ETV Bharat / state

শীঘ্ৰেই মুক্তি লাভ কৰিব গৰুৱে

author img

By

Published : Dec 22, 2020, 7:57 PM IST

বহু প্ৰতীক্ষাৰ অন্তত জানুৱাৰীত মুক্তি লাভ কৰিব হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে নিৰ্মিত ছবি গৰু ৷ মুক্তিৰ পূৰ্বে চৰ্চিত এই কথাছবিখনে 1000 দৰ্শনীৰে ৰাজ্যৰ ভিন্ন স্থানৰ চলচিত্ৰ গৃহত মুক্তি লাভ কৰিব ৷

Goru film produced by himangshu prasad das will be releasing soon etv bharat assam news
জানুৱাৰীত মুক্তি লাভ কৰিব গৰুৱে

গুৱাহাটী,22 ডিচেম্বৰ: বহু প্ৰতীক্ষাৰ অন্তত শীঘ্ৰে মুক্তি লাভ কৰিব হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে নিৰ্মিত ছবি গৰু ৷ এই কথাছবিখনে মুক্তি লাভ কৰিব ২৩ জানুৱাৰীত ৷ হোটেল লেণ্ডমাৰ্কত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা অৱগত কৰে ছবিখনৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে ৷ ৰাজ্যৰ ৩২৫ টা স্থানৰ ছবিগৃহৰ সমান্তৰালকৈ গৰুৱে মুক্তি লাভ কৰিব প্ৰেক্ষাগৃহ তথা নাট্য মন্দিৰতো ৷

জানুৱাৰীত মুক্তি লাভ কৰিব গৰুৱে

উল্লেখ্য যে, ২২ জানুৱাৰীত মহানগৰীৰ উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত প্ৰথম দৰ্শনী মুকলি হ’বলগীয়া গৰুত অভিনয় কৰিছে বাহাৰুল ইছলাম, পাকিজা বেগম, সিদ্ধাৰ্থ মুখাৰ্জী, কমল লোচন, চন্দন দাস, লনিশ্ৰী আদি অভিনেতা-অভিনেত্ৰীসকলে ৷ ইতিমধ্যে ছবিখনৰ প্ৰদৰ্শনীৰ বাবে ১২৫ টা স্থান ইতিমধ্যে চূড়ান্ত হৈছে ৷ বাকী ২০০ টা স্থান বৰ্তমান খালী হৈ আছে ৷ যদিহে ছবিখন নিজ অঞ্চলত প্ৰচাৰৰ বাবে কোনোৱে বুকিং কৰিব বিচাৰে, তেন্তে গৰুৰ নিৰ্মাণকাৰী দলৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিচালক দাসে ৷ ছবিখনত সংগীত ব্যৱস্থাপনা কৰিছে অংগৰাগ পাপন মহন্ত, নীল আকাশ, দীপলীনা ডেকা আদিয়ে ৷

লগতে চাওকঃ 2018-19 চনৰ বিত্তীয় বৰ্ষৰ বাজেট জনসাধাৰণক আঁভূৱা ভৰাৰ বাজেট: ৰিপুণ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.