ETV Bharat / state

Women Worker Injured: কৰ্তব্যৰত অৱস্থাত কলঘৰৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা শ্ৰমিক

author img

By

Published : Mar 30, 2023, 10:17 PM IST

Updated : Mar 31, 2023, 7:49 AM IST

terrible-accident-at-sarujoni-tea-estate-of-tingkhong
কৰ্তব্যৰত অৱস্থাত কলঘৰৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা শ্ৰমিক

টিংখাঙৰ সৰুজনী চাহ বাগিচাত অঘটন(Terrible accident at sarujoni tea estate) ৷ বাগিচাৰ কলঘৰত কৰ্মৰত অৱস্থাত কলঘৰৰ ২০ ফুট ওপৰৰ ট্ৰাপৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মহিলা শ্ৰমিক (Women Worker accident)৷

কৰ্তব্যৰত অৱস্থাত কলঘৰৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা শ্ৰমিক

মৰাণ, 30 মাৰ্চ: ৰাজ্যৰ চাহ বাগিচাসমূহত সঘনাই শ্ৰমিক দুৰ্ঘটনাত পতিত হোৱা ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে ৷ মইনা নায়কৰ মৰ্মান্তিক দুৰ্ঘটনাটোৰ কথা হয়তো সকলোৰে মনত আছে ৷ দীৰ্ঘ সময় চিকিৎসাধীন হৈ থকাৰ পাচত মইনা এতিয়া কিছু সুস্থ হৈছে ৷ কিন্তু এইবাৰ টিংখাঙৰ সৰুজনী চাহ বাগিচাত দুৰ্ঘটনাৰ বলি হ’ল আন এগৰাকী মহিলা শ্ৰমিক (Terrible accident at sarujoni tea estate) ৷ বাগিচাৰ কলঘৰত কৰ্মৰত অৱস্থাত এগৰাকী মহিলা শ্ৰমিক কলঘৰৰ ওপৰৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় (Women Worker accident)।

মহিলা শ্ৰমিকগৰাকীৰ নাম লক্ষী মূড়া(৩৫) বুলি জানিব পৰা গৈছে । কলঘৰৰ ২০ ফুট ওপৰৰ ট্ৰাপৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মহিলা শ্ৰমিকগৰাকী ৷ সম্প্ৰতি মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে ।

এই সমগ্ৰ ঘটনাক লৈ চাহ বাগিচাখনত চেঁপা উত্তেজনাই বিৰাজ কৰিছে । ঘটনাৰ পাচতে কেইবাশতাধিক শ্ৰমিকে বাগিচাৰ কলঘৰৰ সন্মুখত মহিলা শ্ৰমিকগৰাকীক উন্নত চিকিৎসা কৰাৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

উল্লেখ্য যে, সততে চাহ বাগিচা কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হৈ অহাটো এতিয়া যেন সাধাৰণ কথাৰ দৰে হৈ পৰিছে ৷ ৰাজ্য চৰকাৰে ৰাজ্যৰ চাহ বাগিচা তথা চাহ শ্ৰমিকসমূহৰ উন্নয়ৰ বাবে আঁচনি ঘোষণা কৰেহে কৰে কিন্তু আজি পৰ্যন্ত নিজ প্ৰাপ্য বিচাৰি চাহ শ্ৰমিকসকলে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷

মইনা নায়ক, চুইটু পাহাৰীয়াৰ কাণ্ডই সমগ্ৰ ৰাজ্য কঁপোৱাৰ পিচতো এতিয়াও যেন গা লৰা নাই চাহ বাগান কৰ্তৃপক্ষৰ ৷ এতিয়াও চাহ বাগান কৰ্তৃপক্ষসমূহে শ্ৰমিকসকলৰ নিৰাপত্তাৰ কাৰণে কোনোধৰণৰ সতৰ্কতা অৱলম্বন নকৰাৰ বাবেই এনে ঘটনা সংঘটিত হৈ অহা পৰিলক্ষিত হৈছে ৷

স্মৰ্তব্য যে টিংখাঙত ঔফুলীয়া চাহ বাগিচাত যোৱা 17 ডিচেম্বৰত কলঘৰৰ চালত কাঠৰ কাম কৰি থাকোতে ওপৰৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল চুইটু পাহাৰীয়া নামৰ এজন উপ-কৰ্মচাৰী (Tea worker accident in Ouphulia Tea Estate) । লগে লগে লোকজনক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পিচত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল ।

অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছিল চুইটুৰ(Worker died in Ouphulia Tea Estate) । চুইটু পাহাৰীয়াৰ মৃত্যুৰ ঘটনা পোহৰলৈ অহাৰ লগে লগেই ঔফুলীয়া চাহ বাগিচাৰ লগতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল(Grim atmosphere at Ouphulia Tea Estate) ।

লগতে পঢ়ক: Paratha factory : পৰঠা ফেক্টৰীৰে আদৰ্শ হৈ পৰিছে বিশ্বনাথৰ দিগন্ত

Last Updated :Mar 31, 2023, 7:49 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.