ETV Bharat / state

Ranee Narah Summoned By CM Vigilance: সাংসদ পুঁজিৰ ধন অপব্যৱহাৰ: ৰাণী নৰহলৈ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ চমন

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 4:40 PM IST

বিধায়ক স্বামীৰ বিৰুদ্ধে বিজেপি বিধায়কৰ মাটি কেলেংকাৰীৰ বিস্ফোৰক অভিযোগ । প্ৰাক্তন সাংসদ পত্নীক পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ চমন । মঙলবাৰে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ সন্মুখত হাজিৰ হ’ব লাগিব ৰাণী নৰহ ৷

Ranee Narah Summoned By CM Vigilance
ৰাণী নৰহলৈ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ চমন

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ: এইবাৰ কংগ্ৰেছ নেত্ৰী প্রাক্তন সাংসদ ৰাণী নৰহলৈ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ চমন ৷ এই চমন অনুসৰি কাইলৈ অৰ্থাৎ মঙলবাৰে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ সন্মুখত হাজিৰ হ’ব লাগিব ৰাণী নৰহ ৷ কংগ্ৰেছৰ প্ৰাক্তন সাংসদগৰাকীৰ বিৰুদ্ধে সাংসদ পুঁজিৰ ধন অপব্যৱহাৰৰ অভিযোগ ৷ এই অভিযোগৰ তদন্তৰ বাবেই সাংসদগৰাকীক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে চমন জাৰি কৰিছে ৷

ৰাণী নৰহৰ সাংসদ হৈ থকা সময়ত ২০১৩-১৪ চনৰ সাংসদ পুঁজিত কেলেংকাৰীৰ এক পুৰণি অভিযোগ আছে তেওঁৰ বিৰুদ্ধে ৷ এই সময়চোৱাত ৰাণী নৰহৰ যোৰহাট জিলাত হেণ্ড টিউবৱেল বহুওৱাৰ নামত কেলেংকাৰীৰ অভিযোগ উঠিছিল ৷ সেই অনুসৰি ইতিপূৰ্বে এই কামৰ দুৰ্নীতিৰ অভিযোগত ২০১৭ চনত এক গোচৰ ৰুজু হৈছিল ৷ ২০১৯তো মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ পৰা চমন গৈছিল ৰাণী নৰহলৈ ৷ ২০১৯পৰা ২০২৩লৈ গোচৰটোৰ কোনো অগ্ৰগতি দেখা পোৱা হোৱা নাছিল ৷

উল্লেখনীয় যে সুদীৰ্ঘ সময় দলীয় ৰাজনীতিত নিষ্ক্ৰিয় হৈ আছিল ৰাণী নৰহ ৷ কিন্তু লোকসভা নিৰ্বাচন কাষ চপাৰ লগে লগে শেহতীয়াকৈ লখিমপুৰ লোকসভা সমষ্টিত ৰাণী নৰহক কুচকাৱাজ চলোৱা দেখা পোৱা গৈছে । বিপৰীতে ৰাণী নৰহৰ স্বামী কংগ্ৰেছ বিধায়ক ভৰত নৰহৰ বিৰুদ্ধেও যোৱা দুদিন ধৰি বিজেপিৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি দুখনকৈ সংবাদমেলত বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৷

নাওবৈছা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক স্বামী ভৰত নৰহেও মুখ্যমন্ত্ৰীৰ পত্নীৰ শেহতীয়া ভূমি কেলেংকাৰী আৰু ৰাজসাহাৰ্য বিতৰ্কত সদনৰ বাহিৰে-ভিতৰে সৰৱ হৈ পৰা দেখা পোৱা গৈছিল ৷ এতিয়া কাইলৈ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ চমন অনুসৰি কংগ্ৰেছৰ প্ৰাক্তন সাংসদ ৰাণী নৰহ উপস্থিত হয়নে নাই সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: Congress accuses Assam CM: মুখ্যমন্ত্ৰীয়ে বালিত মূৰটো গুজি ভাবিছে তেওঁলোকৰ কৰ্মকাণ্ড কোনেও দেখা নাই; ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.