ETV Bharat / state

Axom Gunotsav 2023: আজিৰে পৰা ৰাজ্যত আৰম্ভ চতুৰ্থ পৰ্বৰ গুণোৎসৱ

author img

By

Published : Jan 18, 2023, 2:23 PM IST

আজিৰে পৰা ৰাজ্যৰ ১১ খন জিলাত চতুৰ্থ পৰ্বৰ গুণোৎসৱ আৰম্ভ (Axom Gunotsav 2023) । সলনি হ’ল স্ব-মূল্যায়নৰ পদ্ধতি ৷

Fourth phase of Gunotsav started in Assam from today
আৰম্ভ চতুৰ্থ পৰ্বৰ গুণোৎসৱ

গুৱাহাটী, ১৮ জানুৱাৰী : আজিৰে পৰা ৰাজ্যত আকৌ আৰম্ভ হৈছে গুণোৎসৱ (Axom Gunotsav 2023) ৷ শৈক্ষিক ফলাফল বৃদ্ধি কৰি গুণগত প্ৰাথমিক শিক্ষা সুনিশ্চিত কৰাৰ কাৰণে অসম চৰকাৰৰ এক পদক্ষেপ হ’ল গুণোৎসৱ ৷ জিলাই জিলাই ব্যাপক প্ৰস্তুতিৰে বুধবাৰৰ পৰা আৰম্ভ হৈছে এই বছৰৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ (2023 Gunotsav starts on 18 January) ৷

আনবাৰৰ গুণোৎসৱতকৈ এইবাৰ কিছু পৃথক নীতি-নিয়মেৰে এইবাৰৰ গুণোৎসৱ পালন কৰা হৈছে ৷ স্ব-মূল্যায়নৰ নীতি সলনি কৰি অনুষ্ঠিত হৈছে এইবাৰৰ গুণোৎসৱ ৷ আজিৰে পৰা ২১ জানুৱাৰীলৈ মুঠ ৪ দিন ধৰি অনুষ্ঠিত হ’ব এই প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ৷ ৰাজ্যৰ মুঠ ১১ খন জিলাত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ গুণোৎসৱ (Axom Sarba Siksha Abhijan Mission) ৷

এই ১১ খন জিলা হ’ল— বৰপেটা, কৰিমগঞ্জ, বৰপেটা, কাৰ্বি আংলং, কোকৰাঝাৰ, কামৰূপ, লখিমপুৰ, মাজুলী, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা, মানকাচাৰ আৰু ওদালগুৰি ৷ মুঠ ১১ খন জিলাত আজিৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱত অসমীয়া, বড়ো, বঙালী, হিন্দী, ইংৰাজী, নেপালী, গাৰো আৰু মণিপুৰীকে ধৰি মঠ ১৬,৯৪০ খন বিদ্যালয়ক এই কাৰ্যসূচীৰ অধীনত সামৰি লোৱা হৈছে ।

Fourth phase of Gunotsav started in Assam from today
আৰম্ভ চতুৰ্থ পৰ্বৰ গুণোৎসৱ

আনহাতে মুঠ ১৫,৬৪,৪২৯ গৰাকী শিক্ষাৰ্থীক সামৰি লৈছে ১১ জিলাত ৷ কাৰ্যসূচী অনুসৰি আজি প্ৰথমদিনাখন স্বমূল্যায়ন অনুষ্ঠিত হোৱাৰ লগতে পৰৱৰ্তী তিনিদিনত বৰ্হিঃনিৰীক্ষকৰ উপস্থিতিত মূল্যায়ন । ৰাজ্যত মুঠ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব এই বছৰৰ গুণোৎসৱ ৷ তাৰে আজি অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ৷

৪ দিন ধৰি চলিব লগীয়া গুণোৎসৱত প্ৰথম দিনা স্ব-মূল্যায়ন আৰু বাকী তিনিটা দিনত বৰ্হিঃনিৰীক্ষকৰ উপস্থিতিত হ’ব মূল্যায়ন ৷ পিছৰ তিনিটা দিনত বিদ্যালয়খনত কি শিকাইছে, শিকনৰ মান, বিদ্যালয়খনৰো এক মূল্যায়নৰ ব্যৱস্থা কৰা হৈছে ৷ এইবাৰৰ প্ৰথম দিনাৰ কাৰ্যসূচী স্ব-মূল্যায়নৰ দায়িত্বত নিয়োজিত কৰা হৈছে অন্য বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী ৷

িপFourth phase of Gunotsav started in Assam from today
িকপআৰম্ভ চতুৰ্থ পৰ্বৰ গুণোৎসৱ

পূৰ্বৰ গুণোৎসৱবোৰত স্ব-মূল্যায়নৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন বিসংগতি আৰু অভিযোগৰ বাবে এই সিদ্ধান্ত লৈছে শিক্ষা বিভাগে ৷ স্ব-মূল্যায়নত নিজৰ বিদ্যালয়ত থকাৰ ব্যৱস্থা কৰা হোৱা নাই এইবাৰ । একেটা ব্লকৰে অন্তৰ্গত ওচৰৰ আন বিদ্যালয়লৈ গৈ স্ব-মূল্যায়নত ভাগ ল’ব লগা হৈছে শিক্ষক-শিক্ষয়িত্ৰীসকলে৷ অৰ্থাৎ এখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে ওচৰৰ আন বিদ্যালয়লৈ গৈ গুণোৎসৱৰ স্ব-মূল্যায়নত ভাগ ল’ব লগা হৈছে আজি গুণোৎসৱত৷ চতুৰ্থ পৰ্বৰ এই গুণোৎসৱতো বৰ্হি-নীৰিক্ষক হিচাবে ভাগ ল’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ বাবে বিদ্যালয়খন নিজে নিৰ্বাচন কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

উল্লেখনীয় যে, এই গুণোৎসৱৰ লক্ষ্য হৈছে বিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ফলাফলৰ মূল্যাংকন কৰা আৰু শিকাৰ মান উন্নয়নৰ কাৰ্যকৰী কৌশল নিৰ্দ্ধাৰণ কৰাৰ লগতে বিদ্যালয়ৰ পৰিৱেশৰ উন্নতি সাধন কৰা । এই গুণোৎসৱত সামৰি লোৱা বিদ্যালয় মূল্যায়নৰ চাৰিটা দিশ হ’ল- দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক পাৰদৰ্শিতা, সহঃ বিদ্যায়তনিক কাৰ্য, বিদ্যালয়ৰ আন্তঃগাঁথনি তথা অন্যান্য সা- সুবিধাৰ অৱস্থিতি আৰু সমাজৰ অংশগ্ৰহণ৷

লগতে পঢ়ক: Assam Gunotsav 2023: 18 জানুৱাৰীৰ পৰা 18ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত হ’ব গুণোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.