ETV Bharat / state

Srinivas BV case: আদালতত শ্ৰীনিবাসৰ মুখথেকেচা

author img

By

Published : Apr 26, 2023, 9:44 PM IST

Updated : Apr 27, 2023, 7:12 AM IST

খাৰিজ নহ’ল অংকিতাৰ এজাহাৰ (Ankita Dutta files FIR against Srinivas BV) ৷ অংকিতা দত্তই দাখিল কৰা নিৰ্যাতনৰ অভিযোগৰ এজাহাৰ খাৰিজ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল শ্ৰীনিবাস বিভিয়ে (Gauhati High Court dismisses Srinivas plea )৷ বুধবাৰে শুনানি গ্ৰহণ কৰে এই আবেদনৰ...

Gauhati High Court dismisses Srinivas plea
আদালতত শ্ৰীনিবাসৰ মুখথেকেচা

গুৱাহাটী, ২৬ এপ্ৰিল : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা সমায়িক সকাহ লাভ কৰাত ব্যৰ্থ হ’ল ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিয়ে (Angkita alleged Srinivas BV) ৷ অংকিতা দত্তই দাখিল কৰা নিৰ্যাতনৰ অভিযোগৰ এজাহাৰ খাৰিজ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল শ্ৰীনিবাস বিভিয়ে (Gauhati High Court dismisses Srinivas plea) ৷ বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই আবেদনৰ শুনানি গ্ৰহণ কৰে ৷

ন্যায়াধীশ অজিত বৰঠাকুৰৰ এজনীয়া বিচাৰপীঠে আজি গ্ৰহণ কৰা শুনানিত শ্ৰীনিবাসক কোনো অন্তৱৰ্তীকালীন সকাহ প্ৰদান নকৰিলে (Case against IYC president Srinivas) ৷ ইয়াৰ বিপৰীতে কেছ ডায়েৰীৰ বাবেহে আহ্বান জনালে আদালতে ৷ আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা কে এন চৌধুৰীয়ে যুক্তি প্ৰদৰ্শন কৰে ৷ চৰকাৰী পক্ষৰ হৈ যুক্তি প্ৰদৰ্শন কৰে অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ লগতে ৰাজহুৱা অধিবক্তা মাখন ফুকনে ৷

উল্লেখ্য যে, বহিষ্কৃত অসমৰ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অংকিতা দত্তই দাখিল কৰা অভিযোগ খাৰিজ কৰিবলৈ ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত যোৱা ২৫ এপ্ৰিলত আবেদন জনাইছিল৷ অংকিতা দত্তই দাখিল কৰা হাৰাশাস্তিৰ অভিযোগৰ গোচৰৰ প্ৰতিক্ৰিয়াস্বৰূপে গুৱাহাটী আৰক্ষী বিভাগ আৰু অপৰাধ অনুসন্ধান বিভাগ দুয়োটাই কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় যুৱ নেতাগৰাকীক চমন জাৰি কৰিছিল (Angkita Dutta accuses IYC president) ৷

ইয়াৰ পিচতে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্তই দাখিল কৰা নিৰ্যাতনৰ গোচৰ সন্দৰ্ভত সোধ-পোচ কৰাৰ বাবে অহা ২ মে’ত শ্ৰীনিবাসক থানাত হাজিৰ হ’বলৈ জাননী প্ৰেৰণ কৰিছে গুৱাহাটী আৰক্ষীয়ে ৷ অসম আৰক্ষীৰ অতিৰিক্ত উপ আয়ুক্ত (পূৱ গুৱাহাটী) মৈত্ৰেয়ী ডেকাই ২৩ এপ্ৰিলত কৰ্ণাটকৰ শ্ৰীনিবাসৰ বাসগৃহত জাননী জাৰি কৰিছিল ৷

লগতে পঢ়ক: Formalin used in Fish: ফৰ্মেলিনযুক্ত মাছেৰে মৃত্যুৰ মুখলৈ ঠেলি দিছে অসমবাসীক !

মন কৰিবলগীয়া যে অহা ১০ মে’ত কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন (Karnataka Assembly election 2024)৷ তাৰ পূৰ্বে যোৱা ২ মে’ত দিছপুৰ থানাৰ চমন অনুসৰি আৰক্ষীৰ ওচৰত হাজিৰ হ’ব লাগিব শ্ৰীনিবাস ৷ আনহাতে অহা ২ মে’ত হ’বলগীয়া পৰৱৰ্তী শুনানিৰ দিনটোতেই কেছ ডায়েৰী দাখিল কৰিবলৈ আৰক্ষীক নিৰ্দেশনা দিয়ে উচ্চ ন্যায়ালয়ে ৷

Last Updated :Apr 27, 2023, 7:12 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.