ETV Bharat / state

GMC Scam : গ্ৰেপ্তাৰ হোৱা বিষয়াক লগত লৈ ঘৰে ঘৰে অভিযান CM Vigilance-ৰ

author img

By

Published : Oct 22, 2022, 8:19 PM IST

gmc
gmc

গুৱাহাটী পৌৰ নিগমৰ বোকা নিষ্কাশন কেলেংকাৰী (GMC fooling disposal scam) । গ্ৰেপ্তাৰ হোৱা বিষয়াক লগত লৈ ঘৰে ঘৰে অভিযান CM Vigilance-ৰ ।

গুৱাহাটী, ২২ অক্টোবৰ : গুৱাহাটী পৌৰ নিগমৰ বোকা নিষ্কাশন কেলেংকাৰীত (GMC fooling disposal scam) সাঙোৰ খাই গ্ৰেপ্তাৰ হোৱা বিষয়াক লগত লৈ ঘৰে ঘৰে অভিযান CM Vigilance-ৰ । CM ভিজিলেন্সৰ পৃথক পৃথক তিনিটা দলে মহানগৰীৰ চাৰি স্থানত শনিবাৰে অভিযান চলায় । স্বচ্ছতা বিষয়া আছিফ আহমেদৰ ছয়মাইলস্থিত ঘৰত CM ভিজিলেন্সৰ দলে অভিযান চলায় (CM vigilance raid at GMC officials residence) ।

আছিফ আহমেদৰ ঘৰত অভিযান চলাই চি এম ভিজিলেন্সে জব্দ কৰে দুটাকৈ আই টি ৰিটাৰ্ণ ফাইল । লগতে GMC-ৰ বহু তথ্য সম্বলিত অন্য এটা ফাইলো জব্দ কৰে । আনহাতে, পাঞ্জাবাৰীৰ এলেন বেগমৰ মঞ্জুশ্ৰী এপাৰ্টমেণ্টতো অভিযান চলাই জিএমচিৰ নথি-পত্ৰ জব্দ কৰে । লগতে বেলতলাৰ নতুন বজাৰস্থিত চিনছান গ্লোবেল ভেন্সাৰ প্ৰাইভেট লিমিটেডৰ কাৰ্যালয়ত অভিযান চলাই গাড়ীৰ নথি-পত্ৰ জব্দ কৰাৰ লগতে ডিনছান গ্লোবেল ভেন্সাৰ প্ৰাইভেটৰ সঞ্চালক দীনেশ জয়ছোৱাল ঘৰতো অভিযান চলায় ।

উল্লেখ্য, গুৱাহাটী পৌৰ নিগমৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট (CA) অভিমন্যু মেধি, মুখ্য অভিযন্তা তছদিকুৰ ৰহমান আৰু কাৰ্যবাহী অভিযন্তা সীমান্তজ্যোতি বৰুৱা আৰু ঠিকাদাৰ মিঠু আগৰৱালা এইমুহূৰ্তলৈকে পলাতক অৱস্থাত আছে । আনহাতে, জিএমচিৰ বোকা কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া তথা জিএমচিৰ OSD বাবুলাল শৰ্মাক জিএমচিৰ OSD পদৰ পৰা অপসাৰণ কৰা হয় ।

উল্লেখ্য যে চলিত বৰ্ষত বোকা আঁতৰোৱা কামৰ ভুৱা বিল দি প্ৰায় ২ কোটি ২১ লাখ ৬৪ হাজাৰ ৭০০ টকা উলিয়াই নিছিল চক্ৰটোৱে । বোকা আঁতৰোৱা কামৰ দাখিল কৰা নথি-পত্ৰ চাই পৌৰ নিগমৰ তদানীন্তন আয়ুক্ত দেৱাশিস শৰ্মাৰ সন্দেহ ওপজাত লগে লগে তেওঁ ২ কোটি ২১ লাখ ৬৪ হাজাৰ ৭০০ টকাৰ কাম-কাজৰ তদন্ত কৰিবলৈ পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীক নিৰ্দেশ দিয়ে (GMC 20 crores scam) ।

এই নিৰ্দেশৰ ভিত্তিতে পংকজ চক্ৰৱৰ্তীয়ে তদন্ত আৰম্ভ কৰে । যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ তদন্ত প্ৰতিবেদনত পোহৰলৈ আহে ভুৱা বিল দাখিল কৰি গুৱাহাটী পৌৰ নিগমৰ বিষয়াকেইজনে কোটি কোটি টকা লুটিছিল । পৰৱৰ্তী সময়ত পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাই গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ তদন্ত প্ৰতিবেদনৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত এজাহাৰ দিয়ে ।

উক্ত এজাহাৰৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৪/২০২২ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখাৰ পিছতে শুকুৰবাৰে জিএমচিৰ বিষয়াসহ ৮ জন লোকক গ্ৰেপ্তাৰ কৰা হয় (CM Vigilance arrested 8 persons in GMC scam) ।

লগতে পঢ়ক : Rozgar Mela at Maligaon : মালিগাঁৱতগাঁ ৰোজগাৰ মেলাত সৰ্বা নৰ্বা ন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.