ETV Bharat / state

Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ; 19 টা বিধানসভা সমষ্টিৰ নাম সলনি

author img

By

Published : Aug 11, 2023, 5:47 PM IST

Updated : Aug 11, 2023, 5:54 PM IST

প্ৰকাশ পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা ৷ কোন কোন সমষ্টিৰ নাম সলনি হ’ল জানিবলৈ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন ৷

Etv Bharat
Etv Bharat

নিউজ ডেস্ক, 11 আগষ্ট: বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়া, বিতৰ্কৰ অন্তত প্ৰকাশ পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা ৷ পূৰ্ণাংগ তালিকাত সলনি কৰা হৈছে 19 টা বিধানসভা সমষ্টিৰ নাম ৷ লগতে সলনি কৰা হৈছে এটা লোকসভা সমষ্টিৰ নাম ৷

Constituency Delimitation
নাম সলনি হোৱা সমষ্টিৰ তালিকা

প্ৰকাশিত তালিকা অনুসৰি মানকাচৰ সমষ্টিৰ নতুন নাম হ’ব বিৰচিংজুৰা সমষ্টি, দক্ষিণ শালমাৰা সমষ্টিৰ নতুন নাম হ’ব মানকাচৰ সমষ্টি, মানিকপুৰ সমষ্টিৰ নাম হ’ব সৃজনগ্ৰাম সমষ্টি, ভৱানীপুৰ সমষ্টিৰ নাম হ’ব ভৱানীপুৰ-সৰভোগ সমষ্টি, ৰূপহী সমষ্টিৰ নাম হ’ব পকাবেটবাৰী সমষ্টি ৷

ঠিক সেইদৰে বকো (ST) সমষ্টিৰ নতুন নাম হ’ব বকো-ছয়গাঁও সমষ্টি, হাজো(SC) সমষ্টিৰ নতুন নাম হ’ব হাজো-শুৱালকুছি সমষ্টি, গোৱৰ্ধন সমষ্টিৰ নাম হ’ব মানাস সমষ্টি, বটদ্ৰৱা সমষ্টিৰ নাম হ’ব ধিং সমষ্টি ৷

একেদৰে, নগাঁও সমষ্টিৰ নাম হ’ব নগাঁও-বটদ্ৰৱা সমষ্টি, চতিয়া সমষ্টিৰ নাম হ’ব ন-দুৱাৰ সমষ্টি, চাবুৱা সমষ্টিৰ নাম হ’ব চাবুৱা-লাহোৱাল সমষ্টি, মৰাণ সমষ্টিৰ নাম হ’ব খোৱাং সমষ্টি, ডিমা হাছাও (ST) সমষ্টিৰ নাম হ’ব হাফলং সমষ্টি, আলগাপুৰ সমষ্টিৰ নাম হ’ব আলগাপুৰ-কাটলিচেৰা সমষ্টি, বদৰপুৰ সমষ্টিৰ নাম হ’ব উত্তৰ কৰিমগঞ্জ সমষ্টি, পূৰ্বৰ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ নতুন নাম হ’ব দক্ষিণ কৰিমগঞ্জ সমষ্টি, দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ নতুন নাম হ’ব পাথাৰকান্দি সমষ্টি, ৰাতাবাৰী(SC) সমষ্টিৰ নাম হ’ব ৰাম কৃষ্ণ নগৰ সমষ্টি ৷

উল্লেখ্য যে দৰং লোকসভা সমষ্টিৰ নতুন নাম হ’ব দৰং-ওদালগুৰি সমষ্টি ৷ শুকুৰবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ লগে লগে এতিয়া সমগ্ৰ ৰাজ্যজুৰি কেনে প্ৰতিক্ৰিয়া সৃষ্টি হয় সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: Flood Relief Fund to Assam : বান সাহায্যৰ নামত পাঁচ বছৰত অসমে পালে মাত্র ৩১৬০ কোটি টকা

Last Updated :Aug 11, 2023, 5:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.