ETV Bharat / state

GMCH ত ৰহস্যজনক অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Feb 27, 2022, 1:33 PM IST

GMCH
GMCHত ৰহস্যজনক অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ

সন্তানৰ চিকিৎসাৰ বাবে অহা এগৰাকী মহিলাৰ মৃতদেহ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পুৰণি বিল্ডিঙৰ দ্বিতীয় মহলাত উদ্ধাৰ (Deadbody of a women recovered in old building of GMCH) । ২১ বছৰীয়‍া মহিলাগৰাকীৰ নাম আয়েচা খাটুন । যোৱা নিশা হাস্পতালতে স্বামীৰ সৈতে মহিলাগৰাকী কাজিয়াত লিপ্ত হৈছিল ।

গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেওবাৰে ৰহস্যজনক অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হয় । জানিব পৰা মতে, সন্তানৰ চিকিৎসাৰ বাবে অহা মহিলাগৰাকীৰ মৃতদেহ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পুৰণি বিল্ডিঙৰ দ্বিতীয় মহলাত উদ্ধাৰ হৈছে (Deadbody of a women recovered in old building of GMCH) । ২১ বছৰীয়‍া মহিলাগৰাকীৰ নাম আয়েশা খাতুন বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি, জিএমচিএইচত মহিলাগৰাকীৰ তিনি বছৰীয়া সন্তান চিকিৎসাজনিত কাৰণত ভৰ্তি হৈ আছে । শনিবাৰে নিশা হাস্পতালতে স্বামীৰ সৈতে মহিলাগৰাকী কাজিয়াত লিপ্ত হৈছিল বুলি সদৰি কৰে মহিলাগৰাকীৰ মাতৃয়ে । মহিলাগৰাকীক দ্বিতীয় স্বামী হাদি আলীয়ে হত্যা কৰাৰ সন্দেহ কৰিছে আয়েশাৰ মাতৃয়ে । দুয়োৰে কাজিয়াৰ সময়ত আয়েশাৰ মাক ঘটনাস্থলীত উপস্থিত আছিল ।

GMCH
GMCH ত ৰহস্যজনক অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ

পূৰ্বৰ স্বামীৰ লগত সম্পৰ্ক ৰক্ষাৰ সন্দেহতে আয়েশাৰ লগত প্ৰায়ে কাজিয়াত লিপ্ত হৈছিল বৰ্তমানৰ স্বামী হাদি আলী । বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে । ৰহস্যৰ মাজত সোমাই পৰিছে সমগ্ৰ ঘটনা ।

আৰক্ষীয়ে প্ৰত্যক্ষদৰ্শী লোকক সোধা-পোচা অব্যাহত ৰাখিছে । আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি হাস্পতালৰে মৰণোত্তৰ বিভাগলৈ প্ৰেৰণ কৰিছে । উল্লেখ্য যে, ৭ ফেব্ৰুৱাৰীত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল মৃতদেহ উদ্ধাৰ হোৱা মহিলাগৰাকীৰ সন্তান ।

লগতে পঢ়ক : Man commit suicide in Karbi Anglong: খটখটীত উদ্ধাৰ পত্নীহন্তা স্বামীৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.