ETV Bharat / state

GU election date declare: ২৮ ছেপ্টেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 11:45 AM IST

GU Declares PG Students Union Election
GU ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন

অৱশেষত ঘোষণা কৰা হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ তাৰিখ ৷ অহা ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২০২৩-'২৪ বৰ্ষৰ সাধাৰণ নিৰ্বাচন ৷ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২০২৩-'২৪ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া অধ্যাপক বিকাশ গগৈয়ে সদৰী কৰে এই তথ্য ।

গুৱাহাটী, ২২ ছেপ্টেম্বৰ : ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২০২৩-'২৪ বৰ্ষৰ সাধাৰণ নিৰ্বাচন অহা ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব । স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২০২৩-'২৪ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া অধ্যাপক বিকাশ গগৈয়ে এই কথা জানিবলৈ দিয়ে ।

তেওঁ জানিবলৈ দিয়া মতে, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনা আৰু ফলাফল ঘোষণা ২৯ ছেপ্টেম্বৰত কৰা হ’ব । গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২০২৩-'২৪ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাৰ্থীৰ চূড়ান্ত তালিকাখন ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে ।

GU election date declare
২৮ ছেপ্টেম্বৰত GU ৰ নিৰ্বাচন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২০২৩-'২৪ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত সভাপতি, সাধাৰণ সম্পাদকে ধৰি ১৫ পদত ৩২ গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে । এইবেলিৰ সাধাৰণ নিৰ্বাচনত সভাপতি পদৰ বাবে জিন্টু দাস আৰু নিহাৰ ৰঞ্জন ভূঞাই প্ৰাৰ্থিত্ব আগবঢ়াইছে ।

আকৌ উপ-সভাপতি পদৰ বাবে আৰিফ হুছেইন মীৰ আৰু ঋতিজ ঠাকুৰে প্ৰাৰ্থিত্ব আগবঢ়াইছে । আনহাতে, সাধাৰণ সম্পাদক পদৰ বাবে দ্বীপদৰ্শন কলিতা আৰু হিমানজিৎ ডেকাই প্ৰাৰ্থিত্ব আগবঢ়াইছে । ঠিক সেইদৰে সহকাৰী সাধাৰণ সম্পাদক পদৰ বাবে নিহাৰিকা দেৱী, ৰাইচুমাই ব্ৰহ্ম আৰু উজ্জ্বল পাল, সাহিত্য সম্পাদক পদৰ বাবে নৱকান্ত বৰুৱা আৰু সুদেমা বৰগয়াৰী, সংগীত সম্পাদক পদৰ বাবে দক্ষিণা শৰ্মা আৰু ৰাজীৱ জ্যোতি কাথাৰ, সাংস্কৃতিক সম্পাদক পদৰ বাবে লক্ষ্যজিৎ শইকীয়া আৰু স্পেইনী বৰ্মনে প্ৰাৰ্থিত্ব আগবঢ়াইছে ।

ইফালে তৰ্ক আৰু আলোচনা চক্ৰ সম্পাদক পদৰ বাবে বৰষা বৰগোহাঁই আৰু শাশ্বৱন্ট প্ৰয়াগ বৰুৱা, গুৰু ক্ৰীড়া বিভাগৰ সম্পাদক পদৰ বাবে হিমাক্ষী ৰাভা আৰু স্বদেৱবছা বড়ো, লঘু ক্ৰীড়া বিভাগৰ সম্পাদক পদৰ বাবে অভিজিৎ কলিতা আৰু পল্লৱ প্ৰতীম হাজৰিকা, খেল সম্পাদক পদৰ বাবে স্বৰাঙ বসুমতাৰী আৰু ঋষভ নাৰ্জাৰীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে বুলি জানিব পৰা গৈছে ৷

আনহাতে, ছাত্ৰ জিৰণি কোঠা সম্পাদক পদৰ বাবে বিজিত গৌৰা বসুমতাৰী আৰু সুৰজ ফুকন, ছাত্ৰী জিৰণি কোঠা সম্পাদক পদৰ বাবে অংগীতা শইকীয়া ঠেঙাল আৰু ৱিনী ডেকা, শৰীৰ চৰ্চা বিভাগৰ সম্পাদক পদৰ বাবে ভাৰ্গৱ কেওঁট, কৌস্তুভ বকলিয়াল আৰু শিৱাশীষ বশিষ্ঠ, সমাজসেৱা বিভাগৰ সম্পাদক পদৰ বাবে আব্দুল আজিজ লস্কৰ আৰু দেৱংগনা চক্ৰৱৰ্তীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, ২৮ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা বিয়লি ৩ বজালৈ ষ্টুডেন্টছ ডে-হোম আৰু আৰ্টছ বিল্ডিঙৰ ১৭ নং কোঠাত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব । নিৰ্বাচনী বিধি অনুসৰি নিৰ্বাচনী প্ৰচাৰ অভিযান ২১ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজাৰ পৰা ২৬ ছেপ্টেম্বৰৰ সন্ধিয়া ৬ বজালৈ সীমাবদ্ধ থাকিব ।

২৬ ছেপ্টেম্বৰত বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাভৱনত এখন মুকলি তৰ্ক অনুষ্ঠিত হ'ব । আনহাতে, ২৯ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত ভোট গণনা অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক : World Rhino Day 2023: ভাৰতৰ মুঠ ৩৭০০ ৰ ভিতৰত অসমতেই আছে ২৮৯৫ টা এশিঙীয়া গঁড়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.