ETV Bharat / state

Presidential polling 2022: দিছপুৰত 123 গৰাকী বিধায়কৰ ভোটদান

author img

By

Published : Jul 18, 2022, 1:31 PM IST

অসমৰ দিছপুৰ বিধানসভাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটদান কৰে 123 গৰাকী বিধায়কে (Presidential polling 2022 in Assam)৷ দিছপুৰৰ বিধানসভাৰ চেন্ট্ৰেল হলত পুৱা 10 বজাৰ পৰা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে (123 MLA will vote in presidential Election) ৷

Presidential polling 2022
দিছপুৰত 123 গৰাকী বিধায়কৰ ভোটদান

গুৱাহাটী, 18 জুলাই : আজি অনুষ্ঠিত হ’ল বহু প্ৰত্যাশিত 15 তম ৰাষ্ট্ৰপতি নিৰ্বাচন (Presidential election 2022)৷ এন ডি এৰ প্ৰাৰ্থী তথা ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মু (NDA candidate Droupadi Murmu) আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী জ্যেষ্ঠ ৰাজনীতিবিদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিনহাৰ মাজত ভোটযুদ্ধ (Opposition candidate Yashwant Sinha ) ৷ এই ৰাষ্ট্ৰপতি নিৰ্বাচনত দেশৰ 4,800 গৰাকী সাংসদ আৰু বিধায়কে ভোটদান কৰিব ৷

অসমৰ দিছপুৰ বিধানসভাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটদান কৰে 123 গৰাকী বিধায়কে (Presidential polling 2022 in Assam)৷ দিছপুৰৰ বিধানসভাৰ চেন্ট্ৰেল হলত পুৱা 10 বজাৰ পৰা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৷ ভোটদানৰ বাবে বিধায়কসকলৰ বাবে গুলপীয়া বেলট আৰু সাংসদসকলৰ বাবে সেউজীয়া ৰঙৰ বেলটৰ ব্যৱস্থা কৰিছে ৷ ভোটদানত বেঙুনীয়া চিঞাহী ব্যৱহাৰ কৰিব লাগিব ৷ শাসকীয় দলৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকা, ভূৱন পেগু আৰু সুশান্ত বৰগোহাঁই প’লিং এজেন্ট দায়িত্বত আছে ৷ আনহাতে বিৰোধী পক্ষৰ পৰা ৰকিবুল হুছেইন, জাকিৰ হুছেইন শিকদাৰ আৰু দিগন্ত বৰ্মন প’লিং এজেন্ট হিচাপে আছে ৷

জানিব পৰামতে বিধানসভাৰ চেন্ট্ৰেল হলত মুঠ 123 গৰাকী বিধায়কে ভোটদান কৰিব (123 MLA will vote in presidential Election)৷ কংগ্ৰেছৰ বিধায়ক ভৰত চন্দ্ৰ নৰহে সংসদৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব ৷ লগতে অসমৰ কেইবাজন সাংসদে সংসদত ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব বুলি জানিব পৰা গৈছে ৷ ইপিনে এ আই ইউ এফৰ দুই বিধায়ক নিজামুদ্দিন চৌধুৰী আৰু সুজামউদ্দিন লস্কৰে হজলৈ যোৱ পৰিপ্ৰেক্ষিতত ভোটদান কৰিব নোৱাৰিব ।

ইয়াৰোপৰি কংগ্ৰেছৰ নিলম্বিত বিধায়কসক শশীকান্ত দাসে দ্ৰৌপদী মুৰ্মুক ভোট দিব বুলি জনোৱাৰ বিপৰীতে শ্বেৰমান আলীয়ে যশোৱন্ত সিনহাক ভোট দিব বুলি প্ৰকাশ কৰিছে ৷ অন্য এগৰাকী নিলম্বিত কংগ্ৰেছী বিধায়ক ছিদ্দিক আহমেদে ভোটদান কাক কৰিব এতিয়ালৈ প্ৰকাশ কৰা নাই ৷

বিয়লি ভোটদান সম্পন্ন হোৱাৰ পাছতে বেলট বাকচটো পৰৱৰ্তী উপলব্ধ বিমানযোগে নতুন দিল্লীলৈ লৈ যোৱা হ'ব। ৰাজ্যসভাত স্থাপন কৰা ষ্ট্ৰং ৰূমত বেলট বাকচ জমা কৰিব লাগিব বুলি অসমৰ ৰিটাৰ্নিং বিষয়াই জানিবলৈ দিয়ে ৷

উল্লেখ্য যে এই ৰাষ্ট্ৰপতি নিৰ্বাচনত অসমৰ এজন বিধায়কৰ ভোটৰ মূল্য হ'ব 116 ৷ অসমৰ 126 গৰাকী বিধায়কৰ ভোটৰ মূল্য হ'ব 14,616 ৷ বিজেপি আৰু মিত্ৰজোঁট মিলি 25 গৰকী বিজেপিৰ সাংসদে ভোটদান কৰাৰ বিপৰীতে বিৰোধী দলৰ 6 গৰাকী সাংসদে ভোটদান কৰিব ৷

লগতে পঢ়ক : অসমত ওলট পালট হ'ব পাৰে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটৰ অংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.