ETV Bharat / state

Illegal coal smuggling in Assam: বিৰোধী দলপতিয়ে ৰাজহুৱা কৰিলে ভিডিঅ'

author img

By

Published : Dec 25, 2021, 7:29 PM IST

debabrata-saikia-shares-a-video-showing-illegal-coal-smuggling-in-assam
অবৈধ কয়লাঃ বিৰোধী দলপতিয়ে ৰাজহুৱা কৰিলে ভিডিঅ'

বিধানসভাৰ সদ্যসমাপ্ত অধিবেশনত মুখ্যমন্ত্ৰীয়ে অসমৰ ক'তোৱেই কয়লাৰ অবৈধ সৰবৰাহ চলি থকা নাই বুলি দাবী কৰিছিল (Assam CM on illegal coal mining) । এনে সময়তে, শনিবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Leader of the opposition Debabrata Saikia) ৰাজহুৱা কৰিছে কয়লাৰ অবৈধ সৰবৰাহৰ এটা ভিডিঅ’ ৷ সবিশেষ জানো আহক ৷

গুৱাহাটী, ২৫ ডিচেম্বৰ : অসমৰ ক'তোৱেই কয়লাৰ অবৈধ সৰবৰাহ চলি থকা নাই বুলি বিধানসভাৰ সদ্যসমাপ্ত শীতকালিন অধিবেশনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে দাবী কৰাৰ পিছত শনিবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Leader of the opposition Debabrata Saikia) ৰাজহুৱা কৰা এটা ভিডিঅ'ই আলোড়ন সৃষ্টি কৰিছে ।

ভিডিঅ'টোৱে সমানে অস্বস্তিত পেলাইছে চৰকাৰকো । কিয়নো মুখ্যমন্ত্ৰীয়ে কৰা দাবীৰ বিপৰীতে এই ভিডিঅ'টোত দেখা গৈছে কিদৰে এতিয়াও মাৰ্ঘেৰিটাৰ পৰা নিশাৰ আন্ধাৰত সৰবৰাহ কৰি থকা হৈছে অবৈধ কয়লা (Video shows illegal coal smuggling in assam ) । কোনো প্ৰভাৱশালী ৰাজনৈতিক পৃষ্ঠপোষকতা অবিহনে যে এনে কাৰ্য সম্ভৱ নহয় সেয়াও স্পষ্ট হৈ পৰিছে ভিডিঅ'টোত ।

অবৈধ কয়লাঃ বিৰোধী দলপতিয়ে ৰাজহুৱা কৰিলে ভিডিঅ'

মন কৰিবলগীয়া যে, বিধানসভাৰ সদ্যসমাপ্ত অধিবেশনত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে, মেঘালয়ৰ কয়লা যদি অবৈধভাবে অসমৰ মাজেৰে সৰবৰাহ হৈ আছে তেন্তে তাত অসম চৰকাৰৰ কৰিবলগীয়া একো নাই (Assam CM on illegal coal mining) ।

আনকি, মাৰ্ঘেৰিটা আৰু ওমৰাংচ'ত কয়লা খনন বন্ধ থকাৰ কথাও বিধানসভাত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল । সিমানৰ পিছতো এতিয়া বিৰোধী দলপতি গৰাকীয়ে শনিবাৰে ৰাজহুৱা কৰা এই ভিডিঅ' তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক : SOP in Assam: অসমত পুনৰ জাৰি কৰা হ’ল সান্ধ্য আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.