ETV Bharat / state

Protest in Guwahati: ন্যায্যপ্ৰাপ্তিৰ দাবীত দুটাকৈ সংগঠনৰ প্ৰতিবাদত উত্তাল গুৱাহাটীৰ চচল

author img

By

Published : May 6, 2023, 9:32 PM IST

protest in guwahati
প্ৰতিবাদত উত্তাল গুৱাহাটীৰ চচল

গুৱাহাটীৰ চচলত আজি প্ৰতিবাদ সাব্যস্ত কৰিলে দুটাকৈ সংগঠনে ৷ যৌন নিৰ্যাতন আৰু ই-ৰিক্সা চালকসকলক নিৰ্যাতন চলোৱাৰ বিৰুদ্ধে ওলাই আহিল ই-ৰিক্সা চালক সন্থা আৰু সদৌ অসম প্ৰগতিশীল নাৰী সন্থা (protest in Guwahati) ৷

প্ৰতিবাদত উত্তাল গুৱাহাটীৰ চচল

গুৱাহাটী, ৬ মে’ : ন্যায্যপ্ৰাপ্তিৰ দাবীত দুটাকৈ সংগঠনৰ প্ৰতিবাদত উত্তাল হৈ পৰিল গুৱাহাটীৰ চচলৰ প্ৰতিবাদস্থলী । ই-ৰিক্সা চালক সন্থা আৰু সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই নিজ নিজ দাবীৰে আজি চচলত পৃথকে পৃথকে সাব্যস্ত কৰে প্ৰতিবাদ । লালমাটি হাতীগাঁও ই-ৰিক্সা চালক সন্থাৰ উদ্যোগত গুৱাহাটীত ই-ৰিক্সা চলোৱাৰ ক্ষেত্ৰত পৰিবহন নিগমে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বাবে চালকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ চৰকাৰৰ ওচৰত সমধান বিচাৰি চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

দিনৰ ১১ বজাৰ পৰা দিনৰ ২ বজালৈ ৰূপায়ণ কৰা আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ সভাপতি বিজয় হুজুৰি আৰু সম্পাদক চিৰাজুল হকে পৰিবহন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খোদ প্ৰদূষণৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাৰ বাবে ই-ৰিক্সাৰ কথা ঘোষণা কৰিছিল । সেই অনুসৰি কিছু কর্মসংস্থাপনহীন লোকে চৰকাৰৰ সেউজ আঁচনিক সমৰ্থন কৰি গুৱাহাটীৰ বিভিন্ন পথত বেটাৰীযুক্ত ই ৰিক্সা চলাই পৰিয়াল পোহপাল দি আহিছে । কিন্তু এতিয়া চৰকাৰেই যেন নিজৰ কথাৰ বিপৰীতে অৱস্থান গ্ৰহণ কৰিছে ।

শেহতীয়াকৈ নতুন যান-বাহন আইন অৱলম্বন হোৱাৰে পৰা সেইসকল চালকে পথত ই-ৰিক্সাসমূহ উলিয়াব নোৱৰা হৈছে ৷ কাৰণ পথত উলিয়াই আনিলেই বহু টকাৰ জৰিমনা বিহে পৰিবহন বিভাগে । পৰিবহন বিভাগৰ এনে কঠোৰ সিদ্ধান্তৰ বাবে এতিয়া একাংশ ই-ৰিক্সা চালকে পেটত গামোচা বান্ধিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । এনে পৰিস্থিতিত ই-ৰিক্সা চালকসকলে ই-ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰাৰ ক্ষেত্ৰত আহি পৰিছে ডাঙৰ প্ৰশ্ন । সেয়ে বাইলেনসমূহৰ (উপপথ) লগতে গুৱাহাটীৰ কিছু মূল পথটো ই-ৰিক্সা চলোৱাৰ অনুমতি প্ৰদান কৰা, পঞ্জীয়ন থকা ই-ৰিক্সাক গুৱাহাটীত চলোৱাৰ ক্ষেত্ৰত বাধা নিষেধ আৰু আঁতৰ কৰা, জধে মধে জৰিমনা বিহা বন্ধ কৰা আদিকে ধৰি আন কেতবোৰ সমস্যা দূৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনায় (E Rickshaw Drivers Association) ৷

প্ৰতিবাদৰ অন্তত সন্থাৰ তৰফৰ পৰা অসম আৰক্ষীৰ উচ্চ পদস্থ আৰক্ষী বিষয়া সুৰজিত সিং পানেচাৰৰ জৰিয়তে কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় । আজিৰ এই প্ৰতিবাদী কার্যসূচীত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, ৰাইজৰ দলৰ নেতা আজিজুৰ ৰহমান, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দেবেন শৰ্মা, অসম জাতীয় পৰিষদৰ জীয়াউৰ ৰহমান আৰু আমছু নেতা উপস্থিত থাকে ।

ইপিনে নতুন দিল্লীত কেইবাদিনো প্ৰতিবাদত বহি থকা মল্ল যুঁজাৰুসকলৰ সমৰ্থনত প্ৰতিবাদত বহিল সদৌ অসম প্ৰগতিশীল নাৰী সন্থা (All Assam Progressive Women Association) । যৌন নিৰ্যাতনৰ বিৰুদ্ধে ন্যায় বিচাৰি তথা তিনিচুকিয়াৰ কিশোৰী ধৰ্ষণকাণ্ডৰ অপৰাধীক কৰায়ত্ব নকৰাৰ প্ৰতিবাদ সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । চৰকাৰে আগন্তক দিনত তেওঁলোকৰ দাবীসমূহ মানি নল'লে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে (Protest in Sasal)।

লগতে পঢ়ক : Sensational case at Duliajan: অপহৰণৰ চেষ্টা; কথমপি প্ৰাণৰক্ষা অভিযন্তা ডিম্বেশ্বৰ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.