ETV Bharat / state

দুদিনমানৰ পৰা সলনি হৈছে গুৱাহাটীখন : কিছু পৰিমাণে অচিনাকি - Heat Wave in Guwahati

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 8:23 PM IST

Daily life in Guwahati : মন কৰিছেনে ? গুৱাহাটীখন দুদিনমানৰ পৰা সলনি হ’ল ৷ সলনি কৰাইছে প্ৰকৃতিয়ে ৷ শনিবাৰেতো একেবাৰে শূন্য হৈ পৰিল ৰাজপথ ৷ নাই কোনো হাই-ঊৰুমি ৷ য’তে-ত’তে ৰৈ ৰৈ যাব নালাগে লক্ষ্যস্থানলৈ ৷

HEAT WAVE IN GUWAHATI
গৰমৰ প্ৰকোপত ৰাজপথ প্ৰায় খালী হ’ল গুৱাহাটীত (ETV Bharat Assam)

গুৱাহাটী, 26 মে’: বহুতেই ক’বলৈ বিচাৰে যে গুৱাহাটীৰ আধা জীৱন যানজঁটতে পাৰ হয় ৷ নোহোৱাও নহয় ৷ পোহৰ হোৱাৰ লগে লগেই ব্যস্ততাৰ অন্ত নাথাকে মহানগৰখনত ৷ জীৱন-জীৱিকাৰ সন্ধানত ওলাই যোৱাসকলৰ কথা একাষৰীয়া কৰিলেও মহানগৰখনত দেখা যায় যথেষ্ট জনসমাগম ৷

গৰমৰ প্ৰকোপত ৰাজপথ প্ৰায় খালী হ’ল গুৱাহাটীত (ETV Bharat Assam)

সদাব্যস্ত গুৱাহাটীখন কেইদিনমানৰ পৰা কিছু সলনি হৈছে ৷ এই পৰিৱৰ্তন আনিছে প্ৰকৃতিয়ে ৷ গছবোৰ কাটি ফ্লাই অ’ভাৰ নিৰ্মাণ কৰি দুখলপীয়া কৰা গুৱাহাটীখন এতিয়া একপ্ৰকাৰে জনশূন্য হৈ পৰিছে ৷ কাৰণটো হ’ল অস্বাভাৱিক গৰম ৷ মহানগৰখনত গৰমে গঢ়িলে অভিলেখ ৷

তথ্য অনুসৰি বিগত ছয় দশকৰ ভিতৰত গুৱাহাটীত চলিত মে’ মাহতে হৈছে সৰ্বাধিক গৰম ৷ শনিবাৰৰ দিনটোতে এই তাপমাত্ৰাই অতিক্ৰম কৰিলে 40.1 ডিগ্ৰী চেলছিয়াছ ৷ ইয়াৰ পূৰ্বে ১৯৬০ চনৰ ১ মে'ত এই পৰিমাণৰ তাপমাত্ৰা আছিল গুৱাহাটীত ৷

দেওবাৰৰ দিনটোত অৰ্থাৎ আজি শনিবাৰতকৈ কিছু কম গৰম হৈছে ৷ তথাপি ৩৭ ডিগ্ৰী চেলছিয়াছো কম নহয় ৷ স্বাভাৱিকতেই মহানগবাসীয়ে সহ্য কৰিব পৰা নাই এই তাপমাত্ৰা ৷

গতিকে পূৰ্বৰ ব্যস্ততা দেখা পোৱা নাই মহানগৰীৰ ৰাজপথত ৷ নাই কোনো যানজঁট ৷ ক’তো বিশেষ সময় ৰ’বলগীয়া নোহোৱাকৈ হ’ব পৰা হৈছে পাৰাপাৰ ৷ কিয়নো বিশেষ কাম নাথাকিলে পূৰ্বৰ দৰে কোনো লোক ওলাই অহা নাই ঘৰৰ বাহিৰলৈ ৷ গৰমৰ পৰা কিছু পৰিমাণে হ’লেও ৰক্ষা পাবলৈ থিতাপি লৈছে ঘৰখনতে ৷ বেলিটো ডুবাৰ পৰতহে কোনো লোক বাহিৰলৈ ওলাই অহা পৰিলক্ষিত হৈছে ৷ মুঠতে এই দুই-এদিনত গুৱাহাটীখন কিছু অচিনাকী যেন লগা হৈছে ৷

অৱশ্যে লোকসকল বাহিৰলৈ ওলাই নহাত অসুবিধাত পৰিছে শীতল পানীয়ৰ ব্যৱসায়ীসকল ৷ পথৰ দাঁতিত কুঁহিয়াৰ, নেমু ৰস আদিৰ লগতে ডাব বিক্ৰী কৰা লোকসকলৰ অৱস্থা বৰ ভাল নহয় এইকেইদিনত ৷ সন্ধিয়াৰ পিছতহে গ্ৰাহকৰ কিছু ভিৰ হৈছে ৷

মুঠৰ ওপৰত কেইদিনমানৰ আগলৈকে দেখি থকা গুৱাহাটীখন এতিয়া নাই ৷ প্ৰায়সকল লোক আছে ঘৰৰ ভিতৰত ৷ ওলাই নগ’লেই নোহোৱাসকলহে এই অসহ্যকৰ তাপমাত্ৰা ভেদি ওলাই গৈছে ৷ গতিকে মহানগৰীত এতিয়া নাই কোনো হাই-ঊৰুমি ৷ নিস্তব্ধ-নিতাল মহানগৰ ৷

লগতে পঢ়ক: ডিজিপিৰ আহ্বানৰ প্ৰতি সঁহাৰি : আৰক্ষীৰ লোকক যোগান ধৰিলে পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.