ETV Bharat / state

Illegal coal mining; কয়লা চিণ্ডিকেট সন্দৰ্ভত এতিয়া আদালতেই শেষ ভৰসা; লুৰীণ গগৈ

author img

By

Published : Apr 2, 2023, 10:10 PM IST

High Court ordered an immediate stop to illegal coal mining
উচ্চ ন্যায়ালয়ৰ মজিয়া পালেগৈ কয়লাৰ অবৈধ খননৰ প্ৰসংগ

এইবাৰ উচ্চ ন্যায়ালয়ৰ মজিয়া পালেগৈ কয়লাৰ অবৈধ খননৰ প্ৰসংগ (Illegal coal mining)৷ অবৈধ কয়লা খনন তৎকালে বন্ধৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ (High Court ordered an immediate stop to illegal coal mining) ৷ সংবাদমেলযোগে এই কথা সদৰী কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

গুৱাহাটী, ২ এপ্ৰিল : অসমত অবৈধ কয়লা খননৰ জৰিয়তে ব্যাপক হাৰত বন আৰু পৰিৱেশ ধ্বংসৰ বিষয়টো এতিয়া আদালতৰ মজিয়া পালেগৈ (Illegal coal mining) ৷ ৰাজ্যখনৰ তিনিচুকীয়াকে ধৰি কেইবাখনো জিলাত ৰেট হোল আৰু অপেন কাষ্ট উভয় ধৰণে অবৈধ কয়লা খনন আৰু সৰবৰাহৰ লগতে দিছপুৰৰ পৃষ্ঠপোষকতাত বৃহৎ ছিণ্ডিকেট চলি থকাৰ বিষয়ত অসম জাতীয় পৰিষদ দল দীৰ্ঘদিনৰ পৰা সৰৱ হৈ আছে ৷

তৎসত্তেও চৰকাৰে এই দিশত ব্যৱস্থা গ্ৰহণ নকৰা বিষয়টো বিদ্বৎ মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ ইয়াৰ মাজতে এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমত কয়লাৰ সকলো অবৈধ খনন বন্ধ কৰিবলৈ চৰকাৰক নিৰ্দেশ দিয়ে (High Court ordered an immediate stop to illegal coal mining)৷ দেওবাৰে ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এখন সংবাদমেলৰ আয়োজন কৰি এই কথা প্ৰকাশ কৰে ৷

তেওঁ কয় যে, যোৱা ৩১ মাৰ্চৰ দিনা গুৱাহাটী উচ্চ ন্যায়ালয়ে একাধিক ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ (পি আই এল)ৰ শুনানি গ্ৰহণ কৰি উজনি অসমৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সংৰক্ষিত বনাঞ্চলত চলি থকা অবৈধ কয়লা খনন তৎকালে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা বসন্ত ডেকাসহ কেইবাগৰাকী ব্যক্তিয়ে পৃথকে পৃথকে আদালতত দাখিল কৰি পি আই এলসমূহ একত্ৰ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ মেহতা আৰু ন্যায়াধীশ চুমন শ্যামৰ খণ্ড বিচাৰপীঠে উক্ত নিৰ্দেশনা দিয়ে ৷

ন্যায়লয়ৰ উক্ত নিৰ্দেশক আদৰণি জনাই গগৈয়ে কয়, "আমি বহুদিনৰ পৰাই কৈ আহিছো যে উজনি অসম আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সংৰক্ষিত বনাঞ্চলসমূহত ৰাজনৈতিক পৃষ্ঠপোষকতাত ৰেট হোল মাইনিং আৰু অপেন কাষ্ট মাইনিঙৰ জৰিয়তে অবৈধ কয়লা খনন আৰু সৰবৰাহৰ কাম চলি আছে । কিন্তু বাৰম্বাৰ কৈ থকাৰ পাচতো ৰাজ্য চৰকাৰে আজিলৈকে এইক্ষেত্ৰত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণক উক্ত বিষয়টো অৱগত কৰোৱাৰ পাচতো তাৰ পৰাও আমি এতিয়ালৈকে কোনো সুদূত্তৰ নাপালো’’ ।

এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে বিষয়টো গুৰুত্ব সহকাৰে লোৱা কথাটো ৰাইজৰ বাবে আশাৰ বতৰা বুলি উল্লেখ কৰি গগৈয়ে কয় যে, এতিয়া জাতীয় পৰিষদে এই সন্দৰ্ভত সকলো ধৰণৰ তথ্য তথা নথি-প্ৰমাণ আদালতত জমা দিব ৷ গগৈয়ে লগতে কয়, "আমি ইতিমধ্যে কোৱাৰ দৰে উজনি অসমকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ সংৰক্ষিত বনাঞ্চলসমূহত বন ধ্বংস যজ্ঞ চলি থকাৰ লগতে কয়লা মাফিয়াৰ দ্বাৰা উক্ত বনাঞ্চলত ৰাজনৈতিক পৃষ্ঠপোষকতাৰে কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ কাৰ্য অব্যাহত আছে ।

এনে অবৈধ সৰবৰাহৰ জৰিয়তে ৰাজ্য চৰকাৰে কোনোধৰণৰ ৰাজহ লাভ কৰা নাই আৰু বৰং ইয়াৰ বিপৰীতে ৰাজনৈতিক সুৰুঙাৰে দৈনিক হেজাৰ হেজাৰ কোটি টকাৰ অবৈধ সংগ্ৰহ অভিযানহে চলি আছে ৷ তথা কথিত ভাৱেই সমগ্ৰ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰিত হৈছে ৰাজনৈতিক পৃষ্ঠপোষকতাৰ জৰিয়তে ৷ মূলতঃ সেই কাৰণেই চৰকাৰে উক্ত অবৈধ খনন আৰু ব্যৱসায় বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ কিন্তু আদালতে বিষয়টো গুৰুত্ব দিয়াটো শুভ লক্ষণ ৷ এতিয়া আদালতেই ৰাইজৰ শেষ ভৰসা’’ ৷

গগৈয়ে কয়, "গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উল্লিখিত নিৰ্দেশনাটোত এই কথা স্পষ্টভাৱে উল্লেখ আছে যে, ভাৰত চৰকাৰৰ অতিৰিক্ত মহাধিবক্তা আৰ কে ডি চৌধুৰীয়ে স্পষ্ট ভাষাৰে মহামান্য উচ্চ ন্যায়ালয়ক অৱগত কৰাইছে যে, ক’ল ইণ্ডিয়াৰ দ্বাৰা কোনো ধৰণৰ কয়লা খননৰ কাম চলি থকা নাই বৰং বেলেগৰ দ্বাৰাহে তাত সেই খনন চলি আছে ৷ অতিৰিক্ত মহাধিবক্তাৰ এই উক্তিত অসম জাতীয় পৰিষদে কৰা দাবীৰ ন্যায্যতা প্ৰমাণ হৈছে ৷

আমি পুনৰ দোহাৰিছো যে, সমগ্ৰ প্ৰক্ৰিয়াটো ৰাজনৈতিক সুৰুঙাৰে দিশপুৰৰ পৰা নিয়ন্ত্ৰিত হৈ আছে আৰু ইয়াৰ তাৎক্ষণিকভাৱে বন্ধ কৰাৰ বাবে আমি দাবী জনাইছো । এইক্ষেত্ৰত আমাৰ হাতত যিমানবোৰ তথ্য প্ৰমাণ আছে সকলোবোৰ মহামান্য উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো’’ ৷

দেওবাৰে এই সংবাদ মেলৰ জৰিয়তে গগৈয়ে পি আই এল দাখিল কৰা আটাইকেইগৰাকী আবেদনকাৰীকো ধন্যবাদ জনায় ৷

লগতে পঢ়ক : Rainwater in Lakhimpur Medical College : এজাক বৰষুণত বুৰিল অভিজাত লখিমপুৰ মেডিকেল কলেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.