ETV Bharat / state

Health workers protest:জনসাধাৰণৰ বাবে সদা ব্যস্ত স্বাস্থ্য কৰ্মচাৰীও নামিল প্ৰতিবাদত, কিমান সফল এইখন চৰকাৰ ?

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 8:09 PM IST

চৰকাৰী চিকিৎসালয়ত নিয়োজিত অস্থায়ী কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়া কৰণৰ দাবীত প্ৰতিবাদ স্বাস্থ্য কৰ্মচাৰী সন্থাৰ ৷
health workers protest in guwahati
স্বাস্থ্য কৰ্মচাৰীও নামিল প্ৰতিবাদত

স্বাস্থ্য কৰ্মচাৰীও নামিল প্ৰতিবাদত

গুৱাহাটী, ১১ ছেপ্টেম্বৰ : অসম চৰকাৰে কেতিয়া বুজি পাব প্ৰতিবাদকাৰীৰ ভাষা ? প্ৰায় প্ৰতিদিনেই এতিয়া অসমত প্ৰতিবাদ হয় ৷ কিমান গুৰুত্ব দিছে চৰকাৰে ? অতি লজ্জাৰ বিষয় যে জনসাধাৰণৰ বাবে জীৱনদায়িনীৰ ৰূপত কাম কৰা স্বাস্থ্য কৰ্মীসকলো বহিব লগা হৈছে প্ৰতিবাদত ৷

অসম বিধানসভাৰ প্ৰথম দিনা নায্য প্ৰাপ্তিৰ দাবীত কেইবাটাও দল-সংগঠনৰ প্ৰতিবাদত উত্তাল হ’ল চচলৰ ধৰ্ণাস্থলী। চৰকাৰী চিকিৎসালয়ত নিয়োজিত অস্থায়ী কৰ্মচাৰীসকলৰ চৰকাৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী চিকিৎসা কৰ্মচাৰী সন্থা (HMC)ৰ উদ্যোগত সোমবাৰে চচলত অনিদিষ্টকালীন ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

অসমৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত নিয়োজিত অস্থায়ী কৰ্মচাৰী সকলক চৰকাৰৰ আওতালৈ অনাৰ লগতে পদ সমূহৰ সম্পূর্ণ মৰ্য্যদা প্ৰদান কৰা, ২০১৭ চনৰ অধিসূচনা মৰ্মে মাষ্টাৰৰোল, ঠিকাভিত্তিক, ফিক্সড পে’ কৰ্মচাৰী সমূহৰ যি গ্ৰেড পে’ৰ ব্যৱস্থা আছে আমাৰ এই কৰ্মচাৰী সকলৰ বাবেও সেই মৰ্য্যদা প্ৰদানৰ ব্যৱস্থা কৰা, উচ্চতম আদালতৰ নিৰ্দেশ মৰ্মে same work same pay প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে ৷

উল্লেখ্য যে, অসমত সৰ্ব মুঠ ৩৫০০ অস্থায়ী স্বাস্থ্য কৰ্মীয়ে চৰকাৰী চিকিৎসালয়ত সেৱা আগবঢ়াই আহিছে । এই ক্ষেত্ৰত সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা বহুবাৰ চৰকাৰৰ সৈতে আলোচনা কৰা হৈছে যদিও কিন্তু আজি পৰ্যন্ত তেওঁলোকৰ সমস্যা সমূহ সমাধান নোহোৱাত আক্ষেপ প্ৰকাশ কৰে তেওঁলোকে । আজি অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাই চচলত অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হোৱা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে ।

লগতে পঢ়ক : Protest in Guwahati: ন্যায্যপ্ৰাপ্তিৰ দাবীত দুটাকৈ সংগঠনৰ প্ৰতিবাদত উত্তাল গুৱাহাটীৰ চচল

Jatiya Yuva Shakti protest: নিযুক্তি প্ৰক্ৰিয়াৰ দুৰ্নীতিৰ বিৰুদ্ধে জাতীয় যুৱ শক্তিৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.