ETV Bharat / state

বন্ধ হ’ব ৰাজ্যৰ দুকুৰি সৰু-বৰ জলসিঞ্চন প্রকল্প

author img

By

Published : Nov 19, 2021, 4:31 PM IST

Updated : Nov 20, 2021, 6:30 AM IST

একাংশ ঠিকাদাৰ আৰু বিষয়া-অভিযন্তাই কেৱল ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰি অহা অর্ধনির্মিত জলসিঞ্চন প্রকল্পসমূহ(Irrigation projects)ৰ ক্ষেত্ৰত চৰকাৰে এতিয়া আৰু পুঁজি মুকলি কৰি নিদিয়ে । উৎসস্থলীত পর্যাপ্ত পানী নথকা সত্বেও কেৱল ঠিকাদাৰ বা অভিযন্তাৰ ব্যক্তিগত স্বার্থৰ কথা চিন্তা কৰি কেইবাটাও অঞ্চলত প্রকল্পৰ নির্মাণকাৰ্য আৰম্ভ কৰা হৈছিল । ফলত তেনে বহু প্রকল্পৰ পৰা আজি পর্যন্ত পথাৰত কৃষকে পানী নাপালে বা প্রকল্পৰ নির্মাণ কাৰ্য আধৰুৱা হৈ থাকিল ।

40 irrigation projects will be closed
বন্ধ হ’ব ৰাজ্যৰ ৪০টা জলসিঞ্চন প্রকল্প

গুৱাহাটী, ১৯ নৱেম্বৰ: অসমত জলসিঞ্চন(Irrigation)ৰ পৰ্যাপ্ত ব্যৱস্থা নথকাৰ বাবেই কৃষক ৰাইজে বতৰৰ ওপৰতে নিৰ্ভৰ কৰি কৃষিকাৰ্য কৰিবলগীয়া হয় । ইফালে, জলসিঞ্চনৰ যিবোৰ আঁচনি আছে সেইবোৰৰ বেছিভাগেই কাৰ্যক্ষম নহয় । ইয়াৰ মাজতে কৃষকে খেতিপথাৰত পানী নােপােৱা আৰু অর্ধনির্মিত হৈ থকা ৰাজ্যখনৰ জলসিঞ্চন প্রকল্প(Irrigation projects)সমূহ চিৰদিনৰ বাবে বন্ধ হ'ব । বছৰ বছৰ ধৰি সংমণ্ডলে সংমণ্ডলে নির্মাণ সম্পূর্ণ নােহােৱাকৈ আধৰুৱা হৈ থকা প্রায় ৩০-৪০টা সৰু-বৰ জলসিঞ্চন প্রকল্প বন্ধ কৰাৰ বাবে চৰকাৰে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিছে ।

40 irrigation projects will be closed
বন্ধ হ’ব ৰাজ্যৰ ৪০টা জলসিঞ্চন প্রকল্প

ইতিমধ্যে, অর্ধনির্মিত হৈ থকা প্রকল্পসমূহ চিৰদিনৰ বাবে বন্ধ কৰাৰ বাবে জলসিঞ্চন বিভাগে(Irrigation Department) এখন তালিকা প্রস্তুত কৰিছে । একাংশ ঠিকাদাৰ আৰু বিষয়া-অভিযন্তাই কেৱল ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰি অহা অর্ধনির্মিত প্রকল্পসমূহৰ ক্ষেত্ৰত চৰকাৰে এতিয়া আৰু পুঁজি মুকলি কৰি নিদিয়ে । ইতিপূর্বে অর্ধনির্মিত প্রকল্পসমূহত যিমান পৰিমাণৰ পুঁজি ব্যয় কৰা হৈছে, সেই পুঁজি সম্পূর্ণ অপচয় বুলি বিভাগটোৱে ধৰি লৈছে । উল্লেখ্য যে, জলসিঞ্চন বিভাগটো বছৰ বছৰ ধৰি একাংশ ঠিকাদাৰ, অভিযন্তাৰ বাবে কেৱল ধন ঘটাৰ আহিলাত পৰিণত হৈ আহিছিল ।

একাংশ প্ৰভাৱশালী ঠিকাদাৰে নিৰ্ধাৰণ কৰি দিয়া স্থানত জলসিঞ্চন প্রকল্প স্থাপনৰ বাবে বিষয়া-অভিযন্তাই প্রস্তাৱ প্ৰস্তুত কৰি কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল আৰু সেইমর্মে কেন্দ্রীয় চৰকাৰে পুঁজি আবণ্টন দিছিল । আবণ্টিত সেই পুঁজি সময়ে সময়ে মুকলি কৰি দি ঠিকাদাৰ তথা একাংশ বিষয়া-অভিযন্তাৰ আয়ৰ উৎস হৈছিল যদিও বছৰৰ পাছত বছৰ ধৰি তেনে বহু প্রকল্প নির্মাণ সম্পূর্ণ হৈ উঠা নাছিল ।

40 irrigation projects will be closed
বন্ধ হ’ব ৰাজ্যৰ ৪০টা জলসিঞ্চন প্রকল্প

কেন্দ্রই আবণ্টন দিয়া পুঁজিৰ ব্যয় সম্পূর্ণ হােৱাৰ পাছতাে একাংশ প্রকল্প নির্মাণ সম্পূর্ণ কৰা নাছিল । বিশেষকৈ কেন্দ্রীয় চৰকাৰ(Central Government)ৰ এ আই বি পি আঁচনিখন(AIBP Scheme)ৰ অধীনস্থ বহু প্রকল্পৰ নির্মাণকাৰ্য আধৰুৱা কৰি ৰখা হৈছিল । তাতকৈয়াে ডাঙৰ কথা এয়ে যে, উৎসস্থলীত পর্যাপ্ত পানী নথকা সত্ত্বেও কেৱল ঠিকাদাৰ বা অভিযন্তাৰ ব্যক্তিগত স্বার্থৰ কথা চিন্তা কৰি কেইবাটাও অঞ্চলত প্রকল্পৰ নির্মাণকাৰ্য আৰম্ভ কৰা হৈছিল । ফলত তেনে বহু প্রকল্পৰ পৰা আজি পর্যন্ত পথাৰত কৃষকে পানী নাপালে বা প্রকল্পৰ নির্মাণকাৰ্য আধৰুৱা হৈ থাকিল ।

40 irrigation projects will be closed
বন্ধ হ’ব ৰাজ্যৰ ৪০টা জলসিঞ্চন প্রকল্প

ৰাজ্যখনত এনে বহু প্রকল্পৰ নামত শ শ কোটি টকা ব্যয় হােৱাৰ পাছতাে নির্মাণকার্য আধৰুৱা হৈ থকাত এতিয়া কেন্দ্রীয় চৰকাৰে পৰৱর্তী পুঁজি মােকলাই দিয়া বন্ধ কৰিছে । অর্থাৎ আধৰুৱা প্রকল্পৰ ক্ষেত্ৰত পুঁজিব্যয়ৰ প্রমাণপত্র দাখিল কৰিব নােৱৰাত তেনে প্রকল্পৰ ক্ষেত্ৰত কেন্দ্রই আৰু পৰৱর্তী পর্যায়ৰ পুঁজি মুকলি কৰি নিদিয়ে । বিশেষকৈ এ আই বি পি আঁচনিখনৰ ক্ষেত্ৰত এনে পৰিস্থিতি দেখা দিয়াত এতিয়া অর্ধনির্মিত প্রকল্পসমূহ বন্ধ কৰাৰ সিদ্ধান্ত ল'বলৈ চৰকাৰ বাধ্য হৈছে । ইয়াৰ বিপৰীতে এতিয়া কেৱল নতুন প্রকল্প নির্মাণ আৰু চলি থকা প্ৰকল্পৰ ক্ষেত্ৰতহে চৰকাৰে পুঁজি মুকলি কৰিব ।

এই সিদ্ধান্তৰ ফলত বিভাগটোত পৰম্পৰাগতভাৱে চলি অহা অনিয়ম কিছু পৰিমাণে বন্ধ হ’ব বুলি অনুমান কৰা হৈছে । কিন্তু এই সিদ্ধান্তবােৰ লােৱাৰ ফলত বিগত ভালেমান দিন ধৰি বিভাগটোৰ নির্মাণ সম্বন্ধীয় অন্য কাম-কাজবােৰাে স্থবিৰ হৈ পৰিছে । জানিব পৰা মতে, চৰকাৰে জলসিঞ্চন বিভাগটোক পুনৰ গঠন কৰাৰ প্রক্রিয়া হাতত লৈছে ।

40 irrigation projects will be closed
বন্ধ হ’ব ৰাজ্যৰ ৪০টা জলসিঞ্চন প্রকল্প

পূর্বে কোনাে ধৰণৰ সংগতি নােহােৱাকৈ স্থাপন কৰা সংমণ্ডল কার্যালয়সমূহ বন্ধ কৰা হৈছে আৰু বিধানসভাৰ সমষ্টি ভিত্তিত সংমণ্ডল স্থাপনৰ কাম চলি আছে । প্রতিটো বিধানসভা সমষ্টিত জলসিঞ্চনৰ একোটাকৈ সংমণ্ডল কার্যালয় স্থাপনৰ কাম সম্প্রতি চলি আছে । এই কার্যালয়সমূহ স্থাপন হােৱাৰ পাচতহে নতুন প্রকল্প নির্মাণৰ কাম আৰম্ভ হ'ব ।

লগতে পঢ়ক:Repeal of farm laws : দেশৰ অন্নদাতাৰ ওচৰত সেও মানিবলৈ বাধ্য হ'ল কেন্দ্ৰীয় চৰকাৰ

Last Updated : Nov 20, 2021, 6:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.