PM Narendra Modi election campaign at Nagaland: উত্তৰ-পূবক ATM হিচাপে ব্যৱহাৰ কৰিছিল কংগ্ৰেছে

By

Published : Feb 24, 2023, 5:29 PM IST

thumbnail

যোৰহাট, ২৪ ফেব্ৰুৱাৰী: নাগালেণ্ডৰ লগতে সমগ্ৰ উত্তৰ-পূবে কংগ্ৰেছক তেওঁলোকৰ পাপৰ শাস্তি দিছে ৷ ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে শুকুৰবাৰে ৰাজ্যখনত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi election campaign at Nagaland) ৷ প্ৰধানমন্ত্ৰীয়ে নাগালেণ্ডৰ পৰম্পৰাগত জনজাতীয় পোছাকত ডিমাপুৰত এখন জনসভা সম্বোধন কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘‘আপনাখান কেনেকা আছে ?’’ বুলি নাগামিজ ভাষাৰে জনসভাখন আৰম্ভ কৰি পূৰ্বৰ কংগ্ৰেছ দল প্ৰতি আক্ৰমনাত্মক হৈ পৰে (Nagaland Election 2023) ৷ 

ছুমুকেডিমাত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাখনত প্ৰধানমন্ত্ৰী মোডীয়ে নাগালেণ্ডবাসী জনতাৰ মৰমত আপ্লুত হোৱাৰ কথা ব্যক্ত কৰে ৷ তেওঁ জনসভাত এনডিপিপি আৰু বিজেপিয়ে মিত্ৰতা স্থাপন কৰি এইবাৰ পাহাৰীয়া ৰাজ্যখনৰ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা ব্যক্ত কৰি কংগ্ৰেছে উত্তৰ-পূবত শাসন চলোৱা নামত লুট-পাত চলোৱাহে দেখা পোৱা গ'ল বুলি কটাক্ষ কৰে ৷ কংগ্ৰেছ দলে উত্তৰ-পূবক এটি এম কাৰ্ড দৰে ব্যৱহাৰৰ কৰিছিল বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি কংগ্ৰেছ দলে এতিয়া উত্তৰ-পূবৰ প্ৰতি কৰা পাপৰ শাস্তি ভোগ কৰিছে বুলি কটু সমালোচনা কৰে (Nagaland assembly polls) ৷

তেওঁ কয় যে, কংগ্ৰেছে ভোট পাই আৰু পাহৰি যায় ৷ দিল্লীৰ কংগ্ৰেছৰ নেতাই নাগালেণ্ডক নাজানে ৷ কংগ্ৰেছে নাগালেণ্ডক দিল্লীৰ পৰা ৰিম’ট কন্ট্র’লেৰে চলাইছিল ৷ কংগ্ৰেছৰ আগৰ প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ পৰা এক টকা পঠিয়ালে ৰাইজে ১৫ পইছাহে পাইছিল ৷ কিন্তু এতিয়া অনলাইনত পোনপটীয়াকৈ ৰাইজে টকা পায় ৷ মাজত কোনেও এতিয়া টকা খাব নোৱাৰে ৷ যাৰবাবে এতিয়া ৰাজ্যখনত এনডিপিপি আৰু বিজেপি চৰকাৰ নেতৃত্বত বিশ্বাস আৰু উন্নয়নৰ লহৰ চলি আছে বুলি তেওঁ উল্লেখ কৰে । 

উল্লেখ্য যে, নাগালেণ্ডত নিৰ্বাচনী প্ৰচাৰত বিজেপি শীৰ্ষ নেতৃত্বয়ে ক্ৰমাগতভাৱে অংশগ্ৰহণ কৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ পৰাৰ আৰম্ভ কৰিৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনডিপিপি আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে । অন্যহাতে অসম মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই ধাৰাবাহিকভাৱে পাহাৰীয়া ৰাজ্য নাগালেণ্ড আৰু মেঘালয়ত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে । 

ইয়াৰ পাচতেই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ড আৰু মেঘালয়ত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে (Nagaland polls 2023) । পাহাৰীয়া ৰাজ্যখনৰ নিৰ্বাচনী প্ৰচাৰত বিজেপি ষ্টাৰ কেম্পেইনাৰৰ ভিৰ অভাৱনীয় হাৰত দেখিবলৈ পোৱাৰ বিপৰীতে দেখা হোৱা নাই কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ ৷

লগতে পঢ়ক: Nagaland Assembly Election 2023: নাগালেণ্ড বিজেপিৰ সভাপতিক ভোট নিদিয়াৰ সকীয়নি এনএছচিএনৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.