ETV Bharat / state

৪৮ ঘণ্টাৰ ভিতৰত আঙুৰলতা ডেকাক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ আহ্বান প্ৰদেশ কংগ্ৰেছৰ

author img

By

Published : Sep 19, 2021, 6:30 PM IST

Updated : Sep 19, 2021, 6:46 PM IST

প্ৰদেশ কংগ্ৰেছে প্ৰাক্তন বিধায়িকা তথা বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাক ৪৮ ঘণ্টাৰ ভিতৰত দন্ত চিকিৎসক সমাজৰ লগতে অসমবাসীৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খোজাৰ বাবে দাবী জনালে । দন্ত চিকিৎসকক লৈ কৰা অপত্তিজনক মন্তব্যৰ বাবে এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছে ।

৪৮ ঘণ্টাৰ ভিতৰত আঙুৰলতা ডেকাই ৰাজহুৱাভাৱে ক্ষমা খোজক: প্ৰদেশ কংগ্ৰেছ
৪৮ ঘণ্টাৰ ভিতৰত আঙুৰলতা ডেকাই ৰাজহুৱাভাৱে ক্ষমা খোজক: প্ৰদেশ কংগ্ৰেছ

গুৱাহাটী, ১৯ ছেপ্তেম্বৰ : ৰাজ্যত অব্যাহত আছে দন্ত চিকিৎসকক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক । দন্ত চিকিৎসকক লৈ কৰা অপত্তিজনক মন্তব্যৰ বাবে এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছে । প্ৰদেশ কংগ্ৰেছে প্ৰাক্তন বিধায়িকা তথা বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাক ৪৮ ঘণ্টাৰ ভিতৰত দন্ত চিকিৎসক সমাজৰ লগতে অসমবাসীৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খোজাৰ বাবে দাবী জনালে ।

৪৮ ঘণ্টাৰ ভিতৰত আঙুৰলতা ডেকাই ৰাজহুৱাভাৱে ক্ষমা খোজক: প্ৰদেশ কংগ্ৰেছ

দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তই আঙুৰলতা ডেকাৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ প্ৰশ্ন কৰি কয় যে, আঙুৰলতা ডেকা নিজে ভাল জানো ? কোনোবা এজন চিকিৎসকে বেয়া কাম কৰিলে বুলিয়েই সকলো চিকিৎসককে সামৰি লোৱাটো কেতিয়াও সমীচীন হ'ব নোৱাৰে বুলি সদৰি কৰি তেওঁ আঙুৰলতা ডেকাৰ বক্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

লগতে পঢ়কঃ আত্মহত্যা নে আন কিবা; কাজিৰঙাত বনকৰ্মীৰ মৃত্যুৱে সৃষ্টি কৰিছে ৰহস্যৰ

তেওঁ লগতে কয়, এটা বৃত্তিৰ এজনে কৰা বেয়া কামৰ বাবে সকলোকে দোষাৰোপ কৰাটো কোনো কাৰণতে মানি ল'ব নোৱাৰি । আঙুৰলতা ডেকাৰ লগত যদি তেনে ঘটনা সংঘটিত হৈছে নাইবা হৈছিল তাৰ বিৰুদ্ধে তেওঁ অভিযোগ দিয়ক । চৰকাৰ তেওঁলোকৰ নিজৰেই । উল্লেখযোগ্য যে, দন্ত চিকিৎসকক লৈ বিতৰ্কিত মন্তব্য কৰা ঘটনা সন্দৰ্ভত ইতিমধ্যে প্ৰাক্তন বিধায়িকা তথা বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ ।

আঙুৰলতা ডেকাৰ বিৰুদ্ধে শিলচৰ থানাত এজাহাৰ দাখিল কৰা হৈছে । ভাৰতীয় দন্ত সংস্থাৰ কাছাৰ শাখাৰ সভাপতি প্ৰদীপ কুমাৰ দাসে দাখিল কৰিছে এজাহাৰ । তিনদিন পূৰ্বে আঙুৰলতা ডেকাই সংবাদ মেল সম্বোধন কৰি দন্ত চিকিৎসকে মহিলা ৰোগী সকলক স্বাস্থ্য পৰীক্ষাৰ নামত আপত্তিজনক স্থানত স্পৰ্শ কৰি শ্লীলতা হানি কৰা বুলি অভিযোগ উত্থাপন কৰিছিল । এই অভিযোগৰ পাছতে আঙুৰলতা ডেকাৰ বিৰুদ্ধে সৰৱ হৈ পৰে দন্ত চিকিৎসক সমাজৰ লগতে বিভিন্ন দল-সংগঠন ।

লগতে পঢ়কঃ শেৱালিৰ সুবাস, কঁহুৱাৰ শুকুলা হাঁহি আঁৰি সংগোপনে আহিছে শৰৎ

Last Updated :Sep 19, 2021, 6:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.