ETV Bharat / state

হেঙেৰাবাৰীত জংঘলত মৃতদেহ উদ্ধাৰ

author img

By

Published : Jun 11, 2021, 9:07 PM IST

dead-body-of-man-found-in-hengerabari-jungle
হেঙেৰাবাৰীৰ জংঘলত উদ্ধাৰ পুৰুষৰ মৃতদেহ

হেঙেৰাবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ পিছফালে থকা জংঘলত উদ্ধাৰ এটা মৃতদেহ । স্থানীয় ৰাইজে বিবস্ত্ৰ অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ডিঙিত কাপোৰ মেৰিয়াই থোৱা অৱস্থাত লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰে ।

গুৱাহাটী, ১১ জুন : গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীত শুকুৰবাৰে বিবস্ত্ৰ অৱস্থাত এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত । ঘটনাৰ বিৱৰণী মতে, শুকুৰবাৰে পুৱাৰ ভাগত হেঙেৰাবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ পিছফালে থকা ঘন জংঘলৰ মাজত বিবস্ত্ৰ অৱস্থাত এজন লোকৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ডিঙিত কাপোৰ মেৰিয়াই থোৱা অৱস্থাত লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰে ।

আৰক্ষীয়ে জনোৱা মতে, মৃত লোকজন হেঙেৰাবাৰীৰ পূৰ্বাঞ্চল নগৰৰ দীপক বৈশ্য । লোকজন দীৰ্ঘদিনৰ পৰা মদ-ভাঙৰ প্ৰতি আসক্ত আছিল বুলি স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে। অৱশ্যে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটোৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে হত্যাকাণ্ডও হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে ।

সম্প্ৰতি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(GMCH)লৈ প্ৰেৰণ কৰে । উল্লেখ্য যে, এই ঘটনাৰ আঁৰত ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ জড়িত থাকিব পাৰে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যদিও আৰক্ষীৰ তদন্ততহে সকলো কথা পোহৰলৈ আহিব ।

লগতে পঢ়ক: বটদ্ৰৱা আৰক্ষীৰ জালত গাঞ্জা সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.