Crime in Dhemaji: জোনাইত গাঞ্জাসহ আটক সৰবৰাহকাৰী

By

Published : May 6, 2023, 9:56 AM IST

thumbnail

জোনাই, ৬ মে': ধেমাজি জিলাৰ জোনাইৰ লাইমেকুৰীত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক এজন সৰবৰাহকাৰী (Drugs seized in jonai)। জোনাইৰ অসম-অৰুণাচল সীমান্তৰ বিভিন্ন অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে নিচা জাতীয় সামগ্ৰীৰ মুকলি বেহা । তেনে সময়তে শুকুৰবাৰে সন্ধিয়া লাইমেকুৰীৰ TMPK নামৰ সংগঠনৰ সদস্য়সকলে উমাকান্ত বৰি নামৰ লোকজনৰ বাসগৃহত অভিযান চলাই প্ৰায় ৫ কিলো গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Drugs paddler arrested in Dhemaji) ।

ইয়াৰ পিচতে জোনাই আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গাঞ্জা সৰবৰাহকাৰী উমাকান্ত বৰিক আটক কৰি জোনাই আৰক্ষী থানালৈ লৈ যায় (Jonai police station)। ধৃত গাঞ্জা সৰবৰাহকাৰী উমাকান্ত বৰিৰ ঘৰ লাইমেকুৰীৰ মিৰিটাক্ গাঁৱত বুলি জানিব পৰা গৈছে । 

লগতে পঢ়ক:ABSU Press Meet: ৰঞ্জন দৈমাৰীসহ ৬৩ প্ৰাক্তন এনডিএফবি কেডাৰক মুক্তিৰ দাবী এবছুৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.