টী’’ ক্ষেত্ৰত ৩৭ তম স্থান আৰু সামগ্ৰিকভাৱে ৱৰ্ল্ড ৰেংকত ৩৮৪ স্থানত ইতিমধ্যে নিজৰ আসন দখল কৰিবলৈ সক্ষম হৈছে । তদুপৰি ২০১৪ চনৰ কিউ এছ ৱৰ্ল্ড ইউনিভাৰ্ছিটি ৰেংকিঙত মুঠ ২১৭ টা ক্ষেত্ৰত নিজৰ আসন নিশ্চিত কৰিবলৈ সক্ষম হৈছিল আই আই টি গুৱাহাটীয়ে ।

প্ৰযুক্তি গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বিশেষ সফলতা দেখুৱাই অহা আই আই টি গুৱাহাটী ভাৰতৰ দ্বিতীয় স্থানত থকা প্ৰযুক্তি প্ৰতিষ্ঠান বুলি ইতিমধ্যে চিহ্নিত হৈছে । এই ক্ষেত্ৰত প্ৰথম স্থানত আছে ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স, বেংগালুৰু ।

লগতে পঢ়ক : Presidential Election 2022 : আজি ঘোষণা হ'ব ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ তাৰিখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.