ETV Bharat / state

GU Convocation 2024 : গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত ৫৫৬২৬ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান

author img

By

Published : Feb 24, 2023, 9:09 PM IST

GU Convocation 2024
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ত্ৰিংশত্তম দীক্ষান্ত সমাৰোহ

আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ত্ৰিংশত্তম দীক্ষান্ত সমাৰোহ (GU Convocation 2024) ৷ এই সমাৰোহত কেবাহাজাৰ স্নাতক, স্নাতকোত্তৰ, এম.ফিল শিক্ষার্থী, পিএইচডিৰ শিক্ষাৰ্থীক ডিগ্ৰী আৰু ডিপ্লমা প্ৰদান কৰা হয় ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ত্ৰিংশত্তম দীক্ষান্ত সমাৰোহ

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী : গুৱাহাটী বিশ্ববিদ্যালয়ৰ ত্ৰিংশত্তম দীক্ষান্ত সমাৰোহ শুকুৰবাৰে দিনযোৰা কাৰ্যসূচীৰে বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় (GU Convocation held on Thursday)। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ত্ৰিংশত্তম দীক্ষান্ত সমাৰোহত ৫২,২৫৩ গৰাকী স্নাতক শিক্ষার্থী; ৩,১৫০ গৰাকী স্নাতকোত্তৰ শিক্ষাৰ্থী, ৫৭ গৰাকী এম.ফিল শিক্ষার্থী আৰু ১৬৬ গৰাকী পিএইচডি শিক্ষাৰ্থীক ডিগ্ৰী আৰু ডিপ্লমা প্ৰদান কৰা হয় । এই বৃহৎ সংখ্যক স্নাতক শিক্ষাৰ্থীৰ ভিতৰত ৩,২৭৭ গৰাকীয়ে শাৰীৰিকভাৱে এই সমাৰোহত অংশগ্ৰহণ কৰে ।

বিশিষ্ট পৰিৱেশবিদ অধ্যাপক দুলাল চন্দ্ৰ গোস্বামীক এই সমাৰোহতেই অনাৰেৰী ডক্টৰ অৱ চাইন্স (ডিএছচি), বিশিষ্ট সমাজ উন্নয়ন কৰ্মী আৰু নাৰীবাদী ড৹ মণিষা বেহাল আৰু বিশিষ্ট ডিমাচা সাহিত্যিক বিশ্বজ্যোতি বৰ্মনক অনাৰেৰী ডক্টৰ অৱ ফিল'চফি (পিএইচডি) ডিগ্ৰী প্ৰদান কৰা হয় । ৰাজ্যপালৰ অনুপস্থিতিত বিশ্ববিদ্যালয়ৰ উপাচার্য প্ৰফেছৰ প্ৰতাপজ্যোতি সন্দিকৈয়ে দীক্ষান্ত সমাৰোহৰ সভাপতিত্ব কৰে ।

তেওঁ ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱাৰ লগতে কয় যে, গুৱাহাটী বিশ্ববিদ্যালয়ে মনোযোগেৰে বিভিন্ন সামাজিক পৰিৱেশত ইয়াৰ শিক্ষাদান, শিকা, গৱেষণা আৰু সম্প্ৰসাৰণ কার্যকলাপ বজাই ৰাখিছে । তেওঁ শেহতীয়া এন আই আৰ এফ-ইণ্ডিয়া ৰেংকিং ২০২২ ৰ কথা উল্লেখ কৰি কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ক দেশৰ সকলো বিশ্ববিদ্যালয়ৰ ভিতৰত ৩৬ তম স্থানত আছে ।

লগতে পঢ়ক : PM Narendra Modi election campaign at Nagaland: উত্তৰ-পূবক ATM হিচাপে ব্যৱহাৰ কৰিছিল কংগ্ৰেছে

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ কাৰ্যকৰী কৰিবলৈ, বিশ্ববিদ্যালয়খনে ইতিমধ্যে বিশ্ববিদ্যালয় আৰু অনুমোদিত মহাবিদ্যালয় উভয়ৰ বাবে এক বিতং নিৰ্দেশনা প্ৰস্তুত কৰিছে বুলি তেওঁ কয় । সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত হৈ ভাৰতীয় সামাজিক বিজ্ঞান গৱেষণা পৰিষদৰ অধ্যক্ষ তথা পদ্মশ্ৰী বঁটা প্ৰাপ্ত অধ্যাপক যতিন্দ্ৰ কুমাৰ বাজাজে কয় যে, অমৃত কালৰ বাবে ৰাষ্ট্ৰই পাঁচটা প্ৰস্তাৱ গ্ৰহণ কৰিছে ।

ইয়াৰ ভিতৰত আছে এক উন্নত ভাৰত অৰ্জন কৰা, দাসত্বৰ সকলো চিহ্ন মচি পেলোৱা, আমাৰ উত্তৰাধিকাৰীৰ ওপৰত গৌৰৱ কৰা, ভাৰতীয় ভূমি আৰু জনসাধাৰণৰ একতাৰ অনুভূতি জাগ্ৰত কৰা, এক ভাৰত শ্ৰেষ্ঠ ভাৰত গঢ়া আৰু নাগৰিকত্বৰ কৰ্তব্য পালন কৰা ।

ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলে মহান ভাৰতীয় সভ্যতাৰ বাহক হোৱাৰ কৰ্তব্য পালন কৰিব আৰু ২০৪৭ চনৰ ভিতৰত এক গৌৰৱময়, আত্মবিশ্বাসী আৰু উন্নত ভাৰতক ৰূপ দিয়াত সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ হেমন্ত কুমাৰ নাথে দীক্ষান্ত সমাৰোহ অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তি আৰু শিক্ষাৰ্থীসকলক আদৰণি জনায় ।

উল্লেখ্য যে, বিশ্ববিদ্যালয়ৰ সন্মিলন গৃহত আয়োজিত এই সমাৰোহত অসমৰ নৱ-নিযুক্ত ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য গুলাব চান্দ কাটাৰিয়াই সভাপতিত্ব কৰাৰ কথা আছিল যদিও বিশেষ কাৰণবশতঃ উপস্থিত থাকিব নোৱাৰাত এক লিখিত পত্ৰযোগে সমাৰোহৰ ডিগ্ৰী লাভ কৰা সকলোকে উষ্ম অভিনন্দন জনায় ।

তেওঁলোকক নতুন চিন্তা আৰু জ্ঞানেৰে দেশক শক্তিশালী কৰা, উদীয়মান প্ৰত্যাহ্বানৰ মোকাবিলা কৰা আৰু সুযোগসমূহক মূলধন কৰা, সমাধান বিচাৰি উলিওৱা আৰু দৰিদ্ৰতা, বিভিন্ন অসমতা, পৰিৱেশৰ ক্ষতি আদিৰ দৰে ৰোগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত দৃঢ়তাৰে কাম কৰিবলৈও তেওঁ আহ্বান জনায় ।

তেওঁ কয় যে গুৱাহাটীত বিশ্ববিদ্যালয়ে নিজৰ ৭৫ বছৰৰ ইতিহাসত ৰাজ্যৰ লগতে দেশতো উচ্চ শিক্ষা আৰু জ্ঞানৰ উন্নতিত নিৰন্তৰ অৱদান আগবঢ়াই আহিছে । ৰাষ্ট্ৰীয় পৰ্যায়য় বিশ্ববিদ্যালয়ৰ শিক্ষার্থীসকলে সৃষ্টিশীল লিখনি, প্ৰদর্শন কলা, আইন, বিজ্ঞান, প্ৰশাসন, সাংবাদিকতা আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত অৰ্জন কৰা সাফল্যৰ প্ৰশংসা কৰে ।

লগতে পঢ়ক : Vote on Resolution Over Ukraine in UNGA : ইউক্ৰেইন প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত ভাৰতকে ধৰি ৩২ দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.