ETV Bharat / state

UNICEF initiative : শিশু কিশোৰ-কিশোৰীৰ সুৰক্ষাৰ বাবে ইউনিচেফৰ নতুন উদ্যোগ 'ইউ ৰিপ'ৰ্ট'

author img

By

Published : Jul 18, 2022, 5:57 PM IST

a
a

দেশৰ শিশু আৰু কিশোৰ-কিশোৰী সকলৰ সুৰক্ষাৰ দিশটোক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আগত ৰাখি ইউনিচেফ আৰু এন এছ এছ কৰ্তৃপক্ষই আৰম্ভ কৰা 'ইউ ৰিপ'ৰ্ট ' শীৰ্ষক এক ডিজিটেল মঞ্চ আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ৰাজ্যৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে (Governor Jagdish Mukhi inaugurated U Report in Guwahati)।

গুৱাহাটী,‌‌ ১৮ জুলাই : তৰুণ প্ৰজন্মৰ কিশোৰ-কিশোৰীসকলৰ হাতে হাতে থকা মোবাইল আৰু জনপ্ৰিয় সামাজিক মাধ্যমৰ বিকাশৰ সমান্তৰালকৈ ডিজিটেল মাধ্যমৰ ইতিবাচক ব্যৱহাৰেৰে শিশু আৰু কিশোৰ-কিশোৰীৰ সুৰক্ষাৰ দিশত আজি আৰু এটা সবল খোজ আগবঢ়ালে অসমে ( Assam took step towards safety of children and adolescents) । আজি গুৱাহাটীৰ হোটেল ভিভাণ্টাত ইউনিচেফৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 'ইউ‌ ৰিপ'ৰ্ট' শীৰ্ষক এক ডিজিটেল মঞ্চ উদ্বোধন কৰে ৰাজ্যৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে (Governor Jagdish Mukhi inaugurated U Report in Guwahati) ।‌‌

U Report উদ্বোধনী অনুষ্ঠানত ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী
U Report উদ্বোধনী অনুষ্ঠানত ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী

শিশু আৰু কিশোৰ-কিশোৰীয়ে সমাজৰ বিভিন্ন পৰ্যায়ত সন্মুখীন হ'ব পৰা নিৰাপত্তাহীনতাৰ পৰা ৰক্ষা কৰিবলৈ আৰু সেই সন্দৰ্ভত সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে ইউ ৰিপ'ৰ্ট নামৰ ডিজিটেল মঞ্চখনৰ (UNICEF initiative digital platform U Report) । এই মঞ্চৰ সুপ্ৰয়োগেৰে আজিৰে পৰা অসমৰ শিশু, কিশোৰ-কিশোৰীসকলেও নিজে সমাজত সন্মুখীন হোৱা সমস্যাৰ বিষয়ে এই মঞ্চক অৱগত কৰি পৰামৰ্শ লোৱাৰ উপৰি আইনী সাহায্য লোৱাৰ পথো‌ সুচল কৰিব পাৰিব ।‌‌

উল্লেখযোগ্য যে ২০১৯ চনতে নতুন দিল্লীত দেশৰ সামাজিক ন্যায় মন্ত্ৰী স্মৃতি ইৰানীয়ে শিশু আৰু কিশোৰ-কিশোৰীৰ অধিকাৰ সুৰক্ষা বিষয়ক ইউ ৰিপ'ৰ্ট ডিজিটেল মঞ্চৰ আনুষ্ঠানিক শুভাৰম্ভ কৰি এক গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছিল (social justice minister Smriti Irani launching U Report in 2019)। ‌‌তাৰ পিছত আজি অসমৰ ৰাজ্যপালগৰাকীয়ে শিশু আৰু কিশোৰ-কিশোৰীৰ ওপৰত চলা শাৰীৰিক নিৰ্যাতন, ডিজিটেল মাধ্যমৰ যোগেদি চলা মানসিক উৎপীড়ন আৰু অন্যান্য দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে তথ্য সংগ্ৰহ আৰু ব্যাৱহাৰিক পদক্ষেপ লোৱাৰ বাবে ইউ ৰিপ'ৰ্ট ৰ শুভাৰম্ভ কৰে ।

U Report উদ্বোধনী অনুষ্ঠানত ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী
U Report উদ্বোধনী অনুষ্ঠানত ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী

ইউনিচেফৰ অসম কাৰ্যালয়, এন এছ এছ আৰু ৱে ফাউণ্ডেচনৰ সমন্বিত প্ৰচেষ্টাত (Integrated efforts of UNICEF Assam, NSS and Way Foundation) আৰম্ভ হোৱা ইউ ৰিপ'ৰ্ট ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কয় যে এই পদক্ষেপে শিশু আৰু কিশোৰ-কিশোৰীৰ বিৰুদ্ধে চলি থকা অন্যায় প্ৰতিৰোধ কৰাত বিশেষ অৰিহণা আগবঢ়াব । এই অভিযানত যাতে অসমৰ গৰিষ্ঠ সংখ্যক শিক্ষাৰ্থী নিয়োজিত হয় তাৰ বাবে তেওঁ ৰাজ্যৰ আটাইকেইখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিব বুলি মন্তব্য কৰে ।

আনহাতে, আজিৰ অনুষ্ঠানটোত উপস্থিত থাকি শিশু আৰু কিশোৰ-কিশোৰীৰ বিৰুদ্ধে চলি থকা নিৰ্যাতনৰ বিপৰীতে সজাগতা সৃষ্টিত সংবাদ মাধ্যমৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে বিশিষ্ট সাংবাদিক তথা ৰাজ্যৰ তথ্য আয়ুক্ত সমুদ্ৰগুপ্ত কাশ্যপে (Eminent journalist and state information commissioner Samudragupta Kashyap) । তেওঁ কয় যে এই ইউ ৰিপ'ৰ্ট প্ৰক্ৰিয়াই শিশু আৰু কিশোৰ-কিশোৰীসকলক নিজকে সুৰক্ষিত কৰাৰ অনন্য সুযোগ উলিয়াই দিছে ।

অনুষ্ঠানত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমীত সিং (Guwahati Police Commissioner Harmeet Singh) আৰু এন এছ এছৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুৰব্বী দীপক কুমাৰেও (NSS North East Chief Deepak Kumar) বক্তব্য আগবঢ়ায় । অনুষ্ঠানত ইউনিচেফ অসমৰ মুৰব্বী ড০ মধুলিকা জনাথনে (UNICEF Assam Chief Dr Madhulika Jonathan) অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত শিশু আৰু কিশোৰ-কিশোৰীৰ সুৰক্ষাৰ শেহতীয়া ছবিখন দাঙি ধৰি এই ক্ষেত্ৰত সজাগতা অভিযানসমূহৰ গুৰুত্বক আঙুলিয়াই দিয়ে।

লগতে পঢ়ক :Presidential polling 2022: দিছপুৰত 123 গৰাকী বিধায়কৰ ভোটদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.