ETV Bharat / state

NRC issue: এন আৰ চি কেলেংকাৰীত দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ জড়িত থকাৰ অভিযোগ

author img

By

Published : Nov 29, 2022, 9:14 PM IST

সামাজিক মাধ্যমত এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ বিস্ফোৰক অভিযোগ(Former NRC state coordinator Hitesh Debsharmas explosive allegation on social media ) । এন আৰ চি কেলেংকাৰীত হোৱা বৃহৎ কেলেংকাৰীৰ তদন্তত বাধা দিছিল ৰঞ্জন গগৈয়ে । নাগৰিকপঞ্জী উন্নীতকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো গগৈ এণ্ড হাজেলা প্ৰাইভেট লিমিটেড কোম্পানীত পৰিণত হৈছিল । ৰঞ্জন গগৈ আৰু প্ৰতীক হাজেলাৰ কু-কীৰ্তিৰ কুফল এতিয়া ভুগিবলগা হৈছে অসমৰ নাগৰিকে ।

former NRC state coordinator Hitesh Debsharmas explosive allegation on social media
NRC issue: এন আৰ চি কেলেংকাৰীত দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ জড়িত থকাৰ অভিযোগ

গুৱাহাটী,২৯ নৱেম্বৰ: আৰম্ভণিৰে পৰাই বিতৰ্কৰ ওৰ নপৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চিৰ নিত্য নতুন তথ্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ(National Register of Citizens) । এইবাৰ এন আৰ চি বিতৰ্কত নাম সাঙোৰ খাই পৰিছে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ(Supreme court judge Ranjan Gogoi) । উল্লেখ্য যে, অসমৰ জনসাধাৰণৰ বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াত উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু এন আৰ চিৰ প্ৰাক্তন সমন্বয়ৰক্ষী প্ৰতীক হাজেলাৰ ভূমিকাক লৈ এতিয়া কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে(NRC Coordinator Pratik Hajela) ।

former NRC state coordinator Hitesh Debsharmas explosive allegation on social media
NRC issue: এন আৰ চি কেলেংকাৰীত দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ জড়িত থকাৰ অভিযোগ

ৰঞ্জন গগৈ আৰু প্ৰতীক হাজেলাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সমস্ত প্ৰশাসনীয় ব্যৱস্থাক ক্ষমতাহীন কৰি একচেটিয়া কৰ্তৃত্বৰে চলোৱা উন্নীতকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে এন আৰ চিত লাখ লাখ বিদেশীৰ নাম অন্তর্ভূক্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে । আনহাতে ১,৬০০ কোটি টকা ব্যয়সাপেক্ষ এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত শ শ কোটি টকাৰ বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰো ভয়ংকৰ অভিযোগ উত্থাপন হৈছে(former NRC state coordinator Hitesh Debsharmas explosive allegation on social media ) । লক্ষণীয় বিষয় যে উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ আইনজীৱী অনিল কুমাৰ ভট্টাচাৰ্যই শেহতীয়াকৈ এক অনুষ্ঠানত ন্যায়াধীশ হিচাপে ৰঞ্জন গগৈৰ ভূমিকাক লৈ প্ৰশ্ন তোলাৰ পিচত এন আৰ চিৰ প্ৰাক্তন সমন্বয়ৰক্ষী হিতেশ দেৱশর্মাই উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈৰ বিৰুদ্ধে আন কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে(Ex NRC Coordinator in Assam Hitesh Dev Sarma) ।

লক্ষণীয় বিষয় যে ২০১৯ চনৰ ৯ নৱেম্বৰত অসম চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমন্বয়ক হিচাপে হিতেশ দেৱশৰ্মাক নিযুক্তি দিয়াৰ পিচতে ইয়াৰ বিৰুদ্ধে বিশেষভাৱে তৎপৰ হৈ পৰিছিল সেই সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৰঞ্জন গগৈ । তেতিয়াৰে পৰাই ৰঞ্জন গগৈৰ ভূমিকা ৰহস্যৰ আৱৰ্তত সোমাই পৰা বুলি সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ৰক্ষী হিতেশ দেৱশৰ্মাই । সামজিক মাধ্যম যোগে তেওঁ কয় -'মই নাগৰিকপঞ্জীৰ সমন্বয়ক হ'লে ৰঞ্জন গগৈ আৰু প্রতীক হাজেলাই নাগৰিকপঞ্জী উন্নীতকৰণত কৰা কুকাৰ্য ফাদিল হ'ব বুলি ভয় খায়েই সম্ভৱতঃ মোৰ নিযুক্তিত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দৰে আসনত বহি থাকিও ৰঞ্জন গগৈয়ে বাধা দিছিল । কিন্তু সেই সময়ৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে মোৰ নিযুক্তিৰ বিৰুদ্ধে জনোৱা অনুৰোধলৈ কাণসাৰ নকৰি মোৰ নিযুক্তি বাহাল ৰাখিছিল(Central minister Sarbananda Sonowal)।

former NRC state coordinator Hitesh Debsharmas explosive allegation on social media
NRC issue: এন আৰ চি কেলেংকাৰীত দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ জড়িত থকাৰ অভিযোগ

ৰঞ্জন গগৈ আৰু প্ৰতীক হাজেলাৰ কু-কীৰ্তিৰ কুফল এতিয়া ভুগিবলগা হৈছে অসমৰ নাগৰিকে । নাগৰিকপঞ্জী উন্নীতকৰণৰ গোচৰত ২০১৮ চনৰ আগষ্টত কৰা এটা আদেশত ৰঞ্জন গগৈয়ে স্বীকাৰ কৰিছিল যে নাগৰিকপঞ্জীৰ ১০ শতাংশ পুনৰীক্ষণৰ প্ৰয়োজনীয়তা আছে । সেইমৰ্মে তেতিয়াৰ এন আৰ চিৰ সমন্বয়ৰক্ষী প্রতীক হাজেলাক ১০ শতাংশ পুনৰীক্ষণৰ বাবে মডেলিটি আৰু টাইম লাইন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও হাজেলাই তেনে কোনো মডেলিটি আৰু টাইম লাইন দাখিল নকৰিলে । কিন্তু উচ্চতম ন্যায়ালয়ৰ নির্দেশ অমান্য কৰা সত্ত্বেও হাজেলাক ৰঞ্জন গগৈৰ আদালতে ৰহস্যজনকভাৱে দোষী সাব্যস্ত নকৰিলে । হাজেলাৰ প্ৰতি ৰঞ্জন গগৈৰ এই অহেতুক দৰদৰ সাঁথৰ আজিও বুজি নাপালো ।'

তেওঁ লগতে কয় -' তদুপৰি উচ্চতম ন্যায়ালয়ৰ উক্ত আদেশৰ ১১ মাহৰ পিচত প্রতীক হাজেলাই উচ্চতম ন্যায়ালয়ৰেই উপৰোক্ত ১০ শতাংশ পুনৰীক্ষণৰ আদেশৰ বিৰোধিতা কৰি এইবুলিহে শপতনামা দিলে যে ইতিমধ্যে ২৭ শতাংশ আকস্মিক পুনৰীক্ষণ হৈ গৈছে । গতিকে ন্যায়ালয়ৰ প্রস্তাৱিত ১০ শতাংশ পুনৰীক্ষণৰ কোনো আৱশ্যকতা নাই । লক্ষণীয়ভাৱে এনে কোনো আকস্মিক পুনৰীক্ষণৰ কিন্তু কোনো উল্লেখ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশত নাছিল । নাগৰিকপঞ্জীৰ পুনৰীক্ষণৰ বিৰোধ কৰিবলৈকে উদ্দেশ্যপ্রণোদিতভাৱে কিছু পৰিসংখ্যাৰ সৃষ্টি কৰি আকস্মিক পুনৰীক্ষণৰ প্ৰসংগ উত্থাপন কৰিলে হাজেলাই ।

কিন্তু আচৰিতভাৱে ৰঞ্জন গগৈয়েও পূর্বতে নিজে দিয়া পুনৰীক্ষণৰ আদেশৰ বিপৰীতে গৈ হাজেলাৰ স্থিতিৰ সৈতে সহমত পোষণ কৰে আৰু পুনৰীক্ষণৰ বিষয়টো তল পেলাই পুনৰ পুনৰীক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু এ পি ডব্লিউৱে কৰা আবেদনো লক্ষণীয়ভাৱে নাকচ কৰিছিল ।' তেওঁ লগতে কয় যে আচৰিতধৰণে আছুৱে পুনৰীক্ষণৰ আবেদনেই কৰা নাছিল । প্রতীক হাজেলাই কৰা তথাকথিত ২৭ শতাংশ আকস্মিক পুনৰীক্ষণত ১,০২,০০০ লোকৰ নাম বাদ পৰিছিল । অর্থাৎ ১০০ শতাংশ পুনৰীক্ষণ হ’লে হয়তো আৰু ২২.৭৭ লাখ লোকৰ নাম বাদ পৰিলহেঁতেন ।

ৰঞ্জন গগৈয়ে এই কথা জানিও পুনৰীক্ষণৰ আদেশ নিদিলে । ইয়াৰ পৰা এটা কথা স্পষ্ট যে ৰঞ্জন গগৈ আৰু প্ৰতীক হাজেলা দুয়োজনেই পুনৰীক্ষণ বিচৰা নাছিল । কাৰণ এন আৰ চিৰ পুনৰীক্ষণ কৰিলেই ৰঞ্জন গগৈ আৰু হাজেলাই নাগৰিকপঞ্জী উন্নীতকৰণত কৰা সকলো জালিয়াতি ফাদিল হ'লহেঁতেন ।' আনহাতে তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাগৰিকপঞ্জীৰ খচৰা তালিকা প্ৰকাশৰ এটা তাৰিখক লৈ কৰা মন্তব্যৰ অচিলা লৈ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে সেই সময়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ অংশ গ্রহণেই সম্পূৰ্ণ ৰূপে নাকচ কৰা প্ৰসংগত এন আৰ চিৰ প্ৰাক্তন সমন্বয়ৰক্ষী শৰ্মাই কয়- 'এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ অংশ গ্রহণ ৰঞ্জন গগৈয়ে বাৰণ কৰাৰ ফলত নাগৰিকপঞ্জী উন্নীতকৰণৰ সমগ্ৰ প্রক্রিয়াটোৱেই তেতিয়াৰে পৰা গগৈ এণ্ড হাজেলা প্রাইভেট লিমিটেড কোম্পানীত পৰিণত হয়গৈ ।

এই ব‍্যক্তিগতকৰণৰ উদ্দেশ্যে ৰঞ্জন গগৈয়ে নক’লেও ৰাইজে নিশ্চয় বুজি পাব । কাৰণ নাগৰিকপঞ্জী উন্নীতকৰণৰ বাবে ১৬০০ কৌটি টকা আবন্টন হৈছিল ।' ইফালে ১,৬০০ কোটি টকা ব্যয়সাপেক্ষ এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত শ শ কোটি টকাৰ বিত্তীয় কেলেংকাৰী সংঘটিত হোৱা বুলি উত্থাপিত ৰাজহুৱা অভিযোগৰ তদন্ত কৰাৰ ক্ষেত্ৰত দেশৰ সৰ্বোচ্চ আদালতৰ মুখ্য ন্যায়াধীশৰ আসনত বহি থকা অৱস্থাত ৰহস্যজনকভাৱে অনীহা প্ৰকাশ কৰিছিল ৰঞ্জন গগৈয়ে । এই সন্দৰ্ভত প্রতিক্রিয়া প্ৰকাশ কৰি এন আৰ চিৰ প্ৰাক্তন সমন্বয়ৰক্ষী শৰ্মাই সামাজিক মাধ্যমত কয়- ‘২০১৭ চনৰ আগষ্ট মাহত এ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই এখন সংবাদমেলত অভিযোগ কৰিছিল যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নিয়োগ কৰা ডাটা এন্ট্রি অপাৰেটৰৰ ক্ষেত্ৰত কেইবাশ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱা বুলি ।

কিন্তু ৰঞ্জন গগৈয়ে এই বিত্তীয় কেলেংকাৰীৰ ওপৰত ব্যৱস্থা লোৱাৰ কথা বাদেই, ভয়ংকৰ কেলেংকাৰী পোহৰলৈ অনা অভিজিত শৰ্মাৰ ওপৰতহে ওলোটাই আদালত অবমাননাৰ গোচৰ লোৱাৰ ধমকি দিছিল । যাৰ ফলত তেনে বিয়াগোম বিত্তীয় কেলেংকাৰীকলৈ আজিও স্বাভাৱিকতে প্রশ্ন উঠে যে ১,৬০০ কোটি টকা ব্যয়সাপেক্ষ এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত সংঘটিত বিত্তীয় কেলেংকাৰীৰ ওপৰত কিয় তদন্ত কৰাৰ আদেশ দিয়া নহ'ল । এনে কেলেংকাৰীৰ কথা ওলালেই দুই ধৰণৰ ব্যৱস্থা হ'ব পাৰে । হয় কেলেংকাৰীৰ ওপৰত তদন্ত, নহয় কেলেংকাৰী উদ্বৃত্ত বিত্তৰ ভাগ-বাটোৱাৰা ।

ৰঞ্জন গগৈয়ে দ্বিতীয় পন্থাটো লোৱাৰ যথেষ্ট অৱকাশ আছে। অভিজিত শৰ্মাৰ অভিযোগ এতিয়া কিন্তু প্রমাণ হোৱাৰ পথত, কাৰণ অসমৰ মহাগাণনিকৰ প্ৰতিবেদনত ইতিমধ্যে ডাটা এন্ট্রি অপাৰেটৰ প্ৰসংগত ১৫৫ কোটি টকাৰ বিত্তীয় খেলিমেলিৰ কথা প্ৰকাশ পাইছে । উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত চলা নাগৰিকপঞ্জীৰ উন্নীতকৰণত হোৱা বিত্তীয় কেলেংকাৰীৰ দায়িত্ব প্রতীক হাজেলাৰ সমানেই ৰঞ্জন গগৈৰো সমানে বুলিও উল্লেখ কৰে সমন্বয়ৰক্ষী শৰ্মাই ?

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ কাম শেষ নৌহওঁতেই হাজেলাক খৰধৰকৈ মধ্যপ্রদেশলৈ ডেপুটেচনত পঠোৱাত ৰঞ্জন গগৈয়ে কিয় আগভাগ ল'লে তথা ইয়াৰ অন্তর্নিহিত কাৰণটো প্ৰকাশ কৰাত কিয় ৰঞ্জন গগৈ এতিয়ালৈকে বিৰত থাকিল । সেয়াই ৰঞ্জন গগৈ আৰু হাজেলাৰ মাজৰ সম্পৰ্কৰ লুকাই থকা কাৰণ নেকি?' এন আৰু চিৰ প্ৰাক্তন সমন্বয়ৰক্ষীগৰাকীয়ে সামাজিক মাধ্যম যোগে এনে বহু প্ৰশ্নৰ অৱতাৰণা কৰে । অৱশ্যে এই প্ৰশ্নৰ উত্তৰ কোনে দিব সেয়া বৰ্তমান আন এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ।

লগতে পঢ়ক: Cow farm in ASTC Guwahati: এ এছ টি চিৰ আৱাসগৃহ হ’লগৈ গো ফাৰ্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.