ETV Bharat / state

Encroachment in Patkai Hill: দুষ্কৃতিকাৰীয়ে জ্বলালে পাটকাই পাহাৰৰ বনাঞ্চল, আটাছুৰ সভাপতিৰ ঘটনাস্থলী পৰিদৰ্শন

author img

By

Published : Mar 31, 2023, 9:52 AM IST

লিডুৰ টিকক পাহাৰত দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে পাটকাই পাহাৰৰ বনাঞ্চল (Miscreants set fire at patkai hill forest) । ঘটনাস্থলী পৰিদৰ্শন সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোঁহাইৰ ৷ মহকুমা প্ৰশাসনক উচিত ব্যৱস্থা গ্ৰহণৰ দাবী ।

Patkai eviction
Patkai eviction

দুষ্কৃতিকাৰীয়ে জ্বলালে পাটকাই পাহাৰৰ বনাঞ্চল

তিনিচুকীয়া, ৩১ মাৰ্চ : এইবাৰ অসমৰ বনাঞ্চলসমূহত শেনচকু পৰিছে আগ্ৰাসনকাৰীৰ (encroachment in Assam forests) । তাৰ প্ৰমাণ হৈছে পাটকাই পাহাৰ । একাংশ আগ্ৰাসনকাৰী বাবে অস্তিত্বৰ সংকটত পৰিছে ঐতিহাসিক পাটকাই পাহাৰ (encroachment in patkai hill) । এক কথাত ক'বলৈ হ'লে বনদস্যুৰ কোপদৃষ্টি পৰিছে পাটকাই পাহাৰৰ বনাঞ্চলত । এই বনদস্যুৱে এফালৰ পৰা কাটি তহিলং কৰি জ্বলাই দিছে পাহাৰৰ মূল্যৱান গছ-গছনি । ইয়াৰ পিছতো কিন্তু নীৰৱ-নিৰ্বিকাৰ হৈ আছে ৰাজ্যৰ বন বিভাগ ।

আনহাতে, ঐতিহাসিক পাটকাই পাহাৰৰ বুকুত বনদস্যুৰ আগ্ৰাসনৰ বিৰূদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যখনৰ বিভিন্ন জাতীয় তথা জনগোষ্ঠীয় দল-সংগঠন (Miscreants set fire at patkai hill forest) । বৃহস্পতিবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মিলন বুঢ়াগোঁহাইৰ নেতৃত্বত এটা সঁজাতী দলে দুষ্কৃতিকাৰীয়ে জ্বলাই তহিলং কৰা পাটকাই পাহাৰ পৰিদৰ্শন কৰে (AATASU president visited patkai hill) । এই পৰিদৰ্শনকালত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়া আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ বিষয়ববীয়াই তেওঁক সহযোগিতা আগবঢ়ায় ।

উক্ত পৰিভ্ৰমণকালতেই সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মিলন বুঢ়াগোঁহায়ে মৌন বন বিভাগ তথা স্থানীয় প্ৰশাসনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে । লগতে সদৌ টাই আহোম ছাত্ৰ সন্থাই ঐতিহাসিক পাটকাই পাহাৰত হোৱা আগ্ৰাসন কোনো কাৰণতে মানি লোৱা নহ’ব বুলি হুংকাৰ প্ৰদান কৰে । ইয়াৰ পিছতেই প্ৰতিনিধি দলটোৱে মাৰ্ঘেৰিটা মহকুমাধিপতি প্ৰীতি কুমাৰীক সাক্ষাৎ কৰি উক্ত ঘটনা সন্দৰ্ভত অৱগত কৰে ।

অন্যহাতে কিছুদিন পূৰ্বে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে লিডু-মাৰ্ঘেৰিটাত চলি থকা অবৈধ চোৰাং কয়লা বেহাৰ বিৰুদ্ধে যিদৰে হুংকাৰ প্ৰদান কৰিছিল, পৰৱৰ্তী সময়ত সকলো ফুটকাৰ ফেন হোৱা বুলিও চৰ্চা চলিছে । কেৱল মাত্ৰ ধোৰাসাপৰ দৰে ফোচ-ফোঁচনি তোলাৰো অভিযোগ উত্থাপন হৈছে । উল্লেখ্য, বৃহস্পতিবাৰে মুহকুমাধিপতিক সাক্ষ্যতৰ পাছত এই বিষয়ত মহকুমা প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে তথা টাই আহোম ছাত্ৰ সন্থাই অনাগত সময়ত কেনেধৰণৰ পদক্ষেপ লয় সেয়া অতি লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Women Worker Injured: কৰ্তব্যৰত অৱস্থাত কলঘৰৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.