ETV Bharat / state

Hatigaon Murder Case: হাতীগাঁৱৰ জাভেদ আলীৰ হত্যাকাৰী আৰক্ষীৰ জালত পৰিব নে ! সন্দেযুক্ত চাৰিজনক আটক

author img

By

Published : Aug 3, 2023, 11:59 AM IST

গুৱাহাটীৰ হাতীগাঁও ফ্রেণ্ডছ পথত সংঘটিত হোৱা হত্যাকাণ্ড সন্দৰ্ভত চাৰিজনক আটক ৷ জাভেদ আলীৰ হত্যা সন্দৰ্ভত চাৰিওকে আটক কৰে হাতীগাঁও আৰক্ষীয়ে ৷

Hatigaon Murder Case
হাতীগাঁৱৰ জাভেদ আলীৰ হত্যাকাৰী আৰক্ষীৰ জালত পৰিব নে

গুৱাহাটী,৩ আগষ্ট: গুৱাহাটীৰ হাতীগাঁও ফ্রেণ্ডছ পথত সংঘটিত হোৱা হত্যাকাণ্ড সন্দৰ্ভত চাৰিজনক আটক ৷ বৰপেটা বাঘবৰৰ আগমন্দিয়াৰ পৰা আটক কৰা হৈছে দাৰোগ আলীক নামৰ লোকজনক ৷ লগতে ভাটকুছিৰ পৰা মহিবুল ইছলাম আৰু হাছু ওৰফে নুৰ মহম্মদ, তেতেলীতলৰ পৰা বগাক (চালক) আটক কৰিছে আৰক্ষীয়ে ৷

কিছুদিন পূৰ্বে জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা জাভেদ আলীক পুৱাই হত্যা কৰিছিল মছজিদলৈ যোৱাৰ পথত ৷ হত্যা সন্দৰ্ভত চাৰিওকে আটক কৰে হাতীগাঁও আৰক্ষীয়ে । বুধবাৰে বাঘবৰ আৰক্ষীৰ সহযোগত মহানগৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰে দাৰোগক । ইয়াৰ পূৰ্বে জাভেদ আলীৰ হত্যাকাণ্ড সন্দৰ্ভত দাৰোগৰ বিষয়ে কিছু তথ্য লাভ কৰিছিল হাতীগাঁও আৰক্ষীয়ে । হাতীগাঁও আৰক্ষীয়ে ধৃত দাৰোগক বুধবাৰে বৰপেটাৰ পৰা গুৱাহাটীলৈ লৈ অনে । লগে লগে বাকী কেইটাকো আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

উল্লেখ্য যে, যোৱা ২৮ জুলাইত মহানগৰীত সংঘটিত হৈছিল এক হত্যাকাণ্ড । হাতীগাঁৱৰ ফ্ৰেণ্ডছ পথত উদ্ধাৰ হৈছিল অৱসৰপ্ৰাপ্ত অভিযন্তা জাভেদ আলীৰ মৃতদেহ ৷ উক্ত ঘটনাৰ দিনা জাভেদ আলী আহমেদে পুৱা 4 বজাত নামাজ পঢ়িবলৈ ঘৰৰ পৰা ওলাই গৈছিল । নামাজ পঢ়িবলৈ ঘৰৰ পৰা আহি থকা অৱস্থাত দুই যুৱকে মৰিয়াই হত্যা কৰাৰ সন্দেহ কৰিছিল স্থানীয় লোকে ।

ঘটনাস্থলীত উদ্ধাৰ কৰা হৈছিল এডাল ৰদ উদ্ধাৰ কৰা হৈছিল । আনহাতে সন্দেযুক্ত দুই যুৱকে অনুসৰন কৰি আছিল নামাজ পঢ়িবলৈ যোৱা জাভেদ আলীক ৷ এই সমগ্ৰ দৃশ্য বন্দী হৈছিল CCTV ত । হত্যাকাণ্ডৰ পাচতে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ সেই অভিযানৰ ভিত্তিত বুধবাৰে হাতীগাঁও আৰক্ষীয়ে অভিযান চলাই বৰপেটা বাঘবৰৰ আগমন্দিয়াৰ পৰা আটক কৰে দাৰোগ আলীক ৷ দাৰোগ আলীসহ চাৰিওকে আটক কৰি মহানগৰীৰ কোনো গোপন স্থানত জেৰা চলাই থকা হৈছে ।

লগতে পঢ়ক:Thief arrested: মহানগৰীত বৃদ্ধি চোৰৰ উপদ্ৰৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.