ETV Bharat / state

Nirmala Sitharaman: যোৱা বিত্তীয় বৰ্ষত অসমত আই জি এছ টি সংগ্ৰহ ৭,০৯৭.৪৬ কোটি টকা

author img

By

Published : Jul 21, 2023, 4:59 PM IST

Nirmala Sitharaman:
Nirmala Sitharaman:

দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু ত্ৰিপুৰালৈ আহিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ৷ গুৱাহাটীত এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাচতে ত্ৰিপুৰালৈ ৰাওনা হয় বিত্তমন্ত্ৰীগৰাকী ৷

অসমত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

গুৱাহাটী, ২০ জুলাই: কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ দুদিনীয়া উত্তৰ-পূৱ ভ্ৰমণ । শুকুৰবাৰে গুৱাহাটীত কেন্দ্ৰীয় আৰোক্ষ কৰ আৰু শুল্ক বৰ্ডৰ বিনিয়োগ অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ৷ বৈঠকত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক ব’ৰ্ডৰ বিষয়া আৰু কৰ্মচাৰীসকলক সম্বোধন কৰে ।

ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱাৰ অভিলেখ’ বঁটা আনুষ্ঠানিকভাৱে প্ৰদানৰ বাবে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰে সীতাৰমণে । গুৱাহাটীৰ এখন হোটেলত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত চিবিআইচিৰ (CBIC) ২৯ গৰাকী বিষয়া-কৰ্মচাৰীক ৰাষ্ট্ৰপতিৰ প্ৰশংসাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ।

বৈঠকত সম্বোধন কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগ উত্থাপনেৰে কয়,“উত্তৰ-পূৰ্বাঞ্চলত জি এছ টিয়ে (GST) উল্লেখযোগ্য সফলতা লাভ কৰিছে । তদানীন্তন বিত্তমন্ত্ৰী তথা বৰ্তমানৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত অসমো জি এছ টি অনুমোদন কৰা প্ৰথম ৰাজ্যসমূহৰ ভিতৰত অন্যতম আছিল ।”

  • Sh. Prabhjeet Gulati of 2002 batch of IRS suffered a spinal injury during an anti-narcotic operation in 2008 which left him permanently disabled. He has been instrumental in seizure of large quantities of contraband among other things.@nsitharaman @cbic_india pic.twitter.com/bzE3BGFBFw

    — PIB in Assam (@PIB_Guwahati) July 21, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বিত্তমন্ত্ৰীগৰাকীয়ে বৈঠকত দিয়া তথ্য অনুসৰি ২০১৬-১৭ চনত অসমৰ কেন্দ্ৰীয় বিক্ৰী কৰ সংগ্ৰহ, আন্তঃৰাজ্যিক বিক্ৰীৰ ওপৰত ৫৫৮.২৬ কোটি টকা । জি এছ টি প্ৰৱৰ্তনৰ পিচত প্ৰথম বছৰ ২০১৮-১৯ বৰ্ষত আই জি এছ টিৰ কৰ সংগ্ৰহ সাতগুণ বৃদ্ধি হৈ ৩,৮৬৭ কোটি টকা হয় ।

লগতে বৈঠকত বিত্তমন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে ২০২২-২৩ চনত অসমৰ আই জি এছ টি সংগ্ৰহ ৭,০৯৭.৪৬ কোটি টকা৷ ২০১৬-১৭ বৰ্ষৰ তুলনাত এই কৰৰ পৰিমাণ ১২ গুণ বৃদ্ধি পাইছে । কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে উৎপত্তি ভিত্তিক কৰ কেন্দ্ৰীয় বিক্ৰী কৰৰ বিপৰীতে জি এছ টি গন্তব্যস্থান ভিত্তিক কৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে জি এছ টিৰ দ্বাৰা লাভৱান হৈছে ।

উত্তৰ-পূবৰ গ্ৰাহক ৰাজ্যসমূহে জিএছটি সংগ্ৰহৰ ক্ষেত্ৰত উল্লেখযোগ্য উন্নতি দেখুৱাইছে আৰু লগতে ৰাজ্যসমূহলৈ উভতি যোৱা ধনৰ পৰিমাণৰ ক্ষেত্ৰতো উল্লেখযোগ্য উন্নতি দেখুৱাইছে । বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ২০২৩ চনৰ জানুৱাৰী মাহত প্ৰকাশ পোৱা ৰাজ্যিক বিত্ত সম্পৰ্কীয় আৰ বি আইৰ প্ৰতিবেদন অনুসৰি জি এছ টি শাসনত উত্তৰ-পূবৰ ৰাজ্যসমূহে সৰ্বাধিক হিতাধিকাৰী হিচাপে পৰিগণিত হৈছে ৷

জি এছ টি কাৰ্যকৰী হোৱাৰ পিচৰে পৰা বাৰ্ষিক জি এছ টি ৰাজহ বৃদ্ধিৰ হাৰ ২৭.৫% যৌগিকভাৱে ৰেকৰ্ড কৰিছে, যিটো সকলো ৰাজ্যৰ ১৪.৮ শতাংশ ৷ ২০১৭ চনত জি এছ টি প্ৰৱৰ্তনৰ সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যতে জি এছ টিৰ অধীনত পঞ্জীয়নভুক্ত কৰদাতাৰ মুঠ সংখ্যা প্ৰায় ১ লাখ আছিল, যিটো আজিলৈকে প্ৰায় ৩.৪৫ লাখলৈ বৃদ্ধি পাইছে । বিত্তমন্ত্ৰী সীতাৰমণে সদৰী কৰে এই কথা ৷

এই অনুষ্ঠানত লগতে উপস্থিত থাকে ৰাজহ সচিব সঞ্জয় মলহোত্ৰা আৰু চিবিআইচিৰ অধ্যক্ষ বিবেক জোহৰী । উল্লেখযোগ্য যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ দুদিনীয়া অসম আৰু ত্ৰিপুৰা ভ্ৰমণলৈ আহিছে । গুৱাহাটীৰ পৰা তেঁও যাত্ৰা কৰে ত্ৰিপুৰালৈ ৷ ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত জি এছ টি ভৱনৰ উদ্বোধনী অনুষ্ঠানতো অংশগ্ৰহণ কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: Kuki Women Raped: মণিপুৰৰ ৰাজ্যপালৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.