Sensational case at Duliajan: অপহৰণৰ চেষ্টা; কথমপি প্ৰাণৰক্ষা অভিযন্তা ডিম্বেশ্বৰ গগৈৰ

By

Published : May 6, 2023, 8:38 PM IST

thumbnail

মৰাণ, 6 মে’: দুলীয়াজানত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ ৰকেট ৱাই ফাইৰ অভিযন্তাক অপহৰণ কৰি হত্যাৰ অপচেষ্টা (Sensational case at Duliajan) ৷ কথমপি প্ৰাণৰক্ষা অভিযন্তা ডিম্বেশ্বৰ গগৈৰ ৷ অভিযন্তাজন দুলীয়াজান কমলাবাৰীৰ ডিম্বেশ্বৰ গগৈ বুলি জানিব পৰা গৈছে । নিশা কৰ্মসূত্ৰে AS06 Y 7822 নম্বৰৰ বাহনেৰে দুলীয়াজানৰ পৰা ভাদৈ পাঁচআলিৰ অভিমুখে গৈছিল অভিযন্তাজন (Attempt to kidnap and murder engineer)। 

পাঁচআলিৰ সমীপৰ আহোম ধাবাৰ সন্মুখত কেইটামান দুৰ্বৃত্তই হঠাৎ গাড়ীখন ৰখাই চোকা অস্ত্ৰ ব্যৱহাৰ কৰি ডিম্বেশ্বৰ গগৈক অপহৰণ কৰি ডিগবৈ বনাঞ্চলৰ মাজভাগত হাত-ভৰি বান্ধি হত্যা কৰাৰ চেষ্টা কৰে ৷ তেনে সময়তে এখন চাহপাত কঢ়িওৱা গাড়ী ঘটনাস্থলীত উপস্থিত হোৱাত দুৰ্বৃত্তৰ দলটোৱে অভিযন্তা ডিম্বেশ্বৰ গগৈক হাবিৰ কাষতে থৈ পলায়ন কৰে । পিচত চাহপাত কঢ়িওৱা গাড়ীখনে ডিম্বেশ্বৰ গগৈক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি ডিগবৈ আৰক্ষীক চমজাই দিয়ে । আৰক্ষীয়ে ততাতৈয়াকৈ ডিম্বেশ্বৰ গগৈক ডিগবৈ অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰাই পৰিয়ালৰ লোকক চমজাই দিয়ে ।  

শেহতীয়াকৈ ঘটনা সন্দৰ্ভত ভুক্তভোগী ডিম্বেশ্বৰ গগৈয়ে দুলীয়াজান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও এই মুহূৰ্তলৈকে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই । কিয় এই ঘটনা সংঘটিত হৈছিল সেই বিষয়েও এই মুহূৰ্তলৈ জানিব পৰা হোৱা নাই । 

লগতে পঢ়ক: Crime in Dhemaji: জোনাইত গাঞ্জাসহ আটক সৰবৰাহকাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.