ETV Bharat / state

বৰ্ধিত ক’ভিড সংক্ৰমণৰ মাজত জীৱিকাৰ পথ হেৰুৱাইছে পদপথৰ খাদ্য ব্যৱসায়ীয়ে

author img

By

Published : Jan 20, 2022, 2:18 PM IST

ক’ভিডৰ দ্ৰুত সংক্ৰমণৰ বাবে মহানগৰীৰ পদপথৰ খাদ্যৰ দোকানত ৭০% গ্ৰাহকৰ সংখ্যা হ্ৰাস (Rising COVID cases affecting street food vendors ) ৷ জীৱন জীৱিকাক লৈ চিন্তিত ক্ষুদ্ৰ ব্যৱসায়ী সকল ৷

COVID affecting street food market in Guwahati
বৰ্ধিত ক’ভিড সংক্ৰমণৰ মাজত জীৱিকাৰ পথ হেৰুৱাইছে পদপথৰ খাদ্য ব্যৱসায়ীয়ে

গুৱাহাটী, ১৯ জানুৱাৰী : ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক’ভিড সংক্ৰমণে (COVID cases rapidly increasing in assam)। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি মঙলবাৰৰ দিনটোত ৮০৭২ গৰাকী লোক নতুনকৈ ক’ভিড আক্ৰান্ত হৈছে । তাৰ ভিতৰত ১৯৯৬ গৰাকী লোক কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈছে (Covid update of Kamrup metro district) । ইতিমধ্যে ক’ভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কঠোৰ নীতি নিৰ্দেশনা বান্ধি দিছে । ফলত বিগত এটা সপ্তাহৰ পৰা পদপথৰ খাদ্যৰ দোকানত গ্ৰাহকৰ সংখ্যা হ্ৰাস পোৱাত জীৱন জীৱিকাক লৈ চিন্তিত হৈ পৰিছে ক্ষুদ্ৰ ব্যৱসায়ীসকল ।

বৰ্ধিত ক’ভিড সংক্ৰমণৰ মাজত জীৱিকাৰ পথ হেৰুৱাইছে পদপথৰ খাদ্য ব্যৱসায়ীয়ে

এই বিষয় সন্দৰ্ভত পথ ব্যৱসায়ী সংস্থা, অসমৰ সভাপতি চন্দন গোস্বামীয়ে কয় যে, পদপথৰ খাদ্যৰ দোকানত কৰণাৰ দ্ৰুত সংক্ৰমণ হোৱাৰ পিছত ৭০% গ্ৰাহকৰ সংখ্যা হ্ৰাস পাইছে । ব্যৱসায়ী সকলে সম্পূৰ্ণ ক’ভিড নীতি নিয়ম মানি দোকান খুলিছে যদিও গ্ৰাহকে তেওঁলোকৰ দোকানত খাবলৈ ভয় কৰা হৈছে (COVID affecting street food market in Guwahati) ।

যোৱা এমাহৰ পৰা গ্ৰাহকৰ সংখ্যা লাহে লাহে কমি আহিছিল যদিও বিগত সপ্তাহৰ পৰা ব্যৱসায় সম্পূৰ্ণ ৰূপে বন্ধ হৈ যোৱাৰ দৰেই হৈছে । কৰ’ণাৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ পিছত স্বাভাৱিক অৱস্থা ঘূৰি অহাত ব্যৱসায় লাহে লাহে ভাল হবলৈ ধৰাৰ পিছতে এতিয়া পুনৰ ক’ভিডৰ আগমণে বাৰুকৈয়ে বিপাঙত পেলাইছে পদপথৰ এই সকল ব্যৱসায়ীক ৷

উল্লেখযোগ্য যে, গুৱাহাটী মহানগৰীৰ পাণবজাৰত থকা প্ৰায় ২০০-২৫০ খন পদপথৰ খাদ্যৰ দোকান স্কুল কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ ওপৰত নিৰ্ভৰশীল ৷ ইয়াৰোপৰি সন্ধিয়াৰ সময়ত অন্যান্য গ্ৰাহকে পদপথৰ খাদ্যৰ জুতি লবলৈ পাণবজাৰলৈ প্ৰায়েই যায় ৷ কিন্তু ক’ভিডৰ বাবে বৰ্তমান মানুহ বাহিৰলৈ ওলোৱা বন্ধ কৰাৰ লগতে বাহিৰত খাবলৈ ভয় কৰা হৈছে ।

ফলত এতিয়া এই ব্যৱসায়ী সকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । সম্প্ৰতি, দৈনিক উপাৰ্জন হোৱাৰ টকাৰে পৰিয়াল পোহ-পাল দিয়া বাদেই দোকানৰ কৰ্মচাৰীক দিবলৈকো নোজোৰা অৱস্থা হৈছে পদপথৰ ব্যৱসায়ী সকলৰ । পূৰ্বতে ৪-৬ হাজাৰ দৈনিক বিক্ৰী হোৱা দোকান একোখনত এতিয়া দুহেজাৰ টকাৰ সামগ্ৰীও বিক্ৰী নোহোৱা পৰিস্থিতি হোৱাত স্বাভাৱিকতেই ব্যৱসায়ী সকল চিন্তিত হৈ পৰিছে ।

লগতে পঢ়ক : Omicron in Assam: ৰাজ্যৰ অধিকাংশ ক’ভিড পজিটিভ লোক আক্ৰান্ত হৈছে অ’মিক্ৰণত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.