ETV Bharat / state

DYFI Protest in Guwahati: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক বাকী আৰু ফাঁকিৰ চৰকাৰ আখ্যা ডি ৱাই এফ আইৰ

author img

By

Published : Mar 16, 2023, 10:55 PM IST

গুৱাহাটীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী ৷ নতুন কৰ্মসংস্থাপন সৃষ্টি কৰা, বিকল্প ব্যৱস্থা অবিহনে উচ্ছেদ বন্ধ কৰা আদি একাধিক দাবীৰে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক বাকী আৰু ফাঁকিৰ চৰকাৰ আখ্যা DYFI ৰ ৷ এই চৰকাৰৰ দিনত শিক্ষাক্ষেত্ৰত এক অৰাজক পৰিবেশ সৃষ্টি হোৱা বুলি উল্লেখ সংগঠনটোৰ ৷

DYFI Protest in Guwahati
হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক বাকী আৰু ফাঁকিৰ চৰকাৰ আখ্যা ডি ৱাই এফ আইৰ

হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক বাকী আৰু ফাঁকিৰ চৰকাৰ আখ্যা ডি ৱাই এফ আইৰ

গুৱাহাটী, 16 মাৰ্চ: নতুন কৰ্মসংস্থাপন, কৰ্ম নিৰাপত্তা সৃষ্টি কৰা, শিক্ষা, স্বাস্থ্য, কৃষি,বান-গৰাখহনীয়া আদিকে ধৰি মানুহৰ জীৱন জীৱিকাৰ সমস্যা সমাধান কৰাৰ দাবীৰে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৷ বৃহস্পতিবাৰে চচলৰ ধৰ্ণাস্থলীত শতাধিক ডি ৱাই এফ আইৰ কৰ্মীয়ে সাব্যস্ত কৰে ধৰ্ণা আৰু প্ৰতিবাদী কাৰ্যসূচী (DYFI Protest in Guwahati) ৷

বিকল্প ব্যৱস্থা অবিহনে উচ্ছেদ বন্ধ কৰা, অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহক প্ৰাদেশিকীকৰণৰ ব্যৱস্থা কৰা, ঠিকা ভিত্তিক শিক্ষকসকলক স্থায়ী নিযুক্তি প্ৰদান কৰা , চৰকাৰী-বেচৰকাৰী শ্ৰমিকৰ নূন্যতম দৰমহা মাহে 21 হাজাৰকৈ টকা দিয়াৰ ব্যৱস্থা কৰা আদিৰ দাবী উত্থাপন কৰি ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

প্ৰতিবাদত অংশগ্ৰহণ কৰি ডি ৱাই এফ আইৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ৰুষ্টম আলী আৰু সম্পাদক ৰিতু ৰঞ্জন দাসে সংবাদ মাধ্যমৰ আগত কয়, ‘‘নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ 23 লাখ নিবনুৱাক কৰ্ম সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ৷ কিন্তু চৰকাৰখনে পৰৱৰ্তী সময়ত সেই প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰাৰ বাবে অসমত 30 লাখ পঞ্জীয়নভুক্ত নিবনুৱা যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন বিচাৰি হাহাকাৰ কৰিব লগা হৈছে (Unemployment in Assam) ৷’’

হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক বাকী আৰু ফাঁকিৰ চৰকাৰ বুলি উল্লেখ কৰি তেওঁলোকে পুনৰ কয়, ‘‘কৰ্ম সংস্থাপনৰ অভাৱত নিবনুৱাই ককবকাই থকাৰ সময়তে চৰকাৰে নতুন পদ সৃষ্টি কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে ৷ চৰকাৰৰ সুপৰিকল্পিত নীতিৰ অভাৱত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে বয়-বস্তুৰ দাম ৷ স্বচ্ছ আৰু নিকা ব্যৱস্থাৰ কথা কোৱা চৰকাৰখনে মেট্ৰিক পৰীক্ষাটো আজিলৈ সুকলমে আয়োজন কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক (SEBA question paper leak) ৷’’

এই চৰকাৰৰ দিনত শিক্ষা ক্ষেত্ৰত এক অৰাজক পৰিৱেশ সৃষ্টি হোৱা বুলি উল্লেখ কৰি সন্থাৰ প্ৰতিবাদী নেতাই কয়, ‘‘ৰাজ্যত শিক্ষকবিহীনভাৱে অথবা এজনীয়া শিক্ষকেৰে চলা বহু বিদ্যালয় চলি থকাৰ পাচতো চৰকাৰখনে প্ৰায় 8 হাজাৰ শিক্ষকৰ পদ বিলুপ্ত কৰিছে ৷ তাৰোপৰি এই চৰকাৰৰ প্ৰতাৰণাৰ বাবে 35 সহস্ৰাধিক ঠিকা ভিত্তিক শিক্ষকৰ জীৱনলৈ এতিয়া চৰম অনিশ্চয়তা নামি আহিছে ।’’

শিক্ষা,স্বাস্থ্য,কৃষি,মূল্যবৃদ্ধি, আইন-শৃংখলা পৰিস্থিতি,গৰাখহনীযা আদি সকলো দিশতে ব্যৰ্থ হোৱা চৰকাৰখনে ৰাইজৰ মৌলিক সমস্যাসমূহ সমধান কৰাৰ বিপৰীতে মানুহৰ মাজত বিভাজনকামী ৰাজনীতি কৰা বুলিও উত্থাপন কৰে অভিযোগ ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সন্থাৰ তৰফৰ ফালৰ পৰা দিছপুৰ থানাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ কেইবাটাও দাবী সম্বলিত এখন স্মৰক পত্ৰ প্ৰদান কৰে ৷

লগতে পঢ়ক: Assam Budget 2023: মুখ্যমন্ত্ৰীৰ অধীনত থকা গৃহ বিভাগৰ বাবে কি কি আঁচনি আছে বাজেটত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.