ETV Bharat / state

Water Supply Project: মহানগৰীত ৫১.৫৫ কোটি টকাৰ পানীৰ পাইপ ধ্বংসৰ গৰাহত

author img

By

Published : Feb 17, 2022, 8:41 PM IST

Guwahati water supply project
মহানগৰীত ৫১.৫৫ কোটি টকাৰ পানীৰ পাইপ ধ্বংসৰ গৰাহত

চৰম অনিশ্চয়তাৰে চলি আছে গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ৷ এইবাৰ গুৱাহাটী পানী যোগান প্ৰকল্পৰ কামত দুৰ্নীতি সংঘটিত হোৱাৰ এক অভিযোগ পোহৰলৈ আহিছে (Corruption in Guwahati water supply project work) । শেহতীয়াভাৱে প্ৰকল্পটোৰ ৫১.৫৫ কোটি টকাৰ পানীৰ পাইপ ধ্বংস হোৱাৰ তথ্য পোহৰলৈ আহিছে । প্ৰকল্পটো ৰূপায়ন কৰি থকা ‘‘Gammon engineers and contractors private limited’’ য়ে চৰকাৰৰ সংশ্লিষ্ট বিভাগক প্ৰকল্পটোৰ ৫১.৫৫ কোটি টকাৰ পানীৰ পাইপ ধ্বংস হোৱাৰ তথ্য সদৰি কৰিছে ৷

গুৱাহাটী, 17 ফেব্ৰুৱাৰী : চৰম অনিশ্চয়তাৰে চলি আছে গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ৷ গুৱাহাটী পানী যোগান প্ৰকল্পৰ কামত সৃষ্টি হৈছে নতুন এক সমস্যাৰ । জানিব পৰা মতে, গুৱাহাটী পানী যোগান প্ৰকল্পৰ অধীনৰ জাইকাৰ (Japan International Cooperation Agency চমুকৈ JICA) পৰা ঋণ লৈ আৰম্ভ কৰা হৈছিল কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্প আৰু উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ৷

এইবাৰ এই প্ৰকল্পত সংঘটিত দুৰ্নীতি ৷ যাৰ বাবে দুৰ্নীতিৰ তদন্ত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গঠন কৰিছিল তদন্ত কমিটী ৷ অৱশ্যে তাৰ পিছতো অন্ত নপৰিল পানী যোগান প্ৰকল্পৰ দুৰ্নীতি (Corruption in Guwahati water supply project work) ৷ গুৱাহাটী পানী যোগান প্ৰকল্পৰ অধীনৰ JNNURM আঁচনিৰ জৰিয়তে চলি থকা পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ কামত সৃষ্টি হৈছে নতুন সমস্যাৰ ।

Guwahati water supply project
মহানগৰীত ৫১.৫৫ কোটি টকাৰ পানীৰ পাইপ ধ্বংসৰ গৰাহত

মন কৰিবলগীয়া যে, গুৱাহাটীবাসীক ২৪ ঘণ্টাই খোৱাপানী যোগান ধৰাৰ বাবে বিগত ৮-৯ বছৰৰ ধৰি চলি থকা চাৰিটা পানী যোগান প্ৰকল্পৰ কামত চৰম দুৰ্নীতি আৰু অনিয়মৰ বাবে বৰ্তমানলৈকে এটাও প্ৰকল্প সম্পূৰ্ণ হোৱা নাই । গুৱাহাটী পানী যোগান প্ৰকল্প চাৰিটা ক্ৰমে পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্প, কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্প, পূৱ গুৱাহাটী পানী যোগান প্ৰকল্প আৰু উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্প ।

২০০৯-১০ চনত JNNURM আঁচনিৰ জৰিয়তে আৰম্ভ কৰা পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ২০১১-১২ চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছিল । কিন্তু চৰম অনিয়ম আৰু দুৰ্নীতিৰ বাবে প্ৰকল্পটোয়ে বৰ্তমানলৈ সম্পূৰ্ণ হোৱাৰ মুখ দেখা নাই । শেহতীয়াভাৱে প্ৰকল্পটোৰ ৫১.৫৫ কোটি টকাৰ পানীৰ পাইপ ধ্বংস হোৱাৰ তথ্য পোহৰলৈ আহিছে ।

প্ৰকল্পটো ৰূপায়ন কৰি থকা ‘‘Gammon engineers and contractors private limited’’ য়ে চৰকাৰৰ সংশ্লিষ্ট বিভাগক প্ৰকল্পটোৰ ৫১.৫৫ কোটি টকাৰ পানীৰ পাইপ ধ্বংস হোৱাৰ তথ্য সদৰি কৰিছে । ‘‘Gammon engineers and contractors private limited’’ মহা প্ৰবন্ধক এম কে বাৰ্মাই শেহতীয়াভাৱে চৰকাৰৰ সংশ্লিষ্ট বিভাগক প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰা মতে, পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ ৪৯.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপ ধ্বংস হৈছে ।

লোক নিৰ্মাণ বিভাগ আৰু টেলিকম বিভাগে এই পাইপবোৰ নষ্ট কৰা বুলি সদৰি কৰিছে । মহা প্ৰবন্ধক এম কে বাৰ্মাই শেহতীয়াভাৱে চৰকাৰৰ সংশ্লিষ্ট বিভাগক প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰা অনুসৰি, এই নষ্ট হোৱা পাইপবোৰ মেৰামতি কৰাৰ বাবে ৫১.৫৫ কোটি টকাৰ প্ৰয়োজন হ'ব । চৰম অনিশ্চয়তাৰে চলি থকা এই প্ৰকল্পটোৰ ৫১.৫৫ কোটি টকাৰ পানীৰ পাইপ ধ্বংস হোৱাত এতিয়া প্ৰকল্পটো সম্পূৰ্ণ হোৱাত গভীৰ অনিশ্চয়তাই দেখা দিছে ।

উল্লেখ্য যে, গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে মহানগৰবাসীয়ে পাবনে বিশুদ্ধ খোৱাপানী নে ? সেয়া সময়েহে নিৰ্ধাৰণ কৰিব ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাচতে আৰম্ভ হ'ল নাম সলনি কৰাৰ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.