ETV Bharat / state

Rozgar Mela at Maligaon : মালিগাঁৱত ৰোজগাৰ মেলাত সৰ্বানন্দ সোণোৱাল

author img

By

Published : Oct 22, 2022, 7:47 PM IST

কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত ১০ লাখ খালী পদ পূৰণৰ বাবে মুকলি হৈছে ৰোজগাৰ মেলা (Rozgar Mela)৷ ৰোজগাৰ মেলাৰ অংশ হিচাবে মালিগাঁৱৰ ৰং ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত শনিবাৰে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

Rozgar Mela at Maligaon
মালিগাঁৱত ৰোজগাৰ মেলাত সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, 22 অক্টোবৰ : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ৰে’ল বিভাগৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত ১০ লাখ খালী পদ পূৰণ কৰাৰ বাবে মুকলি কৰা ৰোজগাৰ মেলাৰ অংশ হিচাবে গুৱাহাটীৰ মালিগাঁৱৰ ৰং ভৱনত এক অনুষ্ঠান অনুষ্ঠিত হয় (Rozgar Mela at Maligaon)।

উত্তৰ-পূৱ সীমান্ত ৰেলৱে’ৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ কুইন ওজা, বি জে পিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু উত্তৰ-পূৱ সীমান্ত ৰেলৱে’ৰ মহাপ্ৰৱন্ধক আনছাল গুপ্তা আদি উপস্থিত আছিল । অনুষ্ঠানটোত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশ আগুৱাই গৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ নিবনুৱা সমস্যা সমাধানৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে । তাৰ অংশ হিচাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ৰেলেৱে’ বিভাগৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত ১০ লাখ খালী পদ পূৰণ কৰাৰ বাবে ৰোজগাৰ মেলাৰ মুকলি কৰিছে (Recruitment drive for 10 lakh jobs)।

মালিগাঁৱত ৰোজগাৰ মেলাত সৰ্বানন্দ সোণোৱাল

প্ৰথম পৰ্যায়ত ৰোজগাৰ মেলাৰ জৰিয়তে ৰেলেৱে বিভাগৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত ৭৫ হাজাৰ খালী পদ পূৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে । অহা এবছৰৰ ভিতৰত ৰোজগাৰ মেলাৰ জৰিয়তে ৰেলেৱে বিভাগৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত ১০ লাখ খালী পদ পূৰণ কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Union minister Sarbananda saonowal)।

লগতে তেওঁ কয় যে, নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অৰ্থনীতিৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ পঞ্চম স্থান পাইছে । কোভিডৰ জটিল সময়ত নৰেন্দ্ৰ মোদীয়ে শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল । যাৰ সুফল আজি আমি পাই আছো । অহা ২৫ বছৰৰ ভিতৰত ভাৰত বিশ্বৰ এখন আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ়ি উঠিব’’ ।

তেওঁ কয় যে, বি জে পি চৰকাৰৰ শাসনত সকলো চৰকাৰী আঁচনিৰ দ্বাৰা সকলো মানুহ উপকৃত হৈছে । নৰেন্দ্ৰ মোডীৰ বলিষ্ঠ নেতৃত্বই ভাৰতক ভৱিষ্যতে অধিক আগুৱাই নিব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে লিপষ্টিক লগাই হৰ্ডিং লগাইছে, নবৌহঁতৰ লিপষ্টিক কিনিবলৈ পইচা নাই : ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.