ETV Bharat / state

GP Singh PC: ৩০ দিনৰ ভিতৰত নকল সোণৰ ঘাটি উৎখাত কৰাৰ আশ্বাস আৰক্ষী সঞ্চালক প্ৰধানৰ

author img

By

Published : May 20, 2023, 3:31 PM IST

Updated : May 20, 2023, 4:03 PM IST

GP Singh assures to uproot fake gold dens within 30 days
৩০ দিনৰ ভিতৰত নকল সোণৰ ঘাটি উৎখাত কৰাৰ আশ্বাস

জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৱে পোহৰলৈ আনিলে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি থকা নকল সোণৰ বেহাৰ তথ্য । ইতিমধ্যে উত্তৰ অসম নকল সোণৰ ঘাটিলৈ ৰূপান্তৰ হোৱাতো পৰিস্ফূৰ্ত হৈ পৰিছে । সেয়েহে নকল সোণৰ ঘাটি পুলিয়ে-পোখাই উৎখাত কৰিবলৈ কঠোৰ হৈছে অসম আৰক্ষী (Assam Police against Fake Gold) ।

৩০ দিনৰ ভিতৰত নকল সোণৰ ঘাটি উৎখাত কৰাৰ আশ্বাস

গুৱাহাটী,২০ মে': নকল সোণৰ ঘাটিলৈ পৰিণত উত্তৰ অসম । ইতিমধ্যে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তই পোহৰলৈ আনিছে এই ভয়ংকৰ তথ্য (Junmoni Rabha Accident Case) । লগে লগে নকল সোণৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী (Assam Police against Fake Gold) । আৰম্ভ কৰিছে নকল সোণ আৰু নকল নোটৰ বিৰুদ্ধে তীব্ৰ অভিযান । ৩০ দিনৰ ভিতৰত নকল সোণৰ ঘাটি উৎখাত কৰাৰ আশ্বাস প্ৰদান কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জ্যানেন্দ্ৰ প্ৰতাপ সিঙে ।

অসম আৰক্ষীৰ মহিলা উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ সমগ্ৰ ৰাজ্যতে এতিয়া এই অস্বাভাৱিক মৃত্যুৰে চৰ্চা (Junmoni Rabha accident) ৷ ৰাজ্যবাসীক ম্ৰিয়মাণ কৰি তোলা এই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব শেহতীয়াকৈ অপৰ্ণ কৰা হৈছে চি বি আইক (Junmoni Rabha case to CBI) ।

সমান্তৰালভাৱে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তত পোহৰলৈ আহিল ৰাজ্যত অবাধে চলি থকা নকল সোণৰ বেহাৰ এক ভয়ংকৰ তথ্য । এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে নকল নোট আৰু নকল সোণৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান । ৩০ দিনৰ ভিতৰত অসমত নকল নোট আৰু নকলসোণৰ ব্যৱসায়ী উৎখাত কৰা হ'ব বুলি আশ্বাস দিয়ে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে(GP Singh assures to uproot fake gold dens within 30 days) ।

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শনিবাৰে সংবাদমেল সম্বোধন কৰি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয় যে অহা ৩০ দিনৰ ভিতৰত অসমৰ পৰা নকল সোণ আৰু নকল নোটৰ ব্যৱসায় উৎখাত কৰা হ'ব । নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত নকল নোট আৰু নকল সোণৰ বিৰুদ্ধে অভিযান চলায় ৭১ জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি তথ্য প্ৰকাশ কৰে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে ।

তদুপৰি ৬.৫০ লাখ টকা বিশ্বনাথৰ পৰা জব্দ কৰা হৈছে । বিশ্বনাথৰ পৰা ৮ জন, নগাঁৱৰ পৰা ১০ জন, কাৰ্বি আংলঙৰ পৰা ৪ জন, লখিমপুৰৰ পৰা ১০ জন, শোণিতপুৰৰ পৰা ১১ জন, বৰপেটাৰ পৰা ৪ জন, বঙাইগাঁৱৰ পৰা ৪ জন, ওদালগুৰিৰ পৰা ২ জন, তামুলপুৰৰ পৰা ১ জন, মৰিগাঁৱৰ পৰা ৬ জন , বাক্সাৰ পৰা ১ জন , কোকৰাঝাৰৰ পৰা ৯ জন , দৰঙৰ পৰা ১ জন, ধুবুৰীৰ পৰা ৪ জনক গ্ৰেপ্তাৰ কৰা হৈছে ।

তেওঁ লগতে কয় যে নকল নোট উচ্চ আৰু নিম্ন দুটা মানৰ আছে । অসমত বিশেষকৈ নিম্ন মানৰটো দেখা যায় । এই নোটবোৰ চুবুৰীয়া ৰাজ্যৰ লগতে অসমৰ কিছু স্থানত বনোৱা হয় । অসমৰ লখিমপুৰ, নগাঁও, মৰিগাঁও, শোণিতপুৰ আদিৰ পৰা নকল নোটৰ ব্যৱসায়ী চলে । আনহাতে চিমেন্টেৰে কিছুমান নকল সোণৰ মূৰ্তি আৰু নাও বনাই বিক্ৰীৰ বাবে বাহিৰৰ পৰা গ্ৰাহকক মাতে । আৰু তাৰ পিচত প্ৰৱঞ্চনাৰে গ্ৰাহকক বিক্ৰী কৰি দিয়ে নাইবা একাংশই গ্ৰাহকৰ ধন কাঢ়ি লৈ যায় ।

লগতে পঢ়ক: Junmoni Rabha mysterious death: জোনমণি ৰাভাৰ মৃত্যু তদন্ত সন্দৰ্ভত সংবাদমেলত কি ক’লে DGP য়ে !

Last Updated :May 20, 2023, 4:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.