ETV Bharat / state

Earthquake in Assam : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীত ভূমিকম্পৰ জোকাৰণি

author img

By

Published : Nov 20, 2021, 3:10 PM IST

earthquake hits guwahati
গুৱাহাটীত ভূমিকম্পৰ জোকাৰণি

শনিবাৰে দুপৰীয়া ভাগত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুভূত হয় ভূমিকম্পৰ মৃদু জোকাৰণি ৷ গুৱাহাটী মহানগৰী(Earthquake Hits Guwahati)ত অহা ভূমিকম্প(Earthquake)ৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল 4.1 ৷

গুৱাহাটী, 20 নৱেম্বৰ : গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত শনিবাৰে দুপৰীয়া ভাগত অনুভূত হয় ভূমিকম্পৰ এক মৃদু জোকাৰণি ৷ প্ৰাপ্ত তথ্য অনুসৰি, ৰিখটাৰ স্কেলত 4.1 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় গুৱাহাটী মহানগৰী(Earthquake Hits Guwahati) ৷

শনিবাৰে দুপৰীয়া 1.12 বজাত অনুভূত হোৱা ভূমিকম্প(Earthquake)ৰ অভিকেন্দ্ৰ আছিল কামৰূপ মহানগৰ । গুৱাহাটীৰ পৰা দক্ষিণ পশ্চিম দিশত 31 কিলোমিটাৰ দূৰত্বত এই অভিকেন্দ্ৰ আছিল বুলি জানিব পৰা গৈছে । ভূ-পৃষ্ঠৰ পৰা 10 কিলোমিটাৰ গভীৰতাত আছিল এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ ।

earthquake hits guwahati
গুৱাহাটীত ভূমিকম্পৰ জোকাৰণি

ভূ-পৃষ্ঠৰ পৰা বেছি গভীৰতাত অভিকেন্দ্ৰ নোহোৱাৰ বাবেই 4.1 প্ৰাবল্যৰ ভূমিকম্পটোৰ কঁপনি বেছিকৈ অনুভূত হয় । এই ভূমিকম্পৰ ফলত ৰাজ্যত কোনোধৰণৰ ক্ষয়-ক্ষতি হোৱাৰ তথ্য বৰ্তমানলৈকে পোহৰলৈ অহা নাই । গুৱাহাটীৰ লগতে বৰপেটা, নলবাৰী, দৰং, মৰিগাঁও আদি জিলাসমূহতো অনুভূত হয় ভূমিকম্পটোৰ জোকাৰণি ।

উল্লেখ্য যে, চলিত বৰ্ষত কেইবাটাও সৰু-মধ্যমীয়া প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ অসম । 2021 বৰ্ষত ৰাজ্যত অহা অধিকাংশ ভূমিকম্পৰে অভিকেন্দ্ৰ আছিল শোণিতপুৰ জিলা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহ ।

লগতে পঢ়ক : বন্ধ হ’ব ৰাজ্যৰ দুকুৰি সৰু-বৰ জলসিঞ্চন প্রকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.