ETV Bharat / state

Cow farm in ASTC Guwahati: এ এছ টি চিৰ আৱাসগৃহ হ’লগৈ গো ফাৰ্ম

author img

By

Published : Nov 29, 2022, 7:41 PM IST

গো ফাৰ্মলৈ পৰিণত এ এছ টি চিৰ আৱাসগৃহ(ASTC residence turned into cow farm) ৷ বিতৰ্কিত আই পি এছ বিষয়া আনন্দ প্ৰকাশ তিৱাৰীৰ দিনতে খোলা হৈছিল আৱাসগৃহটোত গো ফাৰ্ম(Cow farm in ASTC Guwahati) ৷

ASTC residence turned into cow farm
Cow farm in ASTC Guwahati: এ এছ টি চিৰ আৱাসগৃহ হ’লগৈ গো ফাৰ্মলৈ

গুৱাহাটী, ২৯ নৱেম্বৰ: পুনৰ চৰ্চাত বিতৰ্কিত আই পি এছ বিষয়া আনন্দ প্ৰকাশ তিৱাৰী(IPS Anand Prakash Tiwari) । এ এছ টি চিৰ পৰিচালন সঞ্চালকৰ দায়িত্বত থকা সময়ত তিৱাৰীয়ে নীতি নিয়ম উলংঘা কৰাৰ ন ন তথ্য পুনৰ পোহৰলৈ আহিছে । এ এছ টি চিৰ পৰিচালন সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰি থকাৰ সময়ত নিযুক্তি কেলেংকাৰী কৰাৰ লগতে নিজ খেয়াল খুচিমতে তিৱাৰীয়ে বিভাগটো পৰিচালনা কৰিছিল বুলি সময়ে সময়ে অভিযোগ উত্থাপিত হৈ আহিছে(ASTC residence turned into cow farm) ।

এ এছ টি চিৰ আৱাসগৃহ হ’লগৈ গো ফাৰ্মলৈ

ৰূপনগৰৰ এ এছ টি চিৰ ৱৰ্কশ্বপৰ সমীপত থকা নিগমৰ আৱাসগৃহত আনন্দ প্ৰকাশ তিৱাৰীৰ লগতে আৰক্ষী শীৰ্ষ বিষয়া এগৰাকীয়ে মিলি পুহিছিল কেইবাগৰাকীও খীৰতী গাই । বিগত প্ৰায় ৫ বছৰ পৰা আই পি এছ বিষয়া আৰু আৰক্ষী শীৰ্ষ বিষয়াগৰাকীয়ে পুহি আহিছে খীৰতী গাই কেইজনী । এক কথাত এ এছ টি চিৰ আৱাস গৃহত গো ফাৰ্ম খুলি লৈছিল দুয়োগৰাকী চৰকাৰী বিষয়াই ।

বৰ্তমানো সেই আৱাসগৃহটোত আছে দুজনী খীৰতী গাই । বিতৰ্কিত আই পি এছ বিষয়া আনন্দ প্ৰকাশ তিৱাৰীয়ে অসম এৰা সময়তে তেওঁৰ খীৰতী গাই কেইজনী বিক্ৰী কৰি গৈছিল যদিও বৰ্তমানো এ এছ টি চিৰ চৰকাৰী আৱাস গৃহটোত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ শীৰ্ষ আৰক্ষী বিষয়াজনৰ খীৰতী গাইকেইজনী আছে(Assam CM Himanta Biswa Sarma) ।

জানিব পৰা মতে, শীৰ্ষ আৰক্ষী বিষয়াজনে গাইকেইজনী চোৱা চিতাৰ দায়িত্বত ৰাখিছে তিনিগৰাকীকৈ আৰক্ষীৰ লোকক । গাইকেইজনীক প্ৰয়োজন অনুসাৰে দানা পানী, ঘাঁহ যোগান ধৰি আহিছে তিনিওগৰাকী আৰক্ষীৰ লোকে । গৰুকেইজনী চোৱা চিতাৰ দায়িত্বত থকা আৰক্ষী কেইগৰাকীয়ে সংবাদমাধ্যমৰ লোক চৰকাৰী আৱাস গৃহটোত উপস্থিত হোৱাৰ উমান পাই সেই স্থানৰ পৰা আতঁৰি যায় ।

লগতে পঢ়ক: Raging in Dibrugarh university: সংবাদ মাধ্যমৰ আগত মুখ নুখুলিবলৈ ভাবুকি ভুক্তভোগীৰ পিতৃক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.