ETV Bharat / state

World Rhino Day 2023: ভাৰতৰ মুঠ ৩৭০০ ৰ ভিতৰত অসমতেই আছে ২৮৯৫ টা এশিঙীয়া গঁড়

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 9:47 AM IST

প্ৰত্যেক বছৰে ২২ ছেপ্টেম্বৰৰ দিনা সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব গঁড় দিৱস ৷ ক্ৰমাৎ বিলুপ্ত হ’বলৈ ধৰা বিভিন্ন প্ৰজাতিৰ গঁড়ক জীয়াই ৰখাৰ স্বাৰ্থত সমগ্ৰ বিশ্বতে পালন কৰা হয় এই দিৱসটি ৷ তথ্য অনুসৰি, সমগ্ৰ ভাৰতত বৰ্তমান ৩৭০০ টা আৰু অসমত প্ৰায় ২৮৯৫ টা এশিঙীয়া গঁড় আছে বুলি জানিব পৰা গৈছে ৷

World Rhino Day
আজি বিশ্ব গঁড় দিৱস

বিশ্ব গঁড় দিৱসৰ বিশেষত্ব

কলিয়াবৰ, ২২ ছেপ্টেম্বৰ : আজি বিশ্ব গঁড় দিৱস । প্ৰতি বছৰে ২২ ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ বিশ্বজুৰি এই দিৱস উদযাপন কৰা হয় । মূলতঃ মানুহক গঁড়ৰ পাঁচবিধ প্ৰজাতিৰ বিষয়ে সজাগ কৰাৰ লগতে শিক্ষা দিবলৈ এই দিৱসটি পালন কৰা হয় ।

বিংশ শতাব্দীৰ প্ৰাৰম্ভতে বিশ্বত গঁড়ৰ সংখ্যা আছিল প্ৰায় পাঁচ লাখ । ১৯৭০ চনত ইয়াৰ সংখ্যা সত্তৰ হাজাৰলৈ হ্ৰাস পালে । বৰ্তমান বিশ্বত গঁড়ৰ সংখ্যা ২৭ হাজাৰ বুলি জনা যায় । এই সংখ্যাৰ বেছিভাগেই আফ্ৰিকা আৰু এছিয়া দেশতেই জীৱিত আছে ।

সমগ্ৰ ভাৰতত থকা এশিঙীয়া গঁড়ৰ সংখ্যা ৩,৭০০ টা । অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা গঁড়ৰ সংখ্যা হ’ল ২৬১৩ টা । তদুপৰি, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ১২৫ টা, পবিতৰা অভয়াৰণ্যত ১০৭ টা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানত ৪০ টা গঁড় থকাৰ তথ্য পোৱা গৈছে ৷ অৰ্থাৎ কেৱল অসমতেই প্ৰায় ২৮৯৫ টা গঁড় আছে ৷ এই তথ্য চলিত বছৰৰ জানুৱাৰী মাহত চৰকাৰে দিয়া তথ্যত উল্লেখ আছে ।

শেহতীয়াকৈ, অসমত চোৰাং চিকাৰীৰ হাতত গঁড় নিধনৰ সংখ্যা প্ৰায় নোহোৱাটো ৰাজ্য তথা বিশ্ববাসীৰ বাবে সুখৰ বিষয় । এই বিশেষ দিৱসটো পালন কৰাৰ উদ্দেশ্য হৈছে আফ্ৰিকা আৰু এছিয়াত বাস কৰা গঁড়ৰ বিভিন্ন প্ৰজাতিৰ বিষয়ে সজাগতা বঢ়োৱা আৰু মানুহক গঁড়ৰ সংৰক্ষণ কৰাৰ বাবে উৎসাহিত কৰা ।

আজিৰ দিনটোৰ ঘোষণা ২০১০ চনত ডব্লিউডব্লিউএফ-দক্ষিণ আফ্ৰিকাৰ দ্বাৰা কৰা হৈছিল । আন্নামিটিচি প্ৰতিষ্ঠাপক তথা তথা জিম্বাবোৱেৰ চিচাকৱে ৰেঞ্চৰ গৰাকী লিছা জেন কেম্পবেলে ২০১১ চনত অনুষ্ঠানটোৰ সৃষ্টিশীল পৰিচালক ৰিশজা কোটাৰ সৈতে মিলিত হৈ পাঁচোটা প্ৰজাতিৰ গঁড় বিলুপ্তিৰ পৰা সংৰক্ষণ বা সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা বৃদ্ধি কৰিছিল ।

বাৰ্ষিক উদযাপনে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছিল । বিশ্ব গঁড় দিৱস প্ৰথমবাৰৰ বাবে ২০১১ চনত পালন কৰা হৈছিল আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে ইয়াক বিশ্বজুৰি পালন কৰা হৈছে । চোৰাং চিকাৰ, জলবায়ু পৰিৱৰ্তন, আৰু তেওঁলোকৰ প্ৰাকৃতিক পৰিৱেশত হোৱা বিভ্ৰান্তিৰ ফলত গঁড় বিলুপ্ত হোৱাৰ আশংকা আছে ।

এই দিৱসৰ বাৰ্ষিক স্মৰণীয় অনুষ্ঠানটোৱে বিশ্বজুৰি গঁড়ৰ প্ৰজাতিৰ সুৰক্ষা আৰু যত্নৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা বিয়পোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । বৰ্তমান সময়ত তিনিটা প্ৰজাতিৰ গঁড় - ক’লা, জাভান আৰু সুমাত্ৰান গুৰুতৰভাৱে বিপদাপন্ন বুলি কোৱা হয় ।

লগতে পঢ়ক : World Rhino Day 2023 : বিশ্ব গঁড় দিৱসৰ ইতিহাস আৰু তাৎপৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.