ETV Bharat / state

Assam Arunachal Border Issue : সীমাবিবাদ সন্দৰ্ভত পুনৰ মুখ্যমন্ত্রী পৰ্যায়ৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Mar 31, 2023, 10:23 AM IST

Assam Arunachal border conflict
Assam Arunachal border conflict

অসম-অৰুণাচল সীমাবিবাদ সমাধানৰ বাবে কইনাধৰাত মুখ্যমন্ত্ৰী পৰ্যায়ৰ গুৰুত্বপূৰ্ণ বৈঠক (meeting on Assam Arunachal border dispute) । বৃহস্পতিবাৰৰ নিশাৰ বৈঠকত অংশগ্ৰহণ কৰে অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীদ্বয়ে । লগতে উপস্থিত থাকে দুয়ো ৰাজ্যৰ কেবিনেট পৰ্যায়ৰ কেইবাগৰাকীও মন্ত্ৰী আৰু আমোলা । বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

গুৱাহাটী,৩১ মাৰ্চ : চুবুৰীয়া ৰাজ্যৰে থকা সীমাবিবাদৰ সমস্যা সমাধানৰ বাবে অসম চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে (Assam border disputes with neighbouring states) । ইতিমধ্যে মেঘালয়ৰে থকা ছটা বিবদমান এলেকাৰ বিবাদ মীমাংসা কৰা হৈছে আৰু বাকী থকা ছটা বিবাদৰ বাবে আলোচনা চলি আছে । সেইদৰে অৰুণাচল প্ৰদেশৰে থকা বিবাদ মীমাংসাৰ বাবে পৰ্যায়ক্ৰমে আলোচনা অব্যাহত ৰাখিছে দুয়োখন ৰাজ্যৰ চৰকাৰে (meeting on Assam Arunachal border dispute) ।

ইয়াৰ অংশস্বৰূপে বৃহস্পতিবাৰে গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী পৰ্যায়ৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । নিশাৰ ভাগত কইনাধৰাৰ ১নং অসম ৰাজ্যিক অতিথিশালাৰ সভাকক্ষত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৰ মাজত দুয়োখন ৰাজ্যৰ সীমাবিবাদ সন্দৰ্ভত বিশদ আলোচনা অনুষ্ঠিত হয় (Himanta Biswa meeting with Pema Khandu on Border issue) । বৈঠকত দুয়োখন ৰাজ্যৰ কেবিনেট মন্ত্রীৰ নেতৃত্বত গঠন কৰা আঞ্চলিক কমিটিসমূহৰ ক্ষেত্রভিত্তিক অধ্যয়ন সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় ।

বৈঠকত উপস্থিত দুয়ো ৰাজ্যৰ কেবিনেট মন্ত্ৰী
বৈঠকত উপস্থিত দুয়ো ৰাজ্যৰ কেবিনেট মন্ত্ৰী

অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডু আৰু অসমৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্বৰ নেতৃত্বত দুয়োপক্ষৰ মাজত সৌহার্দ্যপূর্ণভাৱে সমাপ্ত হোৱা আলোচনাত পূর্বৰ বৈঠকসমূহত দুয়োপক্ষই সন্মত হোৱা বিষয়মর্মে ৰাজ্য দুখনৰ মাজৰ সীমাবিবাদৰ মীমাংসা কৰাৰ সিদ্ধান্ত লোৱা হয় । সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্রী ডাঃ ৰণোজ পেগু, অতুল বৰা, পীযুষ হাজৰীকা, বিমল বৰা, সঞ্জয় কিষাণ আৰু জয়ন্ত মল্ল বৰুৱা, অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা আৰু দুয়োখন ৰাজ্যৰ কেইবাগৰাকীও জ্যেষ্ঠ চৰকাৰী বিষয়া উপস্থিত থাকে । উল্লেখ্য যে ইয়াৰ পূৰ্বে ২৪ মাৰ্চত গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দুয়োখন ৰাজ্যৰ মন্ত্রী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল ।

অসম-অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ সীমাবিবাদ সম্পৰ্কত গুৰুত্বপূৰ্ণ বৈঠক
অসম-অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ সীমাবিবাদ সম্পৰ্কত গুৰুত্বপূৰ্ণ বৈঠক

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই অৰুণাচল প্ৰদেশৰ মন্ত্ৰী মামা নাটুঙৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল । ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যা সমাধানৰ উদ্দেশ্যে গঠিত আঞ্চলিক সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠকত দুয়োখন ৰাজ্যৰ মন্ত্রী দুজনে অংশগ্ৰহণ কৰিছিল । উল্লেখ্য যে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত মন্ত্ৰী দুগৰাকীৰ নেতৃত্বত দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিৰ সদস্যসকলে অসমৰ বিশ্বনাথ আৰু অৰুণাচলৰ পাকে কিচাং জিলাৰ মাজৰ বিবদমান ৪ খন গাঁও পৰিভ্ৰমণ কৰাৰ পাচত গুৱাহাটীত অক্টোবৰ মাহত এখন বৈঠকত মিলিত হৈছিল ।

সেই অনুসৰি, ২৪ মাৰ্চত পুনৰ এখন বৈঠকত মিলিত হৈ সমিতিখনে প্ৰস্তুত কৰা চূড়ান্ত প্ৰতিবেদনৰ ওপৰত আলোচনা কৰে । বিগত বৰ্ষত নামচাইত অনুষ্ঠিত ৰাজ্য দুখনৰ মাজৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি সীমাবিবাদ সমাধানৰ বাবে গঠিত আঞ্চলিক সমিতিখনে বিবদমান বালিচ’, দিপিক, পাচ’ আৰু দিকালমুখ গাঁওকেইখন পৰিভ্ৰমণৰ সময়ত স্থানীয় ব্যক্তিসকলৰ সৈতে হোৱা বাৰ্তালাপ আৰু তেওঁলোকৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত গুৰুত্ব দি প্ৰতিবেদন চূড়ান্ত কৰিছে । দুয়োখন ৰাজ্যৰ মন্ত্ৰী দুগৰাকী আৰু সমিতিৰ আন সদস্যসকলে অঞ্চলটোত সীমাবিবাদৰ সমাধান সূত্ৰৰ বাবে এই প্ৰতিবেদনখন গ্ৰহণ আৰু চূড়ান্ত কৰে ।

ইয়াৰ লগে লগে নামচাই চুক্তি (Namsai agreement on Assam Arunachal border issue) অনুসৰি আঞ্চলিক সমিতিখনৰ ওপৰত ন্যস্ত কৰা সীমা সমস্যা সমাধানত সমিতিখনে পৰস্পৰ বুজাবুজিৰেই সফলতা লাভ কৰা বুলি মন্ত্ৰী হাজৰিকাই বৈঠকত মন্তব্য কৰিছিল । উল্লেখ্য যে ইতিমধ্যে চূড়ান্ত কৰা প্ৰতিবেদনত বালিচ’, দিপিক আৰু দিকালমুখ আৰু পাচ’ গাঁৱৰ স্থানীয় বাসিন্দাসকলৰ মতামত আৰু মন্ত্ৰী পৰ্যায়ৰ চৰজমিন তদন্তৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই সাজু কৰা হৈছিল ।

লক্ষণীয় বিষয় যে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে দুয়োখন ৰাজ্যৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে তৎপৰ হৈ বিগত বৰ্ষত নামচাইত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছিল । ইয়াতে ৰাজ্য দুখনৰ মাজত সীমা সমস্যা সমাধানৰ বাবে কেইবাখনো আঞ্চলিক সমিতি গঠন কৰি দিয়া হৈছিল ।

আনহাতে, বিগত বৰ্ষত মন্ত্ৰী পীযুষ হাজৰীকাই বিবদমান গাঁওকেইখন ভ্ৰমণ কৰাৰ সময়ত অসমৰ বিশ্বনাথ অঞ্চল আৰু অৰুণাচলৰ পাকে কিচাং জিলাৰ ৪ খন বিবদমান গাঁও ক্ৰমে দিকালমুখ, দিপিক, বালিচ’ আৰু পাচ’ৰ ভিতৰত প্ৰথম ৩ খন গাঁৱৰ সকলো বাসিন্দাই অৰুণাচল প্ৰদেশৰ লগত থকাৰ ইচ্ছা প্ৰকাশ কৰাৰ বিপৰীতে পাচ’ৰ অৰ্ধেক মানুহে অসমৰ লগত থকাৰ ইচ্ছা প্ৰকাশ কৰিছিল । মুখ্যমন্ত্রী পৰ্যায়ত বৃহস্পতিবাৰে নিশা অনুষ্ঠিত হোৱা বৈঠকে অসম আৰু অৰুণাচলৰ মাজত থকা সীমাবিবাদ শীঘ্ৰে সমাধা কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :Encroachment in Patkai Hill: দুষ্কৃতিকাৰীয়ে জ্বলালে পাটকাই পাহাৰৰ বনাঞ্চল, আটাছুৰ সভাপতিৰ ঘটনাস্থলী পৰিদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.