Assam Budget 2023: মুখ্যমন্ত্ৰীৰ অধীনত থকা গৃহ বিভাগৰ বাবে কি কি আঁচনি আছে বাজেটত ?

author img

By

Published : Mar 16, 2023, 7:33 PM IST

Assam Budget 2023

বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে 2023-24 বৰ্ষৰ পূৰ্ণাংগ বাজেট ৷ বাজেটত অসম আৰক্ষীৰ বাবে গ্ৰহণ কৰা হৈছে কেতবোৰ বিশেষ আঁচনি ৷ থানাসমূহ উন্নয়নৰ বাবে পুঁজি নিৰ্ধাৰণ কৰাৰ লগতে অসম আৰক্ষীৰ জৰুৰীকালীন ব্যৱস্থা অধিক কাৰ্যক্ষম কৰাৰ বাবেও গ্ৰহণ কৰা হৈছে আঁচনি (Assam Budget 2023) ৷

গুৱাহাটী, 16 মাৰ্চ: মুখ্যমন্ত্ৰীৰ অধীনত থকা গৃহ বিভাগক শক্তিশালী কৰাৰ বাবে বিধানসভাত বৃহস্পতিবাৰে বিত্তমন্ত্ৰীয়ে প্ৰদান কৰা বাজেট ভাষণত কেবাটাও আঁচনিৰ কথা ঘোষণা কৰে ৷ বিশেষকৈ অসম আৰক্ষীৰ জৰুৰীকালীন ব্যৱস্থাপনা পদ্ধতি (APEMS) - ডায়েল-112 অধিক কাৰ্যক্ষম কৰাৰ বাবে বাজেটত প্ৰস্তাৱ গ্ৰহণ কৰিছে ৷ অসম আৰক্ষীৰ Dial-112 প্ৰকল্পক সম্পূৰ্ণৰূপে ন-ৰূপ প্ৰদান কৰি অসম আৰক্ষীৰ জৰুৰীকালীন ব্যৱস্থাপনা পদ্ধতিক উপলব্ধতা আৰু সৰ্বব্যাপকতা বৃদ্ধি কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত সদৰী কৰে (Assam assembly budget session 2023) ৷

অপহৰণ, ডকাইতি, যৌন নির্যাতন, যান-বাহন চুৰি, ঘৰুৱা হিংসা, সংঘৰ্ষজনিত ঘটনা আদিৰ দৰে বিপৰ্যয়ৰ পৰিস্থিতিৰ সন্মুখীন হোৱা যি কোনো নাগৰিকে টেলিফোন, SMS, Web Portal, Mobile app আদিৰ জৰিয়তে আৰক্ষীৰ সৈতে যোগাযোগ কৰিব পাৰিব ৷

প্ৰশিক্ষিত মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত গুৱাহাটীৰ সু-সজ্জিত আৰু আধুনিক কেন্দ্ৰীভূত আৰক্ষী জৰুৰীকালীন সঁহাৰি কেন্দ্ৰই 24 ঘণ্টাই এই বার্তাসমূহ গ্ৰহণ কৰিব বুলি বিত্তমন্ত্ৰীয়ে সদৰী কৰে ৷ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলগীয়া ঘটনাসমূহৰ ক্ষেত্ৰত প্ৰশিক্ষিত আৰক্ষী বিষয়াসকলে তৎকালেই বিশেষভাৱে প্ৰশিক্ষিত আৰক্ষীৰ লোকক জৰুৰীকালীন সঁহাৰি বাহন (Emergency response Vehicle) ৰ জৰিয়তে ঘটনাস্থলীলৈ প্ৰেৰণ কৰিব (Assam budget 2023 highlight) ৷

তেওঁলোকে যিমান সম্ভৱ অতি কম সময়ৰ ভিতৰত GPS ট্ৰেকিংযুক্ত ERV-ৰ জৰিয়তে ফোন কৰোঁতাজনৰ ওচৰ পাবগৈ আৰু প্ৰথম সঁহাৰি দিওঁতা হিচাবে জৰুৰীকালীন সেৱা আগবঢ়াব ৷ বিভিন্ন অভিযোগৰ প্ৰতি ফলপ্ৰসূতাৰে সঁহাৰি জনোৱাৰ ক্ষেত্ৰত এই ব্যৱস্থাই আৰক্ষীৰ সঁহাৰি প্ৰদান প্ৰক্ৰিয়ালৈ আমূল পৰিবৰ্তন আনিব বুলি বিত্তমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে ৷ ইয়াৰ বাবে এই বাজেটত 25 কোটি টকা আবণ্টনৰ প্ৰস্তাৱ কৰা বুলি বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে সদৰী কৰে (Finance minister Ajanta Neog) ৷

ইপিনে আৰক্ষীৰ বাবে আন্তঃগাঁথনি শক্তিশালীকৰণৰ বাবে কেইবাটাও আঁচনি বাজেট ভাষণত ঘোষণা কৰা হয় ৷ পাঁচটা কমাণ্ডো বেটেলিয়ন গঠনৰ বাবদ 839.94 কোটি টকা বাজেটত ধাৰ্য কৰা‌ হৈছে ৷ আকৌ 119 খন আৰক্ষী থানা নির্মাণৰ বাবদ 338.40 কোটি টকা, 83 টা আৰক্ষী চকী ভৱন নির্মাণৰ বাবদ 79.88 কোটি টকা, 18 টা মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয় তথা আৱাস নির্মাণৰ বাবদ 20.28 কোটি টকা ধাৰ্য কৰা হৈছে ৷

আনহাতে 17 টা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় নির্মাণৰ বাবদ 62.72 কোটি টকা, 12 টা আৰক্ষী অধীক্ষকৰ আৱাস নির্মাণৰ বাবদ 17.62 কোটি টকা, 1000 টা চৰকাৰী আৱাস নিৰ্মাণৰ বাবদ 413.26 কোটি টকা, 19 টা আৰক্ষী ছাউনী নির্মাণৰ বাবদ 769.86 কোটি টকা, 162 খন আৰক্ষী থানা (ইপিচি মোডত)নির্মাণৰ বাবদ 523.69 কোটি টকা ধাৰ্য কৰা হৈছে (Budget scheme for Assam police) ৷

ইপিনে গুৱাহাটী মহানগৰত থকা অসম আৰক্ষী ছাউনী চৌহদৰ পুনৰ উন্নয়নৰ বাবদ 544.54 কোটি টকা, গুৱাহাটী আৰক্ষী আয়ুক্তালয় ভৱন নিৰ্মাণৰ‌ বাবদ 95.00 কোটি টকা আৰু সংহত অসম আৰক্ষী মুখ্য কার্যালয় নিৰ্মাণৰ বাবদ 129.90 কোটি টকা ধাৰ্য কৰা হৈছে ৷

লগতে পঢ়ক: Assam Budget 2023 : লোক নিৰ্মাণ বিভাগৰ (পথ) বাবে বাজেটত প্ৰায় ১২ কোটি আবণ্টন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.